Bishwakarma Puja 2023: চৰা দামে সেমেকা কৰিছে পূজাৰ আনন্দ; বিপাঙত খুচুৰা ব্যৱসায়ী

By ETV Bharat Assamese Team

Published : Sep 17, 2023, 7:45 AM IST

thumbnail

ধেমাজি,১৭ ছেপ্টেম্বৰ: কাইলৈ বিশ্বকৰ্মা পূজা । বিশ্বখনিকৰৰ বন্দনাৰে মুখৰিত হ'ব চৌদিশ । বিশ্বকৰ্মা পূজাৰ লগে লগে আৰম্ভ হৈছে পূজাৰ বতৰ । এনে ক্ষণত এতিয়া পূজাৰ বিভিন্ন সামগ্ৰীয়ে উভৈনদী হৈ পৰিছে সৰুবৰ খুচুৰা বিপনীসমূহ ৷ বিশেষকৈ মালা, বিশ্বকৰ্মা প্ৰতিমা, মাটি চাকি, কুঁহিয়াৰ, কল, বুট, আপেল আদিৰে ভৰি পৰিছে বিপনীসমূহ ।  

পিছে, খুচুৰা ব্যৱসায়ীয়ে অধিক দামত পাইকাৰী বিক্ৰেতাৰ পৰা কিনি আনি বিক্ৰীৰ বাবে ৰখা সামগ্ৰীৰ চৰা দাম শুনিলে সাধাৰণ গ্ৰাহকে এতিয়া দহবাৰ ভাবিবলগীয়া হৈছে । এনে ক্ষেত্ৰত বিশ্বখনিকৰক উপাসনা কৰিবলৈ কেইটামান ঘন্টা বাকী থকা অৱস্থাতো বহুকেইখন খুচুৰা বিপনীত গ্ৰাহকৰ উপস্থিতি সেৰেঙা বুলি জানিব পৰা গৈছে ৷  

একেই পৰিৱেশ বিৰাজ কৰিছে ধেমাজিতো । তথাপিও বিশ্বখনিকৰক আৰাধনা কৰিবলৈ সাজু হৈছে ধেমাজিবাসীও । ধেমাজিৰ নগৰৰ প্ৰতিমা নিৰ্মাণ প্ৰতিষ্ঠানত খনিকৰে প্ৰতিমাত শেষ পৰশ বোলাই আৰু পোচাক পৰিধানেৰে সাজু কৰিছে গ্ৰাহকৰ বাবে ৷

লগতে পঢ়ক: Beef meat trade:ডিব্ৰুগড়ৰ টিংখাঙত চলিছে গো-মাংসৰ ৰমৰমীয়া ব্যৱসায়

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.