ETV Bharat / state

Goalpara police encounter: গোৱালপাৰাত আৰক্ষী-ডকাইতৰ দলৰ মাজত প্ৰচণ্ড গুলীয়াগুলী

author img

By ETV Bharat Assamese Team

Published : Nov 6, 2023, 11:06 PM IST

Goalpara police encounter
Goalpara police encounter

গোৱালপাৰাৰ জিলাৰ আগিয়া নিচিন্তাত আৰক্ষী-ডকাইতৰ মাজত গুলীয়াগুলী । আৰক্ষীৰ বাহন দেখি প্ৰথমে ডকাইতৰ দলটোৱে গুলী নিক্ষেপ কৰাত আৰক্ষীয়ে প্ৰত্যাক্ৰমণ কৰে ।

গোৱালপাৰা, 6 নৱেম্বৰ: গোৱালপাৰা জিলাৰ আগিয়াত আৰক্ষী আৰু ডকাইতৰ দলৰ মাজত প্ৰচণ্ড গুলীয়াগুলী ৷ 37 নং ৰাষ্ট্ৰীয় ঘাই পথত সংঘটিত হৈছে এই গুলীয়াগুলীৰ ঘটনা ৷ গোৱালপাৰা জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ঋতুৰাজ দলেৰ নেতৃত্বত চলিছিল ডকাইতৰ বিৰুদ্ধে অভিযান ৷ এই অভিযান কালতে দুয়ো পক্ষৰ মাজত গুলীচালনাৰ ঘটনা সংঘটিত হয় ৷

গুলীচালনাত ডকাইতৰ দলটোৰ দুটা ডকাইত নিহত হোৱাৰ সন্দেহ কৰা হৈছে ৷ অৱশ্যে এই কথা আৰক্ষীৰ ফালৰ পৰা এতিয়াও নিশ্চিত কৰা নাই ৷ ইফালে ডকাইতৰ গুলীত আহত হৈছে আগিয়া থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ কুমাৰ দাস ৷ আৰক্ষীৰ গাড়ীত গুলী লগাৰ চিন স্পষ্ট ৷ আৰক্ষীয়ে এটা ডকাইতক মেঘালয়ৰ ওমৰ থাপা বুলি চিনাক্ত কৰিছে ৷ আৰক্ষীয়ে জব্দ কৰিছে ডকাইতৰ দলটোৱে ব্যৱহাৰ কৰা এখন বাহন ৷

গোৱালপাৰাৰ জিলাৰ আগিয়া নিচিন্তাত সংঘটিত হৈছে আৰক্ষী-ডকাইতৰ মাজত এই গুলীয়াগুলীৰ ঘটনা । আৰক্ষীৰ বাহন দেখি প্ৰথমে ডকাইতৰ দলটোৱে গুলী নিক্ষেপ কৰাত আৰক্ষীয়ে প্ৰত্যাক্ৰমন কৰি ডকাইতৰ দলটোলৈ গুলী নিক্ষেপ কৰে । আৰক্ষীৰ গুলীত দুটাকৈ দুধৰ্ষ ডকাইত গুলীবিদ্ধ হয় ৷ বৰ্তমান গোৱালপাৰা অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন আহত আৰক্ষী বিষয়া মনোজ কুমাৰ দাস । ইফালে নিহত বুলি সন্দেহ কৰা ডকাইত দুটাকো একেখন চিকিৎসালয়তে ৰখা হৈছে যদিও চিকিৎসকে এতিয়ালৈকে নিহত বুলি নিশ্চিত কৰা নাই ৷

লগতে পঢ়ক: Massive Eviction drive: বনাঞ্চল বেদখলকাৰীৰ ঘৰত চলিল বুলড’জাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.