Goalpara eviction : নলবাৰী সংৰক্ষিত বনাঞ্চলত চলিব প্ৰশাসনৰ বুলড’জাৰ

By ETV Bharat Assamese Team

Published : Nov 6, 2023, 11:25 AM IST

thumbnail

গোৱালপাৰা, 6 নৱেম্বৰ : গোৱালপাৰা জিলাৰ লখিপুৰ আঞ্চলিক বন বিভাগৰ অন্তৰ্গত নলবাৰী সংৰক্ষিত বনাঞ্চলত জিলা প্ৰশাসনৰ আজি অৰ্থাৎ সোমবাৰে চলিব এক বৃহৎ উচ্ছেদ অভিযান । ইতিমধ্য উক্ত স্থানত উপস্থিত হৈছে বন বিভাগৰ লোকৰ লগতে অসম আৰক্ষী, চিআৰপিএফ বাহিনী আৰু জিলা প্ৰশাসনৰ লোক ৷

উল্লেখ্য যে, গোৱালপাৰা জিলাৰ নলবাৰী সংৰক্ষিত বনাঞ্চলৰ 1 হাজাৰ বিঘা ভূমিৰ প্ৰায় 500 বিঘা ভূমিয়েই অবৈধভাৱে একাংশ বেদখলকাৰীয়ে দখল কৰি আছিল । কেৱল দখল কৰাই নহয়, চৰকাৰী ভূমিত পকী ঘৰ নিৰ্মাণ কৰি বেদখলকাৰীয়ে দীৰ্ঘদিন ধৰি বসবাসো কৰি আহিছিল । সেয়ে শীঘ্ৰে এই চৰকাৰী ভূমি খালি কৰিবলৈ জিলা প্ৰশাসনে জাননী প্ৰেৰণ কৰিছিল । জিলা প্ৰশাসনৰ এই জাননীৰ ভিত্তিতেই উক্ত অঞ্চলত চলোৱা হ’ব উচ্ছেদ অভিযান ৷

আনহাতে, জিলাৰ প্ৰশাসনৰ উচ্ছেদৰ জাননী আগতীয়াকৈ লাভ কৰি অৱশ্যে একাংশ লোকে উচ্ছেদৰ পূৰ্বেই নিজৰ নিজৰ ঘৰ দুৱাৰ ভাঙি লৈ গৈছে । ইতিমধ্যে উক্ত স্থানত জিলা প্ৰশাসনে জেচিবিৰ বুলড’জাৰ লৈ উচ্ছেদস্থলীত উপস্থিত হৈছে । ক্ষন্তেক পিচতে উক্ত স্থানত চলিব প্ৰশাসনৰ বুলড’জাৰ ।

লগতে পঢ়ক : Kaziranga Elevated Road Project : এলিভেটেড কৰিড’ৰ নিৰ্মাণ হ’লে বন্যপ্ৰাণীৰ সুৰক্ষা বিনষ্ট হ’ব !

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.