ETV Bharat / state

Illegal sand mining in Sivasagar : বন বিভাগক মেনেজ কৰি শিৱসাগৰৰ জাঁজী নদীত চলিছে অবাধ খনন

author img

By

Published : Feb 12, 2023, 9:01 AM IST

Illegal sand mining in Sivsagar
জাঁজী নদীত অবাধ খনন

জাঁজী-জামুগুৰিত মথাউৰি খান্দি ভূ-মাফিয়াই চলাইছে লুণ্ঠন ৷ বন বিভাগক মেনেজ কৰি জাঁজী নদীত অবাধ খনন চলোৱাৰ অভিযোগ স্থানীয় দল-সংগঠনৰ ৷ শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ বাবে চৰকাৰৰ ওচৰত দাবী জনাইছে দল-সংগঠনৰ নেতৃত্বই (Illegal sand mining in Sivasagar )

জাঁজী জামুগুৰিত মথাউৰি খান্দি ভূ মাফিয়াৰ লুণ্ঠন

আমগুৰি, 12 ফেব্ৰুৱাৰী : ৰাজ্যৰ বন বিভাগে অবাধ হাৰত মাটি খনন কাৰ্য বন্ধ ৰখাৰ সময়টো ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত একাংশ ভূ-মাফিয়া চক্ৰই অব্যাহত ৰাখিছে মাটি খনন কাৰ্য ৷ শেহতীয়াভাৱে শিৱসাগৰ জিলাত ভূ-মাফিয়াই একাংশ বন বিষয়াক মেনেজ কৰি লুণ্ঠনৰাজ চলোৱাৰ খবৰ পোহৰলৈ আহিছে ৷ যি কাৰ্যই সম্প্ৰতি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে জিলাখনৰ সচেতন মহলত ৷

শিৱসাগৰ জিলাৰ বন সংমণ্ডলৰ অধীনস্থ আমগুৰি বন বিভাগৰ অন্তৰ্গত জাঁজী জামুগুৰিত একাংশ ভূ মাফিয়া চক্ৰই অবাধ গতিত চলাইছে মাটি খনন কাৰ্য (Illegal sand mining in Sivasagar) । জাঁজী 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষেৰে বৈ যোৱা জাঁজী নদীৰ মথাউৰি জাঁজী জামুগুৰি পৰ্যন্ত অংশত এই ভূ-মাফিয়া চক্ৰটোৱে বন বিভাগক হাতৰ মুঠিত ৰাখি নিৰ্বিঘ্নে খনন কাৰ্য চলাই আহিছে বুলি দাবী কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে । জাঁজী নদীৰ মথাউৰিৰ শূণ্য দূৰত্বত ভূ-মাফিয়া চক্ৰটোৱে বাঁহনি, কাঠনি নিঃশেষ কৰি ব্যক্তিগত স্বাৰ্থ পূৰণৰ বাবে ব্যাপক বন ধ্বংসযজ্ঞ চলাই যোৱা পৰিলক্ষিত হৈছে (Deforestation in Sivsagar )।

জাঁজী মথাউৰিৰ কাষতে বৃহৎ বৃহৎ পুখুৰী খান্দি, বাঁহনি-কাঠনি ধ্বংস কৰি অবাধ হাৰত খনন কাৰ্য চলাই জাঁজী মথাউৰিলৈ অশনি সংকেত কঢ়িয়াই অনা দেখিবলৈ পোৱা গৈছে । সংগঠনটোৰ নেতৃত্বই বৃহত্তৰ জাঁজী অঞ্চলৰ ফাফু, ফেৰেকা, ভাই, দিপজ্যোতিকে ধৰি দহটাৰো অধিক ভূ-মাফিয়া চক্ৰ এই কাৰ্যৰ সৈতে জড়িত বুলি উল্লেখ কৰাৰ লগতে অৰ্দ্ধ-শতাধিক ট্ৰীপাৰৰ সহায়ত হাঁহচৰাৰ এক বিশেষ এলেকাত অবৈধভাৱে মাটি যোগান ধৰি আহিছে বুলিও সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে । তদুপৰি, ভূ-মাফিয়া চক্ৰটোৱে জাঁজীৰ জনৈক বিজয় নামৰ বালি আৰু মাটি মাফিয়াৰ সহযোগত বন বিভাগক মেনেজ কৰি এই অবাধ খনন কাৰ্য চলাই আহিছে বুলি জানিবলৈ দিয়ে ।

লক্ষণীয়ভাৱে খনন কাৰ্য সন্দৰ্ভত আমগুৰি বন বিভাগৰ ওচৰত দ্বাৰস্থ হ’লেই বিভাগটোৱে বিজয় নামৰ ভূ-মাফিয়াটোৰ ছত্ৰছায়াতে খনন কাৰ্য চলাই থকা বুলি অভিযোগকাৰীক অৱগত কৰে যদিও পিছমুহূৰ্ত্ততে আমগুৰি বন বিভাগে ভূ-মাফিয়াটোক অভিযোগ তথা অভিযোগকাৰী সন্দৰ্ভত অৱগত কৰোৱাৰ লগতে অভিযোগকাৰীৰ মুখ বন্ধ কৰাবলৈ দাবী-ধমকি প্ৰদান কৰি আহিছে বুলি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে জানিবলৈ দিয়ে ৷

যাৰ ফলস্বৰূপে, আমগুৰি আৰু জাঁজী অঞ্চলত একাংশ জাতীয় দল-সংগঠন সম্প্ৰতি বিজয় নামৰ ভূ-মাফিয়াটোৰ ওচৰত নতশিৰ হৈ অহা পৰিলক্ষিত হৈছে । সমগ্ৰ বিষয়টোৰ ক্ষেত্ৰত শিৱসাগৰ বন বিভাগৰ ৰহস্যজনক ভূমিকাই চকু কপালত তুলিছে সৰ্বসাধাৰণৰ ৷ শিৱসাগৰৰ বন বিভাগে অভিযানৰ নামত জনসাধাৰণৰ মাজত আভুৱা ভৰাৰ লগতে ভূ-মাফিয়া চক্ৰটোক অবৈধ খনন কাৰ্য চলাবলৈ হাত উজান দিয়া কাৰ্যই চাঞ্চল্যৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে সচেতন মহলত । শীঘ্ৰে চৰকাৰ তথা শিৱসাগৰ জিলা বন বিভাগক এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰি প্ৰকৃতি ৰক্ষা কৰিবলৈ দাবী জনাইছে কৃষক মুক্তিৰ লগতে জিলাখনৰ সচেতন মহলে ।

লগতে পঢ়ক : Exhibition Fair in Kalakshetra : দেশী-বিদেশী সামগ্ৰীৰে কলাক্ষেত্ৰত নাবাৰ্ডৰ কাৰীগৰ মেলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.