ETV Bharat / state

লখিমপুৰত প্ৰগতি সংঘৰ উদ্যোগত চাৰিদিনীয়াকৈ ৰাজ্যিক ভিত্তিত ভাওনা সমাৰোহৰ আয়োজন

author img

By ETV Bharat Assamese Team

Published : Dec 6, 2023, 10:19 PM IST

Preparation for All Assam Bhaona Samaroh
ৰাজ্যিক ভিত্তিত ভাওনা সমাৰোহ

৭০ ৰ দশকতে লখিমপুৰৰ পৰা নিৰ্মাণ হৈছিল জনপ্ৰিয় অসমীয়া চলচ্চিত্ৰ পলাশৰ ৰং, ওপজা সোণৰ মাটি আদি। চলচ্চিত্র কেইখন নিৰ্মাণ কৰিছিল পানীগাঁৱৰ প্ৰগতি সংঘই। সম্প্ৰতি সংঘৰ শতবর্ষ সমাৰোহৰ আয়োজন কৰা হৈছে। তাৰেই অংশ হিচাপে ৭ ডিচেম্বৰৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে ৰাজ্যিক ভিত্তিত ভাওনা সমাৰোহৰ আয়োজন কৰা হৈছে ৷

প্ৰগতি সংঘৰ উদ্যোগত ৰাজ্যিক ভিত্তিত ভাওনা সমাৰোহ

লখিমপুৰ, 6 ডিচেম্বৰ : লখিমপুৰৰ পানীগাঁও প্ৰগতি সংঘৰ উদ্যোগত আয়োজন কৰা হৈছে ৰাজ্যিক ভিত্তিত ভাওনা সমাৰোহ ৷ সংঘৰ শতবৰ্ষৰ সৈতে সংগতি ৰাখি আয়োজন কৰা হৈছে এই কাৰ্যসূচীৰ ৷ লখিমপুৰ নগৰৰ নাতি দূৰৈত অৱস্থিত পানীগাঁও এলেকাৰ এটি পুৰণি সামাজিক অনুষ্ঠান পানীগাঁও প্ৰগতি সংঘৰ উদ্যোগত বৃহস্পতিবাৰ অৰ্থাৎ ৭ ডিচেম্বৰৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে ৰাজ্যিক ভিত্তিত ভাওনা সমাৰোহৰ আয়োজন কৰা হৈছে ৷

1924 চনতে স্থাপিত হোৱা অনুষ্ঠানটোৱে শতবৰ্ষ উপলক্ষে এই কাৰ্যসূচী হাতত লৈছে ৷ বৃহস্পতিবাৰৰ পৰা পানীগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ’ব ৰাজ্যিক ভিত্তিত ভাওনা সমাৰোহ ৷ বুধবাৰে উদ্যোক্তা সকলে এক সংবাদমেল যোগে এই ভাওনা সমাৰোহৰ প্ৰস্তুতিৰ বিষয়ে জানিবলৈ দিয়ে ৷ এই ভাওনা সমাৰোহ উদ্বোধন কৰিব উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীয়ে ৷ সমাৰোহত যোৰহাটৰ বৃন্দাবন নাট্য গোষ্ঠী, গোলাঘাটৰ চতুৰ্থী সংগম শিল্পী সমাজ, নাৰায়ণপুৰৰ সত্ৰীয়া ৰংগালয়, দেৰগাঁৱৰ হৰগৌৰী সাংস্কৃতিক গোষ্ঠী আদিয়ে অংশগ্ৰহণ কৰি ভাওনা পৰিবেশন কৰিব ৷

এই সমাৰোহত ভাওনা সমূহ প্ৰতিযোগিতামূলক হ’ব বুলি উল্লেখ কৰি উদ্যোক্তাসকলে কয় যে, প্ৰথম পুৰস্কাৰ 50 হাজাৰ, দ্বিতীয় 40 হাজাৰ, তৃতীয় 30 হাজাৰ আৰু 25 হাজাৰ টকা থাকিব ৷ লগতে দলসমূহক পুৰস্কৃত কৰাৰ লগতে তেওঁলোকৰ যাতায়তৰ সকলো ব্যয় উদযাপন সমিতিয়ে বহন কৰিব বুলি জানিবলৈ দিয়ে ৷ অন্তিম দিনা দিনৰ ভাগত শিশুৰ দ্বাৰা এখন প্ৰদৰ্শনমূলক ভাওনা পৰিবেশন কৰা হ’ব বুলিও আয়োজক সকলে জানিবলৈ দিয়ে ৷

তেওঁলোকে প্ৰতিখন ভাওনা চাৰিঘন্টাৰ ভিতৰতে সামৰা হ’ব বুলি উল্লেখ কৰি এই সমাৰোহত সকলো ৰাইজৰ সহযোগিতা কামনা কৰে ৷ সংবাদমেলত পানীগাঁও প্ৰগতি সংঘৰ সম্পাদক শোণিত দত্ত বৰা, ভাওনা সমাৰোহৰ মুখ্য আহ্বায়ক নৰেন্দ্ৰ মহেশ্বৰী,আহ্বায়ক বিপুল বৰা, শতবর্ষ সমাৰোহৰ ব্যবস্থাপক দিলীপ শইকীয়া, সম্পাদক কুমুদ বৰুৱা আদিয়ে অংশগ্ৰহণ কৰে ৷ উল্লেখ্য এই প্ৰগতি সংঘৰ উদ্যোগতে 70 ৰ দশকতে পলাশৰ ৰং, ওপজা সোণৰ মাটি আদি অসমীয়া চলচ্চিত্ৰ নিৰ্মাণ কৰিইছিল ৷ তাহানিৰ দিনৰ পৰা সংস্কৃতিৰ ক্ষেত্ৰত এনেদৰে অনবদ্য বৰঙণি আগবঢ়াই অহা পানীগাঁও প্ৰগতি সংঘৰ শতবর্ষ সমাৰোহৰ কাৰ্যসূচী সফল কৰি তুলিবলৈ আঞ্চলস্থ ৰাইজ উবুৰি খাই পৰিছে ৷

লগতে পঢ়ক : জিলা গঠনৰ পাছত প্ৰথমবাৰৰ বাবে লখিমপুৰত মহিলা আয়ুক্তৰ যোগদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.