ETV Bharat / bharat

এতিয়াই পৰীক্ষা কৰক পত্নীৰ ম’বাইলৰ ৰিচাৰ্জ; নহ’লে ভাগিব পাৰে সংসাৰ - Break Up for Mobile recharge

author img

By ETV Bharat Assamese Team

Published : Jun 2, 2024, 10:55 PM IST

Mobile recharge: এটা দম্পতীৰ মাজত সৃষ্টি হোৱা বিবাদে বাৰুকৈয়ে আহুকালত পেলাইছে আৰক্ষীক ৷ তাৰিখৰ পিচত তাৰিখ দিব লগীয়া হৈছে এইবাৰ আৰক্ষীৰ পৰিয়াল পৰামৰ্শ কেন্দ্ৰই ৷ ম’বাইল ৰিচাৰ্জৰ বাবেই এখন শেষ নোহোৱা কাজিয়া ৷

Mobile recharge
BREAK UP FOR MOBILE RECHARGE (ETV Bharat)

নিউজ ডেস্ক, 2 জুন: ম’বাইল ৰিচাৰ্জ নকৰাৰ বাবেই ফাঁট মেলিছে এটা সম্পৰ্কত ৷ এই ভাগো এই ভাগো এটি দম্পতীৰ সংসাৰ ৷ ঘটনা পাইছেগৈ আৰক্ষীৰ ওচৰ, কিন্তু আৰক্ষীয়েও ভাবি পোৱা নাই কি কৰিব ৷ ম’বাইল ৰিচাৰ্জৰ বাবে এখন সংসাৰ ভাঙিবলৈ ওলোৱা ঘটনাই সকলোকে আচৰিত কৰি তুলিছে ৷

স্বামী-স্ত্ৰীৰ কাজিয়া পালেগৈ থানা: এই ঘটনাটো হৈছে আগ্ৰাৰ ৷ জিলা আৰক্ষীৰ পৰিয়াল পৰামৰ্শ কেন্দ্ৰত পোহৰলৈ আহে এই ঘটনাটো ৷ শনিবাৰে পৰিয়াল পৰামৰ্শ কেন্দ্ৰত ৰুজু হৈছিল গোচৰটো ৷ তাজগঞ্জ থানাৰ অধীনৰ এটা এলেকাৰ এটা দম্পতীৰ মাজত সংঘটিত বিবাদ মীমাংসাৰ বাবে আহিব লগীয়া হ’ল আৰক্ষীৰ ওচৰলৈ ৷ তাতেই ওলাল উৰহী গছৰ ওৰ ৷

দৰমহা হোৱা নাছিল স্বামীৰ: 2022 চনত বিবাহপাশত আৱদ্ধ হৈছিল এই দম্পতীটো ৷ স্বামীয়ে এটা ব্যক্তিগত কোম্পানীত কাম কৰে ৷ এমাহ আগতে সময়মতে তেওঁৰ দৰমহা হোৱা নাছিল, যাৰ বাবে তেওঁ পত্নীৰ মোবাইল ৰিচাৰ্জ কৰিব পৰা নাছিল ৷ সেই খঙতে পত্নী গুচি গৈছিল পিতৃগৃহলৈ ৷ আৰক্ষীক এইদৰে জনাইছে স্বামীয়ে ৷

স্বামীয়ে মোক মাৰপিট কৰে : পৰামৰ্শদাতাৰ সমুখত মহিলাগৰাকীয়ে কয় যে স্বামীয়ে প্ৰতিদিনে তেওঁক মাৰপিট কৰে । এই কথাত অশান্তি পাই তেওঁ মাক-দেউতাকৰ ঘৰলৈ গুচি আহিল । এতিয়া পুনৰ তেওঁ স্বামীগৃহলৈ যাবলৈ ইচ্ছুক নহয় বুলিও কয় । যেতিয়া তেওঁক স্বামীয়ে মোবাইল ৰিচাৰ্জ নকৰাৰ বাবে পিতৃ-মাতৃৰ ঘৰলৈ যোৱাৰ কথা সোধা হ’ল, তেতিয়া এই বিষয়ত তেওঁ মৌনতা অৱলম্বন কৰে । সেই সম্পৰ্কে পৰামৰ্শদাতাই স্বামীক বুজাই দিয়ে যে পত্নীৰ যতন লোৱাৰ উপৰিও তেওঁক অত্যাচাৰ চলাব নালাগে ৷

মোৰ ছোৱালীক পঠিয়াব নোৱাৰিম: ইফালে এই বিষয়ৰ আলোচনা চলি থকাৰ মাজতে এগৰাকী মহিলাই পৰিয়াল পৰামৰ্শ কেন্দ্ৰত হুলস্থুলৰ সৃষ্টি কৰে । যেতিয়া পৰামৰ্শদাতাই ছোৱালীজনীৰ গোচৰৰ সন্দৰ্ভত কাউন্সেলিঙৰ পৰৱৰ্তী তাৰিখ নিৰ্ধাৰণ কৰিলে, তেতিয়া মহিলাগৰাকী অগ্নিশৰ্মা হৈ পৰিল । তেওঁ হুলস্থুলৰ সৃষ্টি কৰিলে । ক’লে যে তেওঁৰ ছোৱালীজনীক শহুৰেকৰ ঘৰলৈ পঠিয়াব নিবিচাৰে । এই বিষয়ে এগৰাকী মহিলা আৰক্ষীয়ে তেওঁক বুজাই দিয়ে যে শান্তি ভংগৰ বাবে তেওঁক লক্ আপত ভৰোৱা হ’ব পাৰে, কিন্তু মহিলাগৰাকীয়ে আৰক্ষীৰ সৈতেও সংঘৰ্ষত লিপ্ত হয় ।

প্ৰায় আধা ঘণ্টা ধৰি হুলস্থুলৰ সৃষ্টি কৰিলে মহিলাগাৰীকয়ে । পিচত যেতিয়া মহিলাগৰাকী শান্ত হ’ল, তেতিয়া কয় যে তেওঁ তিনিটা তাৰিখত ফেমিলি কাউন্সেলিং চেণ্টাৰলৈ আহিছিল । ছোৱালীজনীক শহুৰেকৰ ঘৰলৈ পঠিয়াবলৈ মন নাই । তেওঁলোকে ন্যায় বিচাৰে । কাৰণ, ছোৱালীজনীক শহুৰেকৰ ঘৰত মাৰপিট কৰি ঘৰৰ পৰা বাহিৰ কৰি দিয়া হৈছিল । পৰৱৰ্তী তাৰিখত এই বিষয়ত দুয়োটা পক্ষক উপস্থিত থাকিবলৈ আহ্বান জনোৱা হৈছে ।

লগতে পঢ়ক: সন্দেহে নিঃশেষ কৰিলে এখন সংসাৰ; পত্নীক হত্যা কৰি 14 টুকুৰা কৰিলে স্বামীয়ে - HUSBAND KILLS WIFE

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.