ETV Bharat / state

73rd birthday of PM Modi: ২০২৪ ৰ নিৰ্বাচত অসমৰ ১১ খন আসন লাভ কৰিব BJP য়ে; প্ৰদান বৰুৱাৰ দৃঢ়তা

author img

By ETV Bharat Assamese Team

Published : Sep 17, 2023, 11:53 AM IST

Pradan Baruah prayers on Modi birthday
২০২৪ ৰ নিৰ্বাচত অসমৰ ১১ খন আসন লাভ কৰিব BJP য়ে: প্ৰদান বৰুৱা

আগন্তক লোকসভাত বিজেপি য়ে অসমত কেইখন আসন লাভ কৰিব ? ২০২৪ বিৰোধী INDIA মহাজোঁটক লৈ কি ক’লে সাংসদ প্ৰদান বৰুৱাই ৷ লখিমপুৰ লোকসভাত বিজেপি দলৰ পৰা প্ৰাৰ্থিত্ব লাভ যিয়েই নকৰক তেওঁৰ বিজয় নিশ্চিত বুলি দাবী প্ৰদান বৰুৱাৰ ।

২০২৪ ৰ নিৰ্বাচত অসমৰ ১১ খন আসন লাভ কৰিব BJP য়ে: প্ৰদান বৰুৱা

লখিমপুৰ, 17 ছেপ্টেম্বৰ: আজি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিন ৷ সমগ্ৰ দেশৰ বিজেপি কৰ্মীৰ লগতে সৰ্বসাধাৰণ ৰাইজে প্ৰধানমন্ত্ৰীগৰাকীৰ কুশল কামনা কৰিছে এই বিশেষ দিনটোত । প্ৰধানমন্ত্ৰীগৰাকীৰ লগতে সকলোৰে মংগল কামনা কৰি ধেমাজিত সাংসদ প্ৰদান বৰুৱাই সহধৰ্মিনী সৈতে ধেমাজি বিষ্ণু মন্দিৰত নৈবদ্য শৰাই আগবঢ়াই প্ৰধানমন্ত্ৰীগৰাকীৰ সুস্বাস্থ্য কামনা কৰে ৷

পুৱাই শৰাই আগবঢ়োৱাৰ পিছতেই লখিমপুৰ লোকসভাৰ সাংসদ প্ৰদান বৰুৱাই কয় যে, আজি দিনজোৰা কাৰ্যসূচীত ব্যস্ত হৈ থাকিব সাংসদগৰাকী । প্ৰধানমন্ত্ৰীৰ অমৃত বৃক্ষ কাৰ্যসূচী অনুসৰি নিজা বাসগৃহত গছপুলি ৰোপন কৰিব । বিশ্বকৰ্মা দিৱসত অংশগ্ৰহণ কৰাৰ কথা উল্লেখ কৰি সাংসদগৰাকীয়ে কয় যে ভাৰতবৰ্ষৰ যিমানবোৰ মিস্ত্ৰী আছে তেওঁলোকৰ বাবে এখন অভিলাসী আঁচনি প্ৰধানমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিব ।

লগতে তেওঁ কয় দেশৰ উন্নয়নৰ বাবে কৰা কাম-কাজে BJP ৰ সাংগঠনিক ভেটি মজবুত কৰিছে । সেয়েহে আগন্তুক লোকসভা নিৰ্বাচনত বিজেপি দলে উত্তৰ-পূৰ্বৰ গৰিষ্ঠ সংখ্যক আসন লাভ কৰাৰ সমান্তৰালকৈ অসমৰ ১১ খন আসন লাভ কৰিব বুলি দাবী কৰে ৷ মুখ্যমন্ত্ৰীৰ সুৰতে সুৰ মিলাই সাংসদগৰাকীয়ে বৰ্তমান সময়ত বিজেপিয়ে সাংগঠনিক স্থিতি যথেষ্ট সবল বুলি উল্লেখ কৰে ৷ তাৰ প্ৰতি লক্ষ্য ৰাখি অসমত ইয়াৰ নিশ্চিত ফলাফল লাভ কৰিব বুলি মত ব্যক্ত কৰে প্ৰদাান বৰুৱাই ৷

বিৰোধী INDIA ই যদিও একএিত হৈছে ইয়াৰ ফলাফললৈ বাট চাব লাগিব । এককভাৱে বলে নোৱাৰে বাবে একগোট হৈ যুঁজ দিছে INDIA ই । আনহাতে লখিমপুৰ লোকসভা সমষ্টিত পুনৰ নিৰ্বাচন খেলা-নেখেলা প্ৰসংগত কৌশলী মন্তব্য আগবঢ়াই বৰুৱাই । এই ক্ষেত্ৰত দলৰ সিদ্ধান্তই তেওঁ মানি ল'ব বুলি উল্লেখ কৰি বিজেপি প্ৰাৰ্থীত্ব যিয়ে লাভ কৰিব তেওঁ বিজয় নিশ্চিত বুলি দাবী কৰে ৷

লগতে পঢ়ক: Meri Mitti Meri Desh: মেৰী মাটি মেৰী দেশ কাৰ্যসূচী সফল কৰাৰ আহ্বান পুলক বেনাৰ্জীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.