ETV Bharat / state

Delhi CM criticized PM Modi; দেশক শিক্ষিত প্ৰধানমন্ত্ৰীৰ প্ৰয়োজন আছে; অৰবিন্দ কেজৰিৱাল

author img

By

Published : Apr 2, 2023, 8:44 PM IST

Delhi CM criticized PM Modi
প্ৰধানমন্ত্ৰীৰ শিক্ষাগত অৰ্হতাক লৈ কটু সমালোচনা দিল্লী মুখ্যমন্ত্ৰীৰ

দিল্লী আৰু পঞ্জাৱৰ মুখ্যমন্ত্ৰী ক্ৰমে অৰবিন্দ কেজৰিৱাল আৰু ভগৱন্ত সিং মান দেওবাৰে অসমত উপস্থিত হয় (Delhi CM and Punjab CM in Guwahati) । দুয়ো ৰাজ্যৰ মুখ্যমন্ত্ৰীকেইগৰাকীয়ে অসমত উপস্থিত হৈ প্ৰধানমন্ত্ৰীৰ শিক্ষাগত অৰ্হতাক লৈ কটু সমালোচনা কৰে (Delhi CM criticized PM Modi) ৷

গুৱাহাটী, ২ এপ্ৰিল : পুনৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ শিক্ষাগত অৰ্হতাকলৈ সৰৱ হ’ল দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল (Delhi CM criticized PM Modi)। সুবিধা পালেই প্ৰধানমন্ত্ৰী মোডীক সমালোচনা কৰিবলৈ অলপো সংকোচ নকৰা কেজৰিৱালে অসমৰ ভূমিতো মোডীক আক্ৰমণৰ লক্ষ্য কৰি ল’লে । দেওবাৰে অসমত উপস্থিত হয় দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত সিং মান (Delhi CM and Punjab CM in Guwahati) ।

গুৱাহাটীৰ সোণাৰাম খেলপথাৰত বিশাল জনসভা সম্বোধন কৰি কেজৰিৱালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীকো কটাক্ষ কৰে । তেওঁ কয়, ‘‘আমাৰ দেশ মহান আৰু ভাৰতৰ দৰে মহান দেশৰ প্ৰধানমন্ত্ৰী শিক্ষিত হ’ব লাগে ৷ একবিংশ শতিকাৰ যুৱ সমাজে বিজ্ঞান-প্ৰযুক্তিত বিশ্বাস ৰাখে, সংস্থাপন বিচাৰে, ভাৰতৰ উন্নয়ন বিচাৰে । তাৰ বাবে শিক্ষিত লোকৰ প্ৰয়োজন । কম পঢ়া আৰু অশিক্ষিত লোকে ভাৰতৰ উন্নতি কৰিব নোৱাৰে’’ (Delhi CM on PM Modi educational qualification) ।

তেওঁ লগতে কয়, ‘‘ভাৰতবৰ্ষ এখন দৰিদ্ৰ দেশ আৰু কম পঢ়া-লিখা আৰু নিৰক্ষৰতা অপৰাধ নহয় । দৰিদ্ৰতাৰ বাবে বহু লোক শিক্ষাৰ পৰা বঞ্চিত হৈ আহিছে । কিন্তু প্ৰধানমন্ত্ৰীজন শিক্ষিত হ’ব লাগে । প্ৰধানমন্ত্ৰী শিক্ষিত নহ’লে দেশৰ বাবে বিপদজনক’’ ।

বিমুদ্ৰাকৰণৰ প্ৰসংগ উত্থাপন কৰি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কয়, ‘‘প্ৰধানমন্ত্ৰীয়ে বিমুদ্ৰাকৰণ কৰিলে । বিমুদ্ৰাকৰণৰ ফলত দেশত জনতাৰ হাহাকাৰ লাগিল । বহু লোক সংস্থাপনহীন হৈ পৰিল ৷ বহুতৰ ব্যৱসায় বন্ধ হৈ গ’ল আৰু বহু লোক মৃত্যুমুখতো পৰিল । বিমুদ্ৰাকৰণৰ বাবে দেশৰ অৰ্থ ব্যৱস্থা দহ বছৰ পিছুৱাই গ’ল । কোনোবাই প্ৰধানমন্ত্ৰীক বুৰ্বক সজাই দিলে । বিমুদ্ৰাকৰণৰ ফলত দেশত ভ্ৰষ্টাচাৰ শেষ নহ’ল আৰু সন্ত্ৰাসবাদো নিৰ্মূল নহ’ল’’ ।

দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, ‘‘প্ৰধানমন্ত্ৰী শিক্ষিত হোৱা হ’লে বিমুদ্ৰাকৰণ নকৰিলেহেতেন । শিক্ষিত হোৱা হ’লে কৃষকৰ বাবে কলা আইন নালিলহেতেন । দেশক শিক্ষিত প্ৰধানমন্ত্ৰীৰ প্ৰয়োজন আছে’’ । ভোট দিলে সেয়ে তেওঁ শিক্ষিতক দিবলৈ আহ্বান জনায় । তেওঁ আৰু কয় যে চাকৰিৰ মেনেজাৰ পদৰ বাবে যদি ডিগ্ৰীৰ প্ৰয়োজন হয়, তেন্তে দেশৰ শীৰ্ষ মেনেজাৰজনৰ বাবেও ডিগ্ৰীৰ প্ৰয়োজন আছে ।

লগতে পঢ়ক : Kejriwal in Guwahati: হিমন্ত বিশ্ব শৰ্মাক দিল্লীলৈ আমন্ত্ৰণ কেজৰিৱালৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.