ETV Bharat / state

লখিমপুৰলৈ অশনি সংকেত : মুষলধাৰ বৰষুণৰ মাজতে নীপকোৱে এৰিছে প্ৰকল্পৰ পানী

author img

By

Published : Jun 15, 2022, 8:19 PM IST

এক ভয়ংকৰ দুৰ্যোগৰ দিশে গতি কৰিছে লখিমপুৰ জিলা । নীপকোৱে মোকোলাই দিছে ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ পানী (Neepco releases excess water from Ranganadi hydroelectric plant) ৷ ইয়াৰ উপৰিও প্ৰৱল বৰষুণৰ সতৰ্কবাৰ্তা জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই (Haigh Alert: Neepco opened dam)। হাহাকাৰ লাগিছে নৈ পৰীয়াবাসীৰ মাজত ৷

High alert issued in Lakhimpur
লখিমপুৰলৈ অশনি সংকেত : মুষলধাৰ বৰষুণৰ মাজতে নীপকোৱে এৰিছে প্ৰকল্পৰ পানী

লখিমপুৰ, ১৫ জুন : লখিমপুৰলৈ নামিছে অশনি সংকেত (High alert issued in Lakhimpur)৷ পুনৰ বিপৰ্যয়ৰ দিশে গতি কৰিছে লখিমপুৰ জিলাৰ সামগ্ৰিক বান পৰিস্থিতি (Flood in Lakhimpur)। কিয়নো বিগত কিছুদিন ধৰি হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলত জিলাখনৰ নদীসমূহৰ জলপৃষ্ঠ বিপদজনক ৰূপত বৃদ্ধি হৈছে ৷

ইতিমধ্যে ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠই জামুগুৰিত বিপদ সীমা অতিক্ৰম কৰিছে । তেনেদৰে সোৱণশিৰি নদীৰ জলপৃষ্ঠ ঘনচৰাই আৰু পাভ নদীৰ জলপৃষ্ঠই ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত বিপদ সীমা অতিক্ৰম কৰাৰ তথ্য লাভ কৰা হৈছে । আনকি জিলাখনৰ আন নদীসমূহৰ জলপৃষ্ঠয়ো বিপদ সীমাৰ ওপৰেৰে গতি কৰিছে ৷

লখিমপুৰলৈ অশনি সংকেত : মুষলধাৰ বৰষুণৰ মাজতে নীপকোৱে এৰিছে প্ৰকল্পৰ পানী

এনে বিপদজনক সময়তে বৰঝাৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই লখিমপুৰ প্ৰসাশনলৈ পুনৰ জাৰি কৰিছে এক সতৰ্কবাণী ।

বৰঝাৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি, আগন্তুক ২৪ ঘন্টাৰ ভিতৰত জিলাখনত প্ৰবল বৃষ্টিপাত হোৱাৰ সম্ভাৱনা আছে ৷ বতৰ বিজ্ঞান কেন্দ্ৰৰ এই সতৰ্কবাণীয়ে এতিয়া চিন্তিত কৰি তুলিছে প্ৰতিজন লখিমপুৰবাসীক ৷ কিয়নো একেৰাহে আৰু অধিক প্ৰৱল বৃষ্টিপাত হ’লে জিলাখনৰ প্ৰতিখন নদীৰ জলপৃষ্ঠই পাৰ বাগৰি ভয়াবহ বন্যাৰ সৃষ্টি কৰিব পাৰে ।

লগতে পঢ়ক : Floods in Tihu : টিহুত দুঠাইত ছিগিল মৰাপাগলাদিয়াৰ মথাউৰি

এনে বিপদজনক আশংকা প্ৰকাশ পোৱাৰ সময়তে ভূতৰ ওপৰত দানহ পৰাদি নীপকোৱে খুলি দিছে প্ৰকল্পৰ পানী(Neepco releases excess water from Ranganadi hydroelectric plant)। প্ৰকল্পৰ জলাধাৰৰ অতিৰিক্ত পানী জমা হোৱাৰ ফলত জলাধাৰৰ সুৰক্ষাৰ স্বাৰ্থতে নীপকোৱে ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ অতিৰিক্ত পানী ৰঙানদীত মোকোলাই দিছে । যাৰ বাবে আৰু অধিক ফেনে-ফোটোকাৰে বাঢ়ি আহিছে ৰঙানদীৰ জলৰাশি ।

তথ্য অনুসৰি, বুধবাৰে বিয়লি নীপকোৱে প্ৰকল্পৰ পানী মোকোলাই দিব বুলি লখিমপুৰ জিলা প্ৰশাসনলৈ সতৰ্কবাৰ্তা প্ৰেৰণ কৰিছিল । এই বাৰ্তা প্ৰেৰণৰ কিছু সময়ৰ পাচতে নীপকোৱে ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ ৫ নং গেটখন এশ মিলিমিটাৰ খুলি দিয়ে (Neepco opened 5 no gate of Ranganadi Hydroelectric Power Project) । যাৰ ফলত মাত্ৰাধিক হাৰত ৰঙানদীৰ জলৰাশি বৃদ্ধি পাইছে ৷

এই নদীখনৰ পানী বাঢ়ি অহাত শংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজ ৷ এফালে ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ অতিৰিক্ত পানী (Neepco opened dam), আনফালে বতৰ বিজ্ঞান কেন্দ্ৰৰ প্ৰৱল বৰষুণ হোৱাৰ সতৰ্কবাৰ্তা । এই দুয়োটাই এতিয়া লখিমপুৰীয়া ৰাইজক বিতত কৰি তুলিছে ।

উপায়ন্তৰ হৈ লখিমপুৰবাসী ৰাইজে বিচাৰিছে এতিয়া চৰকাৰ তথা প্ৰশাসনৰ সহায় ৷ আনকি নিজক খেয়াল সুচি মতে নীপকোৱে পানী দিয়াৰ সন্দৰ্ভতো নীপকোৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিবলৈ ৰাইজে চৰকাৰক দাবী জনাইছে ৷

লগতে পঢ়ক : কৃত্ৰিম বানৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ে পিছুৱালে স্নাতকোত্তৰ পৰীক্ষা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.