ETV Bharat / state

Veer Pangrao Award: ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটালৈ বীৰ পাংৰাও বঁটা

author img

By

Published : Jan 30, 2023, 1:31 PM IST

MP Pabitra Margherita receives Veer Pangrao Award
সাংসদ পবিত্ৰ মাৰ্ঘেৰিটালৈ বীৰ পাংৰাও বঁটা

বীৰ পাংৰাও বঁটা গ্ৰহণ কৰিলে ৰাজ্য সভাৰ সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটাই (MP Pabitra Margherita receives Veer Pangrao Award) ৷

সাংসদ পবিত্ৰ মাৰ্ঘেৰিটালৈ বীৰ পাংৰাও বঁটা

আমগুৰি, ৩০ জানুৱাৰী : ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটালৈ এইবৰ্ষৰ বীৰ পাংৰাও বঁটা (pabitra margherita conferred Veer Pangrao Award) । টাই আহোম যুৱ পৰিষদৰ দ্বাৰা আয়োজিত এক অনুষ্ঠানত সাংসদজনলৈ আগবঢ়োৱা হয় এই বঁটা । আহোমসকলৰ পৱিত্ৰ মে-ডাম-মে-ফিৰ পূৰ্বে বঁটা গ্ৰহণ কৰি আনন্দিত হৈ পৰে ৰাজ্যসভাৰ সাংসদজন (MP Pabitra Margherita receives Veer Pangrao Award) ৷

বঁটা গ্ৰহণ কৰি টাই আহোম যুৱ পৰিষদলৈ কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে নিজকে এগৰাকী গৰ্বিত আহোম বুলি সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৰাজ্যসভাৰ সাংসদজনে । শিৱসাগৰ জিলাৰ আমগুৰি সমষ্টিৰ অধীনৰ লালিম চাপৰিত অৱস্থিত বীৰ পাংৰাও ক্ষেত্ৰত প্ৰতিবছৰে বিস্তৃত কাৰ্যসূচীৰে মে-ডাম-মে-ফি পালন কৰি অহাৰ লগতে আহোম ৰাজত্বকালৰ চামগুৰি চুহুং ৰজাৰ সেনাপতি বীৰ পাংৰাওৰ নামত বঁটা প্ৰদান কৰি অহা হৈছে । লালিম চাপৰিত অৱস্থিত বীৰ পাংৰাওৰ মৈদামৰ কাষতে প্ৰতিবছৰে মে-ডাম-মে-ফি পালন কৰাৰ দৰে চলিত বছৰটো চাৰিদিনীয়াকৈ টাই আহোম যুৱ পৰিষদৰ দ্বাৰা মে-ডাম-মে-ফিৰ আয়োজন কৰা হৈছে ( Me Dam Me Phi of Ahom religion)।

MP Pabitra Margherita receives Veer Pangrao Award
সাংসদ পবিত্ৰ মাৰ্ঘেৰিটালৈ বীৰ পাংৰাও বঁটা

আহোম সকলৰ পৱিত্ৰ উৎসৱটোৰ সৈতে সংগতি ৰাখি সমাজক্ষেত্ৰলৈ অৱদান আগবঢ়াই অহা ব্যক্তিসকললৈ প্ৰতি বছৰে প্ৰদান কৰি অহা হৈছে বীৰ পাংৰাও বঁটা । বিগত বৰ্ষবোৰৰ দৰে এইবাৰো বীৰ পাংৰাও বঁটা ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটালৈ আগবঢ়োৱা হয় । বীৰ পাংৰাও ক্ষেত্ৰত আয়োজিত এখন মুকলি সভা তথা আলোচনা চক্ৰত সাংসদজনক প্ৰদান কৰা হয় এই বঁটা । বঁটা গ্ৰহণ কৰি সাংসদজনে কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰাৰ লগতে নিজকে আহোম জনগোষ্ঠীৰ এজন ব্যক্তি হিচাপে এই বঁটা গ্ৰহণ কৰিবলৈ পাই যথেষ্ট সুখী বুলি সংবাদ মাধ্যমৰ আগত অনুভৱ ব্যক্ত কৰে ((Veer Pangrao Award 2023 to Pabitra Margherita)।

MP Pabitra Margherita receives Veer Pangrao Award
সাংসদ পবিত্ৰ মাৰ্ঘেৰিটালৈ বীৰ পাংৰাও বঁটা

আনহাতে আহোম ৰাজত্বকালৰ বীৰ গাঁথা কেৱল চাওলুং চুকাফা নাইবা লাচিত বৰফুকনতে সীমাৱদ্ধ নাথাকি আন আন বীৰ সকলৰ বিষয়েও চৰ্চা হ’ব লাগে বুলি মন্তব্য আগবঢ়ায় ৰাজ্যসভাৰ সাংসদগৰাকীয়ে । সাংসদগৰাকীয়ে আহোমসকলৰ ধৰ্মীয় পৰম্পৰা অনুসৰি মৈদাম তৰ্পনত অংশ লোৱাৰ উপৰিও পৰম্পৰাগত লোকলাউ গ্ৰহণ কৰে । মে-ডাম-মে-ফিৰ সৈতে সংগতি ৰাখি টাই আহোম যুৱ পৰিষদৰ দ্বাৰা আয়োজিত অনুষ্ঠানটোত পিঠা-পনা প্ৰতিযোগিতাৰ উপৰিও অন্যান্য সাংস্কৃতিক প্ৰতিযোগিতৰো আয়োজন কৰা হয় ।

লগতে পঢ়ক : Congress AIUDF alliance: কংগ্ৰেছ এ আই ইউ ডি এফক তীব্ৰ সমালোচনা মন্ত্ৰী পীযুষৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.