Khel Maharan 2023: খেল মহাৰণত অংশগ্ৰহণ কৰিবলৈ গৈ দুই কিশোৰৰ মৃত্যু

By ETV Bharat Assamese Team

Published : Nov 7, 2023, 2:28 PM IST

thumbnail

গুৱাহাটী, 7 নৱেম্বৰ : ৰাজ্যৰ ক্ৰীড়া প্ৰতিভাসমূহক এখন প্ৰকৃত মঞ্চ আগবঢ়াই দিয়াৰ লক্ষ্যৰে অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ উদ্যোগত 1 নৱেম্বৰৰ পৰা খেল মহাৰণ আৰম্ভ হৈছে ৷ ইয়াৰ মাজতে মঙলবাৰে খেল মহাৰণলৈ অংশগ্ৰহণ কৰিবলৈ যোৱাৰ পথত দুই কিশোৰে কৰুণ মৃত্যুক সাৱটি লয় । 

আজি পুৱাৰ ভাগতেই দক্ষিণ কামৰূপৰ পলাশবাৰী আৰক্ষী থানাৰ অন্তৰ্গত মণিয়েৰী তিনিআলিৰ পৰা বৰিহাটলৈ খেল মহাৰণত অংশগ্ৰহণৰ উদ্দেশ্যে দুই কিশোৰ AS 25 T 6893 নম্বৰৰ পালচাৰ মটৰ চাইকেলেৰে গৈ আছিল ৷ তীব্ৰ বেগেৰে গৈ থকা দুই কিশোৰে বাইকখনৰ নিয়ন্ত্ৰণ হেৰুৱাই জগলিয়াপাৰত পথৰ দাঁতিত বৈদ্যুতিক খুটাত খুন্দা মাৰে ৷ ফলত থিতাতে নিহত হয় দুই কিশোৰ । মৃত্যু হোৱা কিশোৰ দুয়োগৰাকী বটিয়াপাৰাৰ অম্লানজ্যোতি দাস আৰু মনীয়াৰীৰ চন্দন আলী বুলি জানিব পৰা গৈছে। দক্ষিণ কামৰূপ বিদ্যাপীঠ হাইস্কুলত অধ্যয়নৰত দুই কিশোৰৰ আকস্মিক মৃত্যুত সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে।

লগতে পঢ়ক: Goalpara police encounter update : আৰক্ষী-ডকাইতৰ মাজত গুলীয়াগুলীত নিহত দুই ডকাইত

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.