ETV Bharat / state

উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা স্থগিত

author img

By

Published : May 17, 2022, 5:39 PM IST

অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ দ্বাৰা আয়োজিত অসম উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা স্থগিত (Assam Higher Secondary first year exam postponed)৷ ৰাজ্যৰ বান পৰিস্থিতিৰ বাবে সম্প্ৰতি পৰৱৰ্তী তাৰিখ ঘোষণা নোহোৱালৈকে স্থগিত ৰখা হৈছে এই পৰীক্ষা ৷

Assam Higher Secondary first year exam postponed
উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা স্থগিত

গুৱাহাটী, 17 মে' : মঙ্গলবাৰে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ (Assam higher secondary education council) দ্বাৰা আয়োজিত অসম উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষাৰ দিন পিছুওৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়(Assam Higher Secondary first year exam postponed)৷ উল্লেখ্য যে, ১৮ৰ পৰা ২১ মে’লৈ অসম উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা অনুষ্ঠিত কৰা দিন নিৰ্দ্ধাৰণ কৰা আছিল ।

Assam Higher Secondary first year exam postponed
উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা স্থগিত

কিন্তু ৰাজ্যৰ বান পৰিস্থিতিৰ (Flood in Assam)বাবে সম্প্ৰতি পৰৱৰ্তী তাৰিখ ঘোষণা নোহোৱালৈকে এই পৰীক্ষা স্থগিত ৰখা হৈছে ৷ আনহাতে, আকৌ বান সমস্যাৰ বাবে ডিমা হাছাও জিলাৰ অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ দ্বাৰা আগন্তুক ১৮ মে'ৰ পৰা ১ জুনলৈ অনুষ্ঠিত হ'বলগীয়া সকলো পৰীক্ষাৰ দিন পিছুওৱা হৈছে । পৰীক্ষাসমূহ পুনৰ কেতিয়া অনুষ্ঠিত কৰা হ'ব সেয়া পৰৱৰ্তী সময়ত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ দ্বাৰা প্ৰকাশ কৰা হ'ব বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : Landslide in Guwahati: মহানগৰীৰ দুটা স্থানত ভূমিস্খলন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.