ETV Bharat / state

Khel Maharan 2023: মন্ত্রী পীযুষ হাজৰীকাই লখিমপুৰত আৰম্ভ কৰিলে মহাৰণ

author img

By ETV Bharat Assamese Team

Published : Nov 10, 2023, 2:17 PM IST

শুকুৰবাৰে পুৱাতেই লখিমপুৰত খেল মহাৰণ উদ্বোধন কৰে মন্ত্রী পীযুষ হাজৰীকাই । লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত শিখা জ্বলাই উদ্বোধন কৰে খেল মহাৰণৰ । তেওঁ ক্ৰীড়াৰ ক্ষেত্ৰত দেশে ন কৈ প্ৰতিষ্ঠা লাভ কৰা বুলি উল্লেখ কৰি অসমতো ক্ৰীড়া ক্ষেত্রই নতুন গতি লাভ কৰা বুলি কয় ।

Piyush Hazarika inaugurates Khel Maharan in Lakhimpur
লখিমপুৰত খেল মহাৰণ উদ্বোধন পীযুষ হাজৰীকাৰ

লখিমপুৰত খেল মহাৰণ উদ্বোধন পীযুষ হাজৰীকাৰ

লখিমপুৰ,১০ নৱেম্বৰ: ৰাজ্যজুৰি আৰম্ভ হৈছে খেল মহাৰণ । ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালভাৱে লখিমপুৰতো আৰম্ভ কৰা হয় খেল মহাৰণ । মন্ত্ৰী পীযুষ হাজৰীকাই লখিমপুৰত উদ্বোধন কৰে খেল মহাৰণ । খেল মহাৰণ উদ্বোধন কৰি মন্ত্ৰীগৰাকীয়ে আগবঢ়াই কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য ।

মন্ত্ৰীগৰাকীয়ে কয় যে, প্ৰধানমন্ত্ৰী মোডীৰ সদিচ্ছাত দেশে ক্ৰীড়া ক্ষেত্রত নতুনকৈ প্ৰতিষ্ঠা লাভ কৰিছে । দেশৰ হিমা দাস, লাভলীনা বৰগোঁহাইকে আদি কৰি বিভিন্ন ভাৰতীয় খেলুৱৈয়ে বিশ্বৰ ওচৰত ভাৰতৰ সুনাম উজ্বলাই তুলিছে । অসমতো মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যক্ষ তত্বাৱধানত আৰম্ভ হৈছে খেল মহাৰণ । জিলাই জিলাই লাখ লাখ খেলুৱৈ ওলাই আহিছে আৰু এইয়া ৰাজ্যখনৰ বাবে ভাল খবৰ বুলি উল্লেখ কৰে মন্ত্রী পীযুষ হাজৰীকাই ।

শুকুৰবাৰে লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত জিলা ক্ৰীড়া বিভাগে অনুষ্ঠিত কৰা খেল মহাৰণত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে লগতে কয় যে খেলে নিয়মানুৱর্তীতা শিকায়, প্ৰতিষ্ঠা দিয়ে, নিৰোগী কৰি ৰাখে, মাদক দ্ৰব্যৰ আসক্তিৰ পৰা দুৰত ৰাখে । খেলে সন্মান দিয়ে আৰু এখন ঘৰ, এখন সমাজলৈ সন্মান কঢ়িয়াই আনে । সেয়ে খেল অতি গুৰুত্বপূৰ্ণ বুলি উপস্থিত ৰাইজক সজাগ কৰাৰ প্ৰয়াস কৰে ।

উদ্বোধনী ভাষণত তেও কয় যে আগতে ক্ৰীড়া পেন্সন খেলুৱৈতকৈ সংগঠকসকলেহে বেছি পাইছিল । কিন্তু বৰ্তমানৰ চৰকাৰে সংগঠকৰ উপৰি খেলুৱৈসকলক পেন্সন দিয়াত গুৰুত্ব আৰোপ কৰিছে । সাংবাদিকৰ আগত তেও কয় অসমত প্ৰতিভা বহু আছে । কিন্তু প্লেটফৰ্মৰ অভাৱ আছিল । এতিয়া চৰকাৰে এই ক্ষেত্রত প্লেটফৰ্ম তৈয়াৰ কৰি দিছে । যাৰ বাবে লাখ লাখ খেলুৱৈ ওলাই আহিছে । তেওঁলোকে জিলা, ৰাজ্যৰ পৰা ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈকে খেলি দেশ তথা ৰাজ্যক গৌৰৱাম্বিত কৰিব ।

চৰকাৰে এনেদৰে সম্ভাবনাময় প্ৰতিভা বিকাশৰ দুৱাৰ মুকলি কৰি দিছে বুলিও তেওঁ উল্লেখ কৰে । মন্ত্রী পীযুষ হাজৰীকাই শিখা জ্বলাই খেলপথাৰখন উদ্বোধন কৰে । এই অনুষ্ঠানত সাংসদ প্ৰদান বৰুৱা, বিধায়ক মানৱ ডেকা, জিলা ক্ৰীড়া বিভাগৰ বিষয়া, লখিমপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ বিমান চেতিয়া, নগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ সমীৰণ কোঁৱৰকে আদি কৰি গন্যমান্য ব্যক্তিৰ লগতে সহস্ৰাধিক খেলুৱৈয়ে অংশগ্রহণ কৰে ।

লগতে পঢ়ক: Khel Maharan 2023: খেল মহাৰণত অংশগ্ৰহণ কৰিবলৈ গৈ দুই কিশোৰৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.