ETV Bharat / state

স্বামীগৃহৰ ধন-সোণ লুটি প্ৰেমিকৰ হাতেৰে দ্বিতীয়বাৰ সেন্দুৰ পিন্ধিলে মলয়া বাইদেৱে

author img

By ETV Bharat Assamese Team

Published : Dec 22, 2023, 9:36 PM IST

extramarital affair Narayanpur
স্বামীগৃহৰ ধন-সোণ লৈ পৰকীয়া প্ৰেমিকলৈ কাষলৈ মলয়া বাইদেউ

Extramarital affair: মলয়া বাইদেউৰ জীয়েক নহয় এইবাৰ পলাই গ'ল মলয়া বাইদেউ ৷ মলয়া বাইদেউ এগৰাকী মাতৃ ৷ বিজেপি দলৰ ৱাৰ্ড সদস্যা মলয়া বাইদেউ পলাই গ’ল এগৰাকী শিক্ষক তথা দুই সন্তানৰ পিতৃলৈ ৷ ইয়াকে লৈ নাৰায়ণপুৰত ৰৌজাল-বৌজাল ৷

স্বামীগৃহৰ ধন-সোণ লৈ পৰকীয়া প্ৰেমিকলৈ কাষলৈ মলয়া বাইদেউ

বিহপুৰীয়া, 22 ডিচেম্বৰ: মলয়া বাইদেউ পলাই গ’ল ৷ ৰীল বনাই আপোনজনৰ প্ৰতি ভালপোৱা প্ৰকাশ কৰা নাৰায়ণপুৰৰ মলয়া বাইদেউ পলাই গ’ল ৷ নাৰায়ণপুৰৰ ৰাজগড় গাঁও পঞ্চালয়তৰ 4 নম্বৰ ৱাৰ্ডৰ ৱাৰ্ড মেম্বাৰগৰাকী দুটিকৈ পুত্ৰ সন্তানৰ মাতৃ ৷ বহল মনৰ অধিকাৰী ৱাৰ্ড মেম্বাৰগৰাকীয়ে স্বামীৰ লগতে দুটাকৈ সন্তানৰ মাজতে ভালপোৱা ভগাই দি সন্তুষ্ট নহ’ল ৷

প্ৰেমৰ সাগৰত সাঁতুৰি-নাদুৰি ভাগৰি নপৰা ৱাৰ্ড সদস্যা মলয়া বাইদেউ পলাই গ’ল ৰাজগড় জুটুলিবাৰী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক তথা দুই সন্তানৰ পিতৃ দিব্যজ্যোতি গগৈলৈ ৷ ইফালে নাৰায়ণপুৰ মণ্ডল বিজেপিৰ আইটি চেলৰো এগৰাকী সক্ৰিয় সদস্যা মলয়া বাইদেউ ৷

ইয়াৰ পাছতে মলয়া বাইদেউৰ পূৰ্বৰ স্বামীগৃহত এক অবৰ্ণনীয় পৰিৱেশ ৷ পৰকীয়া প্ৰেমিক দিব্যজ্যোতি ছাৰৰ ওচৰলৈ কেৱল এসাগৰ ভালপোৱা লৈয়েই যোৱা নাই, লগত লৈ গৈছে এখন স্কুটি, সোণৰ গহনাৰ লগতে মাটি বিক্ৰী কৰি পোৱা লক্ষাধিক টকাও লগত লৈ যোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে শাহুৱেকে । এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ সীমান্তৱৰ্তী অঞ্চলটোতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ।

ইফালে পৰকীয়া প্ৰেমে বিবাহৰ ৰূপ লোৱা ঘটনাত মূৰে কঁপালে হাত দি লাজতে নাক কোচাইছে ওচৰ-চুবুৰীয়াইও । ৰাইজৰ লগতে পৰিয়ালৰ দাবী- শীঘ্ৰে মলয়া বাইদেউৰ ৱাৰ্ড সদস্যাৰ পদ বাতিল কৰাৰ লগতে শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিত নিয়োজিত শিক্ষক দিব্যজ্যোতিকো চাকৰিৰ পৰা অপসাৰণ কৰিব লাগে ৷ ৱাৰ্ড সদস্যা মলয়া আৰু শিক্ষক দিব্যজ্যোতিৰ এনে কু-কৰ্মৰ বাবেই দুখন সুখৰ সংসাৰ ধ্বংস হোৱা ঘটনাক সকলোৱে নিন্দা কৰিছে ৷

লগতে পঢ়ক: প্ৰেমৰ চলনাৰে যুৱতীক অন্তঃসত্তা কৰা যুৱকৰ বিৰুদ্ধে গোচৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.