ETV Bharat / state

9 বজাৰ শীৰ্ষ 10টা বাতৰি

author img

By

Published : May 18, 2022, 9:00 AM IST

TOP 10 AT 9 AM
9 বজাৰ শীৰ্ষ 10টা বাতৰি

9 বজাৰ শীৰ্ষ 10টা বাতৰি

ধলা-শদিয়া দলঙৰ খুঁটাত ফাঁট

ধলা-শদিয়া দলঙৰ 182 নম্বৰৰ খুঁটাত ফাঁট (Dhola Sadiya bridge cracked) ৷ ধলা-শদিয়া দলংত ফাঁট মেলা ঘটনাক কেন্দ্ৰ কৰি আতংকিত হৈ পৰিছে জনসাধাৰণ । দুদিনৰ ভিতৰতে মেৰামতি সম্পূৰ্ণ কৰাৰ প্ৰতিশ্ৰুতি অভিযন্তাৰ ৷

আজিৰে পৰা পুনৰ আৰম্ভ মাজুলী-নিমাতী ফেৰী সেৱা

দেওবাৰৰ পৰা বন্ধ হৈ আছিল মাজুলী-নিমাতীৰ মাজত ফেৰী সেৱা ৷ অফলামুখ ঘাটৰ লগতে মাজুলীৰ বিভিন্ন ঘাটলৈ ফেৰী সেৱা পুনৰ মুকলি কৰি দিয়াত কিছু সকাহ পাইছে মাজুলীবাসীয়ে ৷ ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ বাবে বিগত 3 দিন ধৰি বন্ধ হৈ আছিল ফেৰী সেৱা ।

উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা স্থগিত

অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ দ্বাৰা আয়োজিত অসম উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা স্থগিত (Assam Higher Secondary first year exam postponed)৷ ৰাজ্যৰ বান পৰিস্থিতিৰ বাবে সম্প্ৰতি পৰৱৰ্তী তাৰিখ ঘোষণা নোহোৱালৈকে স্থগিত ৰখা হৈছে এই পৰীক্ষা ৷

Assam Floods: বানৰ বিভীষিকাৰ সময়ত মুখ্যমন্ত্ৰী দিল্লীত থকাক লৈ সমালোচনা

ৰাজ্যত বানৰ বিভীষিকাৰ সময়ত দিল্লীত বাহৰ পাতি থকাক লৈ সমালোচনাৰ পাত্ৰ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarma in Delhi) ৷ অসমবাসীৰ এনে বিপদৰ সময়ত বিজেপি চৰকাৰ নিষ্ক্ৰিয় হৈ থকাত আশ্বর্য প্ৰকাশ কৰিছে আম আদমি পার্টীয়ে ।

উচ্ছেদিত পৰিয়ালৰ সৈতে প্ৰতিবাদত বহিল অখিল গগৈ

পুনৰ ৰাজপথৰ প্ৰতিবাদত বহিল অখিল গগৈ ৷ দীৰ্ঘদিনৰ মূৰত মঙলবাৰে ৰাজপথত প্ৰতিবাদকাৰীৰ সৈতে বহিল অখিল গগৈ ৷ গুৱাহাটীৰ শিলসাঁকোৰ উচ্ছেদত(Eviction drive at Silsaku beel) গৃহহাৰা হোৱা লোকসকলৰ সৈতে প্ৰতিবাদত বহি বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিল বিধায়কগৰাকী ৷ আনহাতে প্ৰতিবাদস্থলীত গৃহহীন লোকসকলে সৃষ্টি কৰিলে শোকাকুল পৰিৱেশৰ ৷

বিশেষ বান সাহায্যৰ দাবীৰে প্ৰধানমন্ত্ৰীলৈ এজেপিৰ স্মাৰকপত্ৰ

বিজেপিয়ে ২০১৬ আৰু ২০২১ দুয়োটা নিৰ্বাচনৰ সময়ত দলীয় ইস্তাহাৰত অসমৰ বান সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দিছিল । স্বয়ং প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে অসমলৈ আহি বান সমস্যা সমাধানৰ আশ্বাস দিছিল । এনে প্ৰেক্ষাপটত বানৰে মোকাবিলা কৰা ৰাইজক সকাহ দিয়াৰ ক্ষেত্ৰত চৰকাৰৰ দায়িত্ব দুগুণ । অসমবাসীলৈ নিৰ্বাচনৰ পূৰ্বে আগবঢ়োৱা প্ৰতিশ্ৰতি ৰক্ষা কৰিবলৈ প্ৰধানমন্ত্ৰীলৈ আহ্বান অসম জাতীয় পৰিষদৰ (AJP memorandum to PM demanding special flood relief)।

৫.১০ লাখ হিতাধিকাৰীয়ে লাভ কৰিব গৃহ আবণ্টন পত্ৰ, প্রথম কিস্তিৰ পুঁজি

১৯ মে'ত যোৰহাটত মুখ্যমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে প্ৰদান কৰিব ৫ লাখ ১০ হেজাৰ হিতাধিকাৰীক গৃহ আবণ্টন পত্ৰ আৰু প্ৰথম কিস্তিৰ পুঁজি (Beneficiary to get home allotment letter and first instalment)। উপস্থিত থাকিব কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিং । ৫ লাখ ১০ হাজাৰ হিতাধিকাৰীৰ বাবে চৰকাৰৰ ব্যয় হ’ব প্ৰায় ৭৭৩৯.৫ কোটি টকা । ২০২৪ চনৰ ভিতৰত ৰাজ্যখনত প্ৰধানমন্ত্ৰী আৱাস যোজনা-গ্ৰামীণৰ গৃহ নির্মাণ সম্পূর্ণ কৰাৰ লক্ষ্য । গুৱাহাটীত "উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ গ্ৰাম্য উন্নয়ন" শীৰ্ষক প্ৰাদেশিক সন্মিলনত কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিং । বিভাগৰ অধীনত ৰূপায়িত হৈ থকা আঁচনি সমূহৰ কাম-কাজৰ অগ্ৰগতি সম্পৰ্কত পর্যালোচনা ।

হোজাইৰ বান পৰিস্থিতিৰ সন্দৰ্ভত মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ বৈঠক

হোজাইৰ বান পৰিস্থিতিৰ সন্দৰ্ভত মঙলবাৰে জিলাখনৰ অভিভাৱক মন্ত্ৰী পৰিমল শুক্লবৈদ্য এক বৈঠকত মিলিত হয় (Parimal Suklabaidya at Hojai)৷ বানাক্ৰান্তক উদ্ধাৰৰ বাবে এতিয়াও পৰ্যাপ্ত সুবিধাখিনি কৰিব পৰা নাই বুলি মন্ত্ৰীগৰাকীয়ে স্বীকাৰ কৰাৰ লগতে প্ৰসাশনে চেষ্টা অব্যাহত ৰখা বুলি জানিবলৈ দিয়ে ৷

ডাম্পিং গ্রাউণ্ড বন্ধৰ দাবীত বৰাগাঁৱত তিনি ঘণ্টাজোৰা অৱস্থান ধৰ্মঘট

বিধায়কৰ উপস্থিতিত ডাম্পিং গ্রাউণ্ড বন্ধৰ দাবীত বৰাগাঁৱত স্থানীয় ৰাইজৰ তিনি ঘণ্টাজোৰা অৱস্থান ধৰ্মঘট(Protest against setting up of dumping ground) । এসপ্তাহৰ ভিতৰত দুৰ্গন্ধ আঁতৰ কৰিব বুলি গুৱাহাটী পৌৰ নিগমৰ আয়ুক্তৰ আশ্বাস ।

পথ বন্ধ: বদ্ৰীনাথ-কেদাৰনাথ ভ্ৰমণত বতৰৰ ব্যাঘাত

বিশ্ববিখ্যাত কেদাৰনাথ ধাম ভ্ৰমণত এতিয়া বতৰে ব্যাঘাত জন্মোৱা আৰম্ভ কৰিছে। গৌৰীকুণ্ডৰ ওচৰত কেদাৰনাথ যাত্ৰাৰ পথচোৱা ইতিমধ্যে চিগি গৈছে । ইয়াৰ বাবে, যাত্ৰীসকলে আগবঢ়াত অসুবিধাৰ সৃষ্টি হৈছে । আনহাতে, পঞ্চপুলিয়াৰ ওচৰৰ পাহাৰৰ পৰা শিল পৰি যোৱাৰ ফলত বদ্ৰীনাথ ঘাইপথো বন্ধ হৈ গৈছে। ৰাজপথ বন্ধ হোৱাৰ বাবে বদ্ৰীনাথ যাত্ৰা এতিয়া বন্ধ হৈ পৰিছে (Badrinath road blocked) ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.