ETV Bharat / state

Goalpara police encounter update : আৰক্ষী-ডকাইতৰ মাজত গুলীয়াগুলীত নিহত দুই ডকাইত

author img

By ETV Bharat Assamese Team

Published : Nov 7, 2023, 8:15 AM IST

Goalpara police encounter update
আৰক্ষী-ডকাইতৰ মাজত গুলীয়াগুলী

আগিয়া-গোৱালপাৰা ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষী-ডকাইতৰ মাজত গুলীয়াগুলী । আৰক্ষীৰ গুলীত গুলীবিদ্ধ হৈ দুটা ডকাইত নিহত হোৱাৰ লগতে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াসহ দুই আৰক্ষী আহত হৈছে । নিহত ডকাইত দুটা ক্ৰমে অমৰ থাপা আৰু শ্বেইখ ফৰিদুল ইছলাম বুলি জানিব পৰা গৈছে । নিহত ডকাইত দুটাৰ পৰা উদ্ধাৰ কৰা হৈছে দুটাকৈ পিষ্টলসহ কেইবাজাই সজীৱ গুলী । ডকাইতিকাণ্ডত ব্যৱহাৰ কৰা বলেৰো বাহন এখনো জব্দ কৰা হৈছে ।

আৰক্ষী-ডকাইতৰ মাজত গুলীয়াগুলী

গোৱালপাৰা, ৭ নৱেম্বৰ : আগিয়া-গোৱালপাৰাৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নিচিন্তাত সোমবাৰে নিশা প্ৰায় দহ বজাত আৰক্ষী আৰু ডকাইতৰ দলৰ মাজত প্ৰচণ্ড গুলীয়াগুলীৰ ঘটনা সংঘটিত হয় । আৰক্ষী-ডকাইতৰ মাজত হোৱা গুলীয়াগুলীত আগিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াসহ এগৰাকী বেটেলিয়ানো আহত হয় ।

তথ্য অনুসৰি, আৰক্ষী-ডকাইতৰ মাজত গুলীয়াগুলীত নিহত হয় দুটাকৈ ডকাইত । নিহত দুই ডকাইত ক্ৰমে অমৰ থাপা আৰু শ্বেইখ ফৰিদুল ইছলাম বুলি চিনাক্ত কৰা হৈছে ৷ নিহত অমৰ থাপাৰ ঘৰ মেঘালয়ত বুলি জানিব পৰা গৈছে । আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি, নিহত অমৰ থাপা এটা দুধৰ্ষ ডকাইত আছিল । পূৰ্বে অমৰ থাপা বহু অপৰাধৰ লগত‌ জড়িত হৈ অসম আৰু মেঘালয় আৰক্ষীৰ নিদ্ৰাহৰণ কৰি আহিছিল ।

গোৱালপাৰা আৰক্ষী অধীক্ষক ৰাকেশ ৰেড্ডীয়ে সংবাদ মাধ্যমৰ আগত কয় যে, আগিয়া আৰক্ষীয়ে ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে তহল দি থকা অৱস্থাতে বিপৰীতে দিশৰ পৰা বাহন এখনেৰে আহি থকা ডকাইতৰ দলটোৱে আৰক্ষীৰ বাহন দেখি আৰক্ষীলৈ গুলীচালনা কৰে । আৰক্ষীয়েও প্ৰত্যুত্তৰ দিয়াত দুই পক্ষৰ মাজত মুখামুখি সংঘৰ্ষ হয় । প্ৰায় আধা ঘণ্টাজোৰা হোৱা সংঘৰ্ষৰ অন্তত আৰক্ষীৰ গুলীত গুলীবিদ্ধ হৈ গুৰুতৰভাৱে আহত হয় ডকাইত দুটা ।

তাৰ পাচতে ততাতৈয়াকৈ আৰক্ষীয়ে ডকাইত দুটাক গোৱালপাৰা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায় ৷ কিন্তু প্ৰাথমিক চিকিৎসা চলি থকা অৱস্থাত দুয়োটাৰে মৃত্যু হয় । আনহাতে, ডকাইতৰ বাহনৰ খুন্দাত আগিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মনোজ কুমাৰ দাস আঘাতপ্ৰাপ্ত হোৱাৰ লগতে কনিষ্টবল এগৰাকীয়েও সামান্য পৰিমাণে আঘাতপ্ৰাপ্ত হয় । আহত দুয়োকে বৰ্তমান চিকিৎসা কৰি থকা হৈছে বুলি জানিব পৰা গৈছে ৷

উল্লেখ্য যে, নিহত অমৰ থাপা নামৰ ডকাইতটো মেঘালয়ৰ জিএন এলএ উগ্ৰপন্থীৰ সৈতে মিলিত হৈ ২০১৭ আৰু ২০১৮ বৰ্ষত কেইবাটাও অপহৰণৰ ঘটনা সংঘটিত কৰিছিল । নিহত অমৰ থাপাৰ বিৰুদ্ধে গোৱালপাৰা জিলাত আঠটাকৈ ধনদাবী আৰু হত্যা, অপহৰণৰ গোচৰ ৰুজু হৈ আছিল ।

নিহত ডকাইত দুটাৰ পৰা দুটাকৈ পিষ্টল আৰু কেইবাজাই সজীৱ গুলী আৰু ডকাইতিকাণ্ডত ব্যৱহাৰ কৰা এখন বলেৰো বাহন উদ্ধাৰ কৰে আৰক্ষীয়ে । বাতৰি যুগুত কৰা পৰলৈকে নিহত ডকাইত দুটাক মৰণোত্তৰ পৰীক্ষাৰ বাবে মৰ্গত ৰখা হৈছে ৷

লগতে পঢ়ক : Goalpara police encounter: গোৱালপাৰাত আৰক্ষী-ডকাইতৰ দলৰ মাজত প্ৰচণ্ড গুলীয়াগুলী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.