ETV Bharat / state

Meri Mitti Meri Desh: মেৰী মাটি মেৰী দেশ কাৰ্যসূচী সফল কৰাৰ আহ্বান পুলক বেনাৰ্জীৰ

author img

By ETV Bharat Assamese Team

Published : Sep 17, 2023, 10:24 AM IST

Updated : Sep 17, 2023, 11:51 AM IST

প্ৰধানমন্ত্ৰীৰ আহ্বান মৰ্মে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰম্ভ হৈছে মেৰী মাটি, মেৰী দেশ কাৰ্যসূচী সফল কৰাৰ প্ৰচেষ্টা । ব্যতিক্ৰম নহয় মৰিগাঁও জিলা । জিলা প্ৰশাসনৰ উদ্যোগত মেৰী দেশ, মেৰী মাটি শীৰ্ষক কাৰ্যসূচী সফল ৰূপায়ণ কৰিবলৈ মৰিগাঁও জিলাবাসীক আহ্বান ৰাজ্যৰ আগশাৰী শিল্পী তথা শান্তিদূত পুলক বেনাৰ্জীৰ ।

Pulak Banerjee Pulak Banerjee appeal Meri Mitti Meri Desh programme to be a success
মেৰী মাটি মেৰী দেশ কাৰ্যসূচী সফল কৰাৰ আহ্বান পুলক বেনাৰ্জীৰ

মেৰী মাটি মেৰী দেশ কাৰ্যসূচী সফল কৰাৰ আহ্বান পুলক বেনাৰ্জীৰ

মৰিগাঁও, ১৭ ছেপ্টেম্বৰ: ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ সমান্তৰাল কৈ মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত মেৰী মাটি মেৰা দেশ শীৰ্ষক কাৰ্যসূচীৰ বাবে বণাৰ্ঢ্য আয়োজন । ইয়াৰ বাবে মৰিগাঁও জিলাৰ ব্ৰেণ্ড এম্বাচাদৰৰূপে মৰিগাঁৱলৈ আহিব ৰাজ্যৰ আগশাৰী শান্তিদূত পুলক বেনাৰ্জী । ইয়াৰ মাজতে শিল্পীগৰাকীৰ এক বিশেষ আহ্বান ।

জ্যেষ্ঠ শিল্পীগৰাকীয়ে এক ভিডিঅ’যোগে জিলাখনৰ সকলো অঞ্চলৰ লোকক সবিনয়ে নিজ নিজ গাঁৱৰ পৰা অলপ অলপ মাটি আনিবলৈ আহ্বান জনায় । আনহাতে মৰিগাঁও জিলা প্ৰশাসনে শনিবাৰে জিলাখনৰ বিভিন্ন উন্নয়নমূলক আঁচনি, বিভিন্ন ঐতিহ্যমণ্ডিত মঠ-মন্দিৰৰ ভিডিঅ'যোগে সকলোকে মেৰী দেশ, মেৰী মাটি কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায় ।

শান্তি আৰু একতাৰ অহিংস মন্ত্ৰৰে সকলোকে ঐক্য আৰু সংহতিৰ গান গাবলৈ আহ্বান জনাই জিলা প্ৰশাসন তথা মৰিগাঁও জিলা প্ৰশাসনৰ লগতে পুলকবেনাৰ্জীয়ে । 'মেৰী মাটি মেৰা দেশ' কাৰ্যসূচীৰ অধীনত ৰাজ্যখনৰ প্ৰতিখন গাঁৱৰ পৰা মাটি সংগ্ৰহ কৰি গাঁও পঞ্চায়ত, উন্নয়ন খণ্ড, ৰাজ্যিক পৰ্যায় আৰু পৰৱৰ্তী পৰ্যায়ত এই মাটি দেশৰ ৰাজধানী নতুন দিল্লীলৈ লৈ গৈ 'অমৃত ভাটিকা' নিৰ্মাণত ব্যৱহৃত হ'ব ।

সেয়ে জন-অংশীদাৰীত্বৰে স্বাধীনতা উদযাপন কৰিবলৈ প্ৰধানমন্ত্ৰীৰ 'অমৃত কলহ যাত্ৰা' কাৰ্যসূচীত সদলবলে যোগদান কৰিবলৈ আহ্বান জনাই বেনাৰ্জীয়ে । শান্তি আৰু একতাৰ বাবে অহা ১৯ ছেপ্টেম্বৰত মৰিগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হ'ব এক বিশেষ অনুষ্ঠান । পুৱা ১০ বজাত অনুষ্ঠিত উক্ত অনুষ্ঠানতে ব্ৰেণ্ড এম্বেচাদৰ গণশিল্পী পুলক বেনাৰ্জী উপস্থিত থাকি মৰিগাঁওবাসীক এই কাৰ্যসূচী সফল কৰি তুলিবলৈ আহ্বান জনাব ।

লগতে পঢ়ক: Bishwakarma Puja 2023: চৰা দামে সেমেকা কৰিছে পূজাৰ আনন্দ; বিপাঙত খুচুৰা ব্যৱসায়ী

Last Updated :Sep 17, 2023, 11:51 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.