ETV Bharat / state

Protest in Lakhimpur : তিনিটাকৈ সংগঠনৰ বিক্ষোভত উত্তাল লখিমপুৰ

author img

By

Published : Aug 10, 2023, 7:47 PM IST

কেইবাটাও সংগঠনৰ বিক্ষোভত উত্তাল হ’ল লখিমপুৰ ৷ শ্ৰমিক বিৰোধী শ্ৰম কোড বাতিলকে ধৰি জ্বলন্ত সমস্যা সমাধানৰ দাবীত সংগঠন সমূহে সাব্যস্ত কৰে এই প্ৰতিবাদ ৷

Three Organizations Protest in Lakhimpur
তিনিটাকৈ সংগঠনৰ বিক্ষোভ

বিক্ষোভত উত্তাল হ’ল লখিমপুৰ

লখিমপুৰ, ১০ আগষ্ট : বৃহস্পতিবাৰে সমগ্র দেশজুৰি মহা বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰে কেইবাটাও ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংগঠনে ৷ দেশৰ বিভিন্ন প্ৰান্তৰ দৰে লখিমপুৰতো মহা বিক্ষোভ কাৰ্যসূচীৰে সমগ্র নগৰ ন উত্তাল কৰি তোলে প্ৰতিবাদী সংগঠন সমূহে ৷

কেইবাটাও সংগঠনৰ বিক্ষোভত উত্তাল হ’ল লখিমপুৰ ৷ শ্ৰমিক বিৰোধী শ্ৰম কোড বাতিলকে ধৰি জ্বলন্ত সমস্যা সমাধানৰ দাবীত সংগঠন সমূহে সাব্যস্ত কৰে এই প্ৰতিবাদ ৷ বৃহস্পতিবাৰে দেশ জোৰা মহা বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰে কেইবাটাও সংগঠনে ৷ শ্ৰমিক বিৰোধী নীতি প্ৰত্যাহাৰ কৰাকে ধৰি বিভিন্ন জ্বলন্ত সমস্যা সমাধানৰ দাবীত বৃহস্পতিবাৰে দেশজুৰি মহা বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰে এআইটিইউচি, চিআইটিইউ, টিইউচিচি আদি সংগঠন সমূহে ৷

সমগ্র দেশব্যাপী হোৱা এই বিক্ষোভ কাৰ্যসূচী অসমতো ৰূপায়ণ কৰা হয় ৷ ৰাজ্যৰ বিভিন্ন স্থানৰ দৰে লখিমপুৰতো সংগঠন কেইটাৰ জিলা সমিতিয়ে বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰি সমগ্র নগৰখন উত্তাল কৰি তোলে ৷ শ্ৰমিক বিৰোধী শ্ৰম কোড বাতিল কৰাৰ পৰা নিবনুৱা সমস্যা, বান, গৰাখহনীয়া আদি বিভিন্ন সমস্যা সমাধানৰ দাবীত শ্ল’গান দি নগৰখনৰ আকাশ-বতাহ কপাঁই তোলে ৷

লগতে পঢ়ক : Assam Cabinet Decision: আশাকৰ্মীৰ পৰা ৬জনগোষ্ঠীলৈকে সন্তুষ্ট কৰাৰ বাবে গুৰুত্বপূৰ্ণ সিধান্তত অনুমোদন

শ্ৰমিক বিৰোধী শ্ৰম কোড বাতিল কৰক, বিজেপি চৰকাৰ হুঁচিয়াৰ, নৰেন্দ্ৰ মোদী হুঁচিয়াৰ, মণিপুৰৰ হিংসাত্মক ঘটনা বন্ধ কৰিব নোৱাৰা কেন্দ্রীয় চৰকাৰ জবাব দিয়ক, মূল্য বৃদ্ধি ৰোধ কৰিব নোৱাৰা বিজেপি চৰকাৰ হায় হায়, নিবনুৱা সমস্যা সমাধান কৰিব নোৱাৰা বিজেপি চৰকাৰ হায় হায় আদি শ্ল’গান দি নগৰখন পৰিভ্ৰমণ কৰি প্ৰতিবাদীকাৰীসকলে উত্তাল পৰিবেশ সৃষ্টি কৰে ৷ গণতন্ত্র ৰক্ষা কৰক দেশ বচাওক বাণীৰে ১৯৪২ৰ ভাৰত ত্যাগ আন্দোলনৰ সোঁৱৰণত সংগঠন সমূহে এই মহা বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰে ৷

লগতে পঢ়ক : AJP protest at Dighalipukhuri: মূল্যবৃদ্ধিৰ বিৰুদ্ধে দীঘলীপুখুৰী পাৰত জাতীয় মহিলা শক্তিৰ গৰ্জন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.