ETV Bharat / state

Massive Eviction drive: বনাঞ্চল বেদখলকাৰীৰ ঘৰত চলিল বুলড’জাৰ

author img

By ETV Bharat Assamese Team

Published : Nov 6, 2023, 7:39 PM IST

অৱশেষত নলবাৰী সংৰক্ষিত বনাঞ্চলত চলিল প্ৰশাসনৰ বুলড’জাৰ । গোৱালপাৰাত প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান । ৭০ হেক্টৰ ভূমিৰ ভিতৰত বেদখলকৃত ৫২৫ বিঘা ভূমিত চলিছে উচ্ছেদ অভিযান । গৃহহাৰা হ’ল শতাধিক পৰিয়াল ।

Massive Eviction drive
Eviction drive against encroachment

বনাঞ্চল বেদখলকাৰীৰ ঘৰত চলিল বুলড’জাৰ

গোৱালপাৰা, 6 নৱেম্বৰ: বেদখলৰ বিৰুদ্ধে ৰাজ্যত পুনৰ চলিছে প্ৰশাসনৰ বুলড’জাৰ ৷ কেইদিনমান পূৰ্বে চৰ্চা লাভ কৰা শিলসাঁকো বিলৰ উচ্ছেদ অভিযানৰ সমান্তৰালকৈ ৰাজ্যৰ আন বহু ঠাইত চলিছিল উচ্ছেদ ৷ ৰাজ্যৰ একাংশ বনাঞ্চল, চৰকাৰী ভূমি আদিত অবৈধভাৱে বসতি স্থাপন কৰা লোকসকলক বিতাড়নৰ বাবেই প্ৰশাসনে গ্ৰহণ কৰিবলগীয়া হৈছে এই কঠোৰ পদক্ষেপ ৷ এইবাৰ উচ্ছেদ চলিল গোৱালপাৰাত ৷

গোৱালপাৰা জিলাৰ লক্ষীপুৰ আঞ্চলিক বন বিভাগৰ অধীনৰ নলবাৰী সংৰক্ষিত বনাঞ্চলত বেদখল কবলত পৰা 525 বিঘা ভূমিত প্ৰশাসনে উচ্ছেদ অভিযান চলায় ৷ উচ্ছেদৰ পূৰ্বেই প্ৰশাসনে জাননী জাৰি কৰি পৰিয়ালসমূহক সেই স্থানৰ পৰা আঁতৰি যাবলৈ নিৰ্দেশ দিছিল ৷ একাংশ আঁতৰি গ’ল যদিও আন একাংশই তাতেই বাহৰ পাতি আছিল ৷ কিন্তু সোমবাৰে পুৱাৰ পৰাই অবৈধভাৱে সজা এই ঘৰবোৰ ভাঙি দিয়া হ’ল বুলড’জাৰেৰে ৷

লক্ষীপুৰৰ নলবাৰী সংৰক্ষিত বনাঞ্চলৰ হাসডোবা, হাতীমূৰা, গৌৰনগৰ, আংটিহাৰাত চলিছে এই উচ্ছেদ অভিযান । সিংহভাগ বেদখলীকৃত ভূমিত সোমবাৰে উচ্ছেদ সম্পূৰ্ণ হয় যদিও বাকী ৰোৱাখিনিত মঙলবাৰে পুনৰ উচ্ছেদ চলিব ৷ এই উচ্ছেদৰ ফলত গৃহহাৰা হয় শতাধিক পৰিয়াল ৷

ইফালে উচ্ছেদস্থলীত আছিল গৌৰনগৰ আঞ্চলিক ঈদগাহ আৰু গৌৰনগৰ হাফিজিয়া মাদ্ৰাছা ৷ জিলা প্ৰশাসনে হাফিজিয়া মাদ্ৰাছাখন উচ্ছেদ নকৰি স্থানীয় ৰাইজক ভাঙি নিবলৈ কিছু সময় দিয়াত স্থানীয় ৰাইজে মাদ্ৰাছাখন ভাঙি লৈ যায় ।

ইফালে উচ্ছেদত গৃহহাৰা হোৱা পৰিয়ালসমূহে কেমেৰাৰ সমুখতে চকুলো টোকা দেখা যায় ৷ এইসকল লোকৰ এতিয়া থাকিবলৈ কোনো আশ্ৰয় নোহোৱাত উপায়ন্তৰ হৈ পৰিছে ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাই, উচ্ছেদিত হোৱাতকৈ মৰণেই শ্ৰেয় বুলি উল্লেখ কৰে এগৰাকী উচ্ছেদিতই ৷

লগতে পঢ়ক: Goalpara eviction : নলবাৰী সংৰক্ষিত বনাঞ্চলত চলিব প্ৰশাসনৰ বুলড’জাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.