ETV Bharat / bharat

সন্দেহে নিঃশেষ কৰিলে এখন সংসাৰ; পত্নীক হত্যা কৰি 14 টুকুৰা কৰিলে স্বামীয়ে - HUSBAND KILLS WIFE

author img

By ETV Bharat Assamese Team

Published : Jun 2, 2024, 10:17 AM IST

BHOPAL CUTS WIFE BODY IN 14 PIECES : সন্দেহে কি কৰিব নোৱাৰে ? সন্দেহে শেষ কৰিব পাৰে এটা সম্পৰ্ক, এখন ঘৰ, লগতে জীৱনো ৷ স্বামীৰ সন্দেহৰ ভয়ংকৰ পৰিণতি ভুগিলে পত্নীয়ে ৷ শুনিলে শিহঁৰিত হ’ব আপুনিও...

HUSBAND KILLS WIFE
পত্নীক হত্যা কৰি 14 টুকুৰা কৰিলে স্বামীয়ে (ETV BHARAT ASSAM)

নেশ্যনেল ডেস্ক, 2 জুন : দেশজুৰি ক্ৰমাৎ বৃদ্ধি হৈছে অপৰাধজনিত ঘটনা ৷ শ্ৰদ্ধাকাণ্ডৰ পিচতে সম্প্ৰতি হত্যা কৰি পিচতে টুকুৰা টুকুৰকৈ কাটি পেলোৱাৰ দৰে জঘন্য ঘটনাই সততে বাতিৰৰ শিৰোনাম দখল কৰিবলৈ লৈছে ৷

এইবাৰ মধ্য প্ৰদেশৰ ভূপালত নৃশংস হত্যাকাণ্ডৰ ঘটনা পোহৰলৈ আহিছে ৷ এজন যুৱকে তেওঁৰ পত্নীক হত্যা কৰি তেওঁৰ শৰীৰটো 14 টুকুৰাকৈ কাটি বিভিন্ন ঠাইত দলিয়াই দিছিল । তাৰে কেইটামান টুকুৰা জ্বলাই দিছিল আৰু কিছু টুকুৰা পুতি থৈছিল বুলি খবৰ পোহৰলৈ আহিছে ৷

10 দিন ধৰি সন্ধানহীন হৈ আছিল মহিলাগৰাকী

ভূপাল গ্ৰাম্য অঞ্চলৰ এছডিঅ'পি মঞ্জু চৌহানে এই ঘটনা সন্দৰ্ভত কয় যে সেই অঞ্চলৰে এখন গাঁৱত বাস কৰা এগৰাকী 21 বছৰীয়া মহিলা বিগত 10 দিন ধৰি সন্ধানহীন হৈ আছিল ৷ সেই তেতিয়াৰ পৰাই মহিলাগৰাকীৰ স্বামী নাদিমুদ্দিন ওৰফে মুন্নাও পলাতক হৈ আছিল ৷

তাৰ পিচতে মহিলাগৰাকীৰ ভাতৃয়ে ভগ্নীৰ খবৰ বিচাৰি নিৰুদ্দেশৰ এক অভিযোগ পঞ্জীয়ন কৰিছিল ৷ এই অভিযোগৰ ভিত্তিতেই আৰক্ষীয়ে অভিযান চলাই সোধ-পোছ কৰাত মহিলাগৰাকীৰ স্বামীৰ ওপৰত সন্দেহ হোৱাত বহু বিচাৰ খোচাৰ কৰি অৱশেষত মুন্নাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷

আৰক্ষীয়ে মুন্নাক নিজ জিম্মাত লৈ সোধপোছ কৰাত প্ৰথমতে মুন্নাই আৰক্ষীক বিপথে পৰিচালিত কৰিছিল যদিও পৰৱৰ্তী সময়ত আৰক্ষীৰ হেঁচাত সঁচা কথা ক’বলৈ বাধ্য হৈ পৰে ৷ তাৰ পিচতেই মুন্নাৰ স্বীকাৰোক্তি শুনি আৰক্ষী হতবাক হৈ পৰিছিল ৷ মুন্নাই আৰক্ষীক জানিবলৈ দিয়ে যে, যোৱা শনিবাৰে তেওঁ পত্নী ছানিয়া খানক হত্যা কৰে ৷ হত্যা কৰাৰ পিচতেই মৃতদেহটো 14 টুকুৰা কৰি পেলাই দিয়া লগতে কিছু টুকুৰা জ্বলাই আৰু পুতি পেলোৱাৰ কথাও স্বীকাৰ কৰে স্বামী মুন্নাই ৷

অভিযুক্ত স্বামীয়ে যৌতুকৰ বাবে অত্যাচাৰ কৰিছিল পত্নীক

আৰক্ষীৰ প্ৰাৰম্ভিক জেৰাত পোহৰলৈ অহা অনুসৰি ছানিয়া পাৰেৱাখেদাত আইতাকৰ ঘৰত বাস কৰিছিল । ছানিয়াই 2020 চনত নাদিমৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল । নাদিমে অট’ ড্ৰাইভাৰ হিচাপে কাম কৰে ৷ বিয়াৰ সময়ত পত্নীৰ পৰিয়ালৰ ফালৰ পৰা নাদিমক যৌতুকত প্ৰয়োজনীয় সকলো সামগ্ৰী দিয়া হৈছিল ৷

ইয়াৰ পাচতো, নাদিমে বিয়াৰ 5 দিনৰ পিচতহে পত্নীক বাইক এখনৰ দাবী কৰিছিল ৷ বাইক দিব নোৱাৰাত নাদিমে ছানিয়াক কেইবাবাৰো ঘৰৰ পৰা উলিয়াই দিছিল ৷ আনকি নাদিমে ছানিয়াৰ চৰিত্ৰৰ ওপৰত সন্দেহ কৰি কেইবাবাৰো মাৰ পিটো কৰিছিল ৷ উপায়হীন হৈ ছানিয়াই ভগ্নীৰ ঘৰত থাকিবলৈ লৈছিল, তাৰ পিচতে নাদিমে ছানিয়াক লগ কৰিবলৈ এই ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনা সংঘটিত কৰে ৷

তাৰ পিচতেই ছানিয়া নিৰুদ্দেশ হৈ থকাত তেওঁৰ ভগ্নী আৰু ভাতৃয়ে মিলি নিশাতপুৰা আৰক্ষী থানাত নিৰুদ্দেশ হোৱাৰ অভিযোগ দাখিল কৰিছিল । নিৰুদ্দেশ অভিযোগ পঞ্জীয়ন হোৱাৰ পিচত অভিযুক্ত স্বামীয়ে পলায়ন কৰিছিল ৷ সম্প্ৰতি আৰক্ষীয়ে নাদিমক লগত লৈ মৃতদেহৰ টুকুৰাকেইটা উদ্ধাৰ কৰিবলৈ অভিযান অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক: গ্ৰীষ্মপ্ৰবাহ : বিহাৰত 24 ঘণ্টাত 19 গৰাকী লোকৰ মৃত্যু - Heat Stroke In bihar

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.