ETV Bharat / state

Useless B R Ambedkar Bhawan: অৰ্ধকোটি টকাৰে নিৰ্মাণ কৰা চৰকাৰী গৃহ পৰিণত ভূত বাংলালৈ

author img

By

Published : Feb 12, 2023, 1:07 PM IST

আজিকোপতি মুকলি কৰা নহ'ল লখিমপুৰ নগৰৰ গাতে লাগি থকা সনাতন গাঁৱত ২০১৬ -১৭ বৰ্ষতে নিৰ্মাণ সম্পূর্ণ কৰা বি আৰ আম্বেদকাৰ ভৱনটো(Useless B R Ambedkar Bhawan in Lakhimpur) । অনুসূচীত জাতিৰ ছাত্ৰসকলৰ ছাত্ৰাবাস হিচাপে নিৰ্মাণ কৰা গৃহটোৰ নিৰ্মাণ সম্পূর্ণ কৰাৰ পাছতো ভৱনটো এনেদৰে পেলাই ৰখাত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ।

Useless B R Ambedkar Bhawan in Lakhimpur
অৰ্ধকোটি টকাৰে নিৰ্মাণ কৰা চৰকাৰী গৃহ পৰিণত ভূত বাংলাললৈ

অৰ্ধকোটি টকাৰে নিৰ্মাণ কৰা চৰকাৰী গৃহ পৰিণত ভূত বাংলাললৈ

লখিমপুৰ ১২ ফেব্ৰুৱাৰী: আজিও মুকলি নহ’ল লখিমপুৰত নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰা বি আৰ আম্বেদকাৰ ভৱন । লখিমপুৰ নগৰ এলেকাৰ সনাতন গাঁৱত ২০১৬-২০১৭ বৰ্ষতে নিৰ্মাণ কৰা ড৹ বি আৰ আম্বেদকাৰ ভৱনটো আজিও মুকলি কৰি নিদিয়াত ভিন্ন মহলত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ(Building not opened even after construction) । অসম অনুসূচীত জাতিৰ কল্যাণ সঞ্চালকালয়ৰ উন্নয়ন পুঁজিৰে নিৰ্মিত এই ভৱনটোৰ নিৰ্মাণ সম্পূর্ণ হোৱাৰ পাছতো মুকলি কৰি নিদিয়াত এতিয়া ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে(Useless B R Ambedkar Bhawan in Lakhimpur) ।

জানিব পৰা মতে অৰ্ধকোটিৰো অধিক টকা ব্যয়ৰে নিৰ্মাণ কৰা এই ভৱনটো অনুসূচীত জাতিৰ ছাত্রৰ হোষ্টেল(Scheduled Caste Student Hostel ) হিচাপে ব্যৱহাৰ কৰাৰ আঁচনি আছিল । পিছে সেই উদ্দেশ্যেৰে ভৱনটো আজিও মুকলি কৰি ব্যৱহাৰ কৰা নহ'ল । এই লৈ ক্ষোভ প্রকাশ কৰিছে অনুসূচীত জাতি ছাত্র সন্থাই । সন্থাৰ লখিমপুৰ জিলা সমিতিৰ সম্পাদক পাৰ্থ দাসে এই সংক্ৰান্তত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে ২০১৬-২০১৭ চনৰ পৰা আশ্চর্যজনকভাৱে এই ভৱনটো মুকলি নকৰাকৈ পেলাই থৈছে ।

লগতে পঢ়ক: Illegal sand mining in Sivasagar : বন বিভাগক মেনেজ কৰি শিৱসাগৰৰ জাঁজী নদীত চলিছে অবাধ খনন

গুদাম সদৃশ ভৱনটোত মাজে সময়ে কেতবোৰ বস্তু জমা ৰখা হৈছে । হোষ্টেল হিচাপে ব্যৱহাৰৰ আঁচনি লৈ নিৰ্মাণ সম্পূর্ণ কৰা ভৱনটো সেই উদ্দেশ্যত ব্যৱহাৰ নকৰি গুদামত পৰিণত কৰা হৈছে । এই সন্দৰ্ভত বিগত সময়ত জিলা প্ৰশাসনকে ধৰি বিভিন্ন স্তৰত আপত্তি জনোৱা হৈছিল যদিও কোনেও ভৱনটো মুকলি কৰি হোষ্টেল হিচাপে ব্যৱহাৰ কৰাৰ ব্যৱস্থা গ্ৰহণ নকৰিলে । যাৰ পৰিপ্ৰেক্ষিতত ভৱনটোৰ চৌহদত হাবি-বননি গজি পৰিণত হৈছে এটা ভূত বাংলালৈ ।

ভৱনটো মুকলি কৰি অনুসূচীত জাতিৰ ছাত্র সমাজক উপকৃত কৰিবলৈ আহ্বান জনাই তেওঁ আৰু কয় যদি মুকলি কৰিবই নোৱাৰে তেন্তে ভৱনটো এনেদৰে ৰাখি কি লাভ হ'ব । তাতকৈ ভাঙি পেলোৱাই শ্ৰেয় । জিলা প্ৰশাসন, স্থানীয় বিধায়ক আদিক এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে আহ্বান জনাই অনুসূচীত জাতি ছাত্র সন্থাই । অন্যথা ইয়াৰ বিৰুদ্ধে অনুসূচীত জাতি ছাত্র সন্থাই পৰৱৰ্তী সময়ত আন্দোলনৰ পথ গ্ৰহণ কৰিবলৈ বাধ্য হ'ব বুলি সকিয়নী প্ৰদান কৰে ।

লগতে পঢ়ক: Satgaon elephant attack : নাৰেঙ্গী সেনা শিবিৰত বনৰীয়া হাতীৰ আক্ৰমণত মৃত্যু সেনা জোৱানৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.