ETV Bharat / state

Congress AIUDF alliance: কংগ্ৰেছ এ আই ইউ ডি এফক তীব্ৰ সমালোচনা মন্ত্ৰী পীযুষৰ

author img

By

Published : Jan 30, 2023, 9:24 AM IST

সমাগত সাধাৰণ নিৰ্বাচন ৷ দেশৰ এই সাধাৰণ নিৰ্বাচনক কেন্দ্ৰ কৰি ইতিমধ্যেই প্ৰতিটো ৰাজনৈতিক দলে সাজিছে ৰণকৌশল ৷ অৱশ্যে কোনোটো ৰাজনৈতিক দলেই নিজৰ নিজৰ ৰাজনৈতিক ৰণকৌশল গঠনৰ ইংগিত দিয়া নাই যদিও এইবাৰৰ নিৰ্বাচনত কংগ্ৰেছে এ আই ইউ ডি এফৰে মিত্ৰতা কৰিব বুলি উল্লেখ কৰি দল দুটাক তীব্ৰ ভাষাৰে সমালোচনা কৰিলে মন্ত্ৰী পীযুষ হাজৰিকাই (Pijush Hazarika reacts to Congress AIUDF alliance)

Minister Pijush Hazarika in Dibrugarh
কংগ্ৰেছ এ আই ইউ ডি এফ দল সন্দৰ্ভত প্ৰতিক্ৰিয়া মন্ত্ৰী পীয়ুষৰ

কংগ্ৰেছ এ আই ইউ ডি এফ দল সন্দৰ্ভত প্ৰতিক্ৰিয়া মন্ত্ৰী পীয়ুষৰ

ডিব্ৰুগড়, 30 জানুৱাৰী : নিৰ্বাচন সমাগত হ’লেই ৰাজ্যত আৰম্ভ হয় বোকা ছটিওৱাৰ ৰাজনীতি ৷ ২০২৪ চনত অনুষ্ঠিত হ'বলগীয়া লোকসভা নিৰ্বাচনক লৈ শাসক বিৰোধী প্ৰতিটো ৰাজনৈতিক দলেই নিৰ্বাচনী কূটকৌশল আৰম্ভ কৰা পৰিলক্ষিত হৈছে ৷ দলীয় সমষ্টি সুৰক্ষিত কৰাৰ স্বাৰ্থত তৎপৰ হোৱা দেখিবলৈ পোৱা গৈছে প্ৰতিটো ৰাজনৈতিক দলৰ লগতে প্ৰতিগৰাকী দলীয় কৰ্মীক (Lok Sabha election 2024)।

সমাগত সাধাৰণ নিৰ্বাচনক লৈ শাসকীয় বিজেপি দলটোৰ মাজতে তৎপৰতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷ শাসক দল বিজেপিয়ে ৰাজ্যৰ আটাইকেইখন লোকসভাৰ আসন দখলৰ বাবে পৰিকল্পনা প্ৰস্তুত কৰি সাংগঠনিক কাম কাজ আৰম্ভ কৰা দেখিবলৈ পোৱা গৈছে । আনহাতে, পূৰ্বে মিত্ৰজোঁটত থকা কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মাজত ইতিমধ্যে মিত্ৰতা ভংগ হৈছে । তেনেস্থলত কংগ্ৰেছ আৰু এ আই ইউ ডি এফে পুনৰ লোকসভাৰ নিৰ্বাচনত আসন লাভৰ বিষয়টো ইমান সহজ হৈ নাথাকিব বুলি বৰ্তমান স্পষ্ট হৈ পৰা দেখিবলৈ পোৱা গৈছে ।

উল্লেখ্য যে, এ আই ইউ ডি এফৰ সভাপতি তথা সাংসদ বদৰুদ্দিন আজমলে দুটা দিনৰ পূৰ্বে সংবাদ মাধ্যমৰ আগত কংগ্ৰেছে এ আই ইউ ডি এফৰ লগত মিত্ৰতা স্থাপন নকৰিলে এখনো আসন লাভ নকৰে বুলি মন্তব্য আগবঢ়াইছিল (Congress AIUDF alliance) । বিষয়টো প্ৰসংগত এইবাৰ মন্তব্য আগবঢ়াইছে মন্ত্ৰী পীযুষ হাজৰিকাই ৷ দেওবাৰে ডিব্ৰুগড়ত উপস্থিত হৈ কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে মন্ত্ৰীগৰাকী ।

দল দুটাৰ মাজত ৰাজনৈতিক মিত্ৰতাৰ সন্দৰ্ভত মন্তব্য আগবঢ়াই মন্ত্ৰীগৰাকীয়ে কয়, সময়ে সময়ে কংগ্ৰেছ এ আই ইউ ডি এফে মিত্ৰতা কৰেই । বিগত ৰাজ্যসভা, আৰু লোকসভাৰ নিৰ্বাচনতো কংগ্ৰেছে এ আই ইউ ডি এফৰ সৈতে মিত্ৰতা স্থাপন কৰিছিল । কংগ্ৰেছ দলটোৰ প্ৰতি অধিক আক্ৰমণাত্মক হৈ মন্ত্ৰীগৰাকীয়ে বাংলাদেশী মূলৰ মানুহ থকা ঠাইতহে কংগ্ৰেছ জিকিব পাৰে বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে (Pijush reactions on Congress AIUDF alliance)।

কেতিয়াবা কংগ্ৰেছে এ আই ইউ ডি এফৰ ভৰিত ধৰি চলে আৰু কেতিয়াবা এ আই ইউ ডি এফেও কংগ্ৰেছৰ ভৰিত ধৰি চলে বুলি বক্তব্য আগবঢ়ায় পীযুষে (Minister Pijush Hazarika in Dibrugarh) । বিগত লোকসভাৰ নিৰ্বাচনত এ আই ইউ ডি এফৰ সৈতে মিত্ৰতা স্থাপন কৰিয়েই কিছু সফল হৈছিল কংগ্ৰেছ দলটো ৷ 2019 বৰ্ষৰ লোকসভা নিৰ্বাচনৰ ফলাফলৰ বিষয়ে উল্লেখ কৰি এ আই ইউ ডি এফৰ বাবেহে কলিয়াবৰ, নগাঁও আৰু মংগলদৈত কংগ্ৰেছে জয়লাভ কৰে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে (Minister Pijush Hazarika criticized Congress and AIUDF in Dibrugarh)।

উল্লেখ্য যে, কংগ্ৰেছ আৰু এ আই ইউ ডি এফ দলৰ মিত্ৰতাৰ বিষয়টো বৰ্তমানেও স্পষ্ট হৈ উঠা নাই ৷ দল দুটাৰ মাজত মিত্ৰতা পুনৰ যে সম্ভৱ, তেনে কোনো ইংগিতো প্ৰকাশ কৰা নাই কংগ্ৰেছ দলে ৷ আনহাতে, কিছুদিন পূৰ্বে আজমলে যাদুকৰী শক্তিৰে তেওঁ কংগ্ৰেছেৰে মিত্ৰতা সম্ভৱপৰ কৰি তুলিব বুলি সংবাদ মাধ্যমৰ আগত আগবঢ়োৱা বক্তব্যৰ পৰা স্পষ্ট হৈ উঠিছিল মিত্ৰতা সন্দৰ্ভত বহু কথা ৷ কিয়নো এইবাৰ দলটোৰ সৈতে কোনো কাৰণতেই হাত মিলাব বিচৰা নাই প্ৰদেশ কংগ্ৰেছে ৷ আনকি বদৰুদ্দিনে ভাৰত জোড়ো যাত্ৰাত অংশগ্ৰহণ কৰিবলৈ কংগ্ৰেছ নেতা ৰাহুল গান্ধীক দুবাৰকৈ প্ৰস্তাৱ আগবঢ়োৱাৰ পাচতো একমাত্ৰ প্ৰদেশ কংগ্ৰেছৰ সিদ্ধান্তৰ প্ৰতি সন্মান জনায়ে ভাৰত জোড়ো যাত্ৰালৈ মতা নহ’ল এ আই ইউ ডি এফ প্ৰধানজনক (Bharat jodo jatra) ৷

প্ৰাসংগিক যে, ৰাজ্যৰ সাম্প্ৰতিক ৰাজনৈতিক প্ৰেক্ষাপট অধ্যয়ণ কৰিলে বিৰোধীৰ খোৱা-কামোৰাই পূৰ্বৰ দৰে এইবাৰো শাসকীয় দলটোক নিৰ্বাচনী বৈতৰণী পাৰ কৰোৱাত সহায়ক হ’ব যেন পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক : Raid in Club: গুৰুগ্ৰামত 288 গৰাকী লোকৰ বিৰুদ্ধে গোচৰ ৰুজু আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.