ETV Bharat / state

Asam Sahitya Sabha Conference : লক্ষ লক্ষ সাহিত্যানুৰাগীক আদৰিবলৈ সাজু নাৰায়ণপুৰ

author img

By

Published : Jan 30, 2023, 6:43 PM IST

মাজত মাত্ৰ কেইটামান ঘণ্টা ৷ নাৰায়ণপুৰৰ মণিকাঞ্চন ক্ষেত্ৰ সাজু হৈ উঠিছে অসম সাহিত্য সভাৰ ষষ্ঠ সপ্ততিতম অধিৱেশনৰ বাবে (Asam Sahitya Sabha Narayanpur conference)৷ সমগ্ৰ নাৰায়ণপুৰক সজাই তোলা হৈছে ন-কৈ ৷

Asam Sahitya Sabha Conference
লক্ষ লক্ষ সাহিত্যানুৰাগীক আদৰিবলৈ সাজু নাৰায়ণপুৰ

লক্ষ লক্ষ সাহিত্যানুৰাগীক আদৰিবলৈ সাজু নাৰায়ণপুৰ

বিহপুৰীয়া, 30 জানুৱাৰী: অসম সাহিত্য সভাৰ ষষ্ঠ সপ্ততিতম পূৰ্ণাংগ অধিৱেশনলৈ মাজত মাত্ৰ কেইটামান ঘণ্টা ৷ অধিৱেশনস্থলী নাৰায়ণপুৰত এতিয়া উখল-মাখল পৰিৱেশ ৷ নাৰায়ণপুৰৰ মনিকাঞ্চন ক্ষেত্ৰত সম্পূৰ্ণ কৰা হৈছে অধিৱেশনৰ প্ৰস্তুতি ৷ লক্ষ লক্ষ সাহিত্যানুৰাগীক আদৰিবলৈ সাজু হৈছে নাৰায়ণপুৰ (Asam Sahitya Sabha Narayanpur conference)৷

কাইলৈৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ বৰখামটি পথাৰৰ মণিকাঞ্চন ক্ষেত্ৰত অনুষ্ঠিত হ'ব অসম সাহিত্য সভাৰ ষষ্ঠ সপ্ততিতম পূৰ্ণাংগ নাৰায়ণপুৰ অধিৱেশন (67th Asam Sahitya Sabha Conference) ৷ ইয়াকে লৈ ইতিমধ্যে মণিকাঞ্চন ক্ষেত্ৰত এক উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে ৷ নকৈ সজাই-পৰাই তোলা হৈছে সমগ্ৰ নাৰায়ণপুৰক ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা আগমন হ’বলগীয়া অতিথিক আদৰিবলৈ সৰ্বতোপ্ৰকাৰে প্ৰস্তুতি চলাইছে আদৰণি সমিতিয়ে ৷ অতিথিসকল যাতে কোনো ক্ষেত্ৰতে অসুবিধাৰ সন্মুখীন নহয় তাৰ প্ৰতি বিশেষ দৃষ্টি ৰাখিছে প্ৰতিখন উপ-সমিতিয়ে ৷

অধিৱেশনলৈ মাজত মাথোঁ মাত্ৰ কেইঘণ্টা বাকী থকা অৱস্থাত মূল মণ্ডপ, ভোজনালয়, মূল প্ৰৱেশদ্বাৰৰ তোৰণ, গ্ৰন্থমেলা, বাণিজ্যমেলা, বিজ্ঞান আৰু ললিত কলাৰ বিপনীসমূহ প্ৰায় সম্পূৰ্ণ হৈ উঠিছে ৷ প্ৰায় চাৰি হাজাৰ প্ৰতিনিধি একেলগে থাকিব পৰাকৈ নাৰায়ণপুৰৰ বিভিন্ন বিদ্যালয়ত সাজু কৰি তোলা হৈছে প্ৰতিনিধি শিৱিৰ । সভাস্থলীৰ সমীপত প্ৰায় ৪০ হাজাৰ চাৰিচকীয়া বাহন পাৰ্কিং কৰিব পৰাকৈ বৃহৎ এলেকাৰ ব্যৱস্থা কৰা হৈছে ৷

প্ৰায় ৬ কোটি ৬০ লাখ টকা ব্যয় সাপেক্ষে অনুষ্ঠিত হ’বলগীয়া এই অধিৱেশনৰ ৭০০ পৃষ্ঠাজোৰা স্মৃতিগ্ৰন্থৰ কামো ইতিমধ্যে সম্পূৰ্ণ হৈছে ৷ সোমবাৰৰ নিশাৰ ভিতৰতে বাকী থকা কাম-কাজসমূহো সম্পূৰ্ণ কৰিবলৈ উঠি পৰি লাগিছে আদৰণি সমিতি ৷ ইফালে অধিৱেশনৰ লগত সংগতি ৰাখি আটক ধুনীয়াকৈ সজাই পৰাই তুলিছে নাৰায়ণপুৰ নগৰ ৷ সোমবাৰে বিহপুৰীয়া সমষ্টিৰ বিধায়ক তথা আদৰণী সমিতিৰ সভাপতি ড৹ অমিয় কুমাৰ ভূঞাই (MLA Amiya Kumar Bhuyan) নগৰখনত কেইবাখনো আঁচনিৰ শুভ উদ্বোধন কৰে ৷

সংবাদ মাধ্যমৰ সন্মুখত বিধায়ক তথা অসম সাহিত্য সভাৰ নাৰায়ণপুৰ অধিৱেশনৰ অদৰণী সমিতিৰ সভাপৰি ড৹ অমিয় কুমাৰ ভূঞাই কয় যে, এই অধিৱেশনৰ জৰিয়তে অসমৰ ভাষা, সাহিত্য, সংস্কৃতিৰ ভেঁটি যাতে সুদৃঢ় হয় তাৰ প্ৰতি লক্ষ্য ৰখা হৈছে ৷ নতুন প্ৰজন্ম যাতে নিজৰ ভাষা-সংস্কৃতিৰ প্ৰতি সজাগ হোৱাৰ কামনা কৰে বিধায়ক ড৹ অমিয় কুমাৰ ভূঞাই ৷

লগতে পঢ়ক: Veer Pangrao Award: ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটালৈ বীৰ পাংৰাও বঁটা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.