প্ৰেমৰ চলনাৰে যুৱতীক অন্তঃসত্তা কৰা যুৱকৰ বিৰুদ্ধে গোচৰ

By ETV Bharat Assamese Team

Published : Dec 9, 2023, 8:11 PM IST

thumbnail

যোৰহাট, ৯ ডিচেম্বৰঃ প্ৰেমৰ চলনাৰে চাহ জনগোষ্ঠী যুৱতীক অন্তঃসত্তা কৰি তিনিদিন পূৰ্বে যুৱকে বিবাহ কৰিলে অন্য যুৱতীক । তিনিচুকীয়া জিলাৰ চাহ জনগোষ্ঠীয় এগৰাকী যুৱতীৰে দীৰ্ঘদিন প্ৰেমৰ অভিনয়ৰে শাৰীৰিক সম্পৰ্ক গঢ়ি তোলে এজন যুৱকে । যোৰহাটৰ ১ নং চৰাইবাহি গাঁৱৰ জানমণি বৰুৱা নামৰ যুৱকজনে এইগৰাকী যুৱতীৰে গুৱাহাটীত কৰ্মসূত্ৰে থাকোতে শাৰীৰিক সম্পৰ্ক গঢ়ি তোলে । যুৱতীগৰাকী বৰ্তমান সাত মাহৰ অন্ত:সত্তা ।  

এই সম্পৰ্কে যুৱতীগৰাকীয়ে যুৱকজনক অৱগত কৰে যদিও যুৱতী গৰাকীক ওলোটাই ভাবুকিহে প্ৰদান কৰে যুৱকজনে । তাৎপৰ্যপূৰ্ণভাৱে ইয়াৰ মাজতে যুৱকজনে যোৱা ৬ ডিচেম্বৰত সামাজিকভাৱে আন এগৰাকী যুৱতীক বিবাহ কৰায় । যুৱতীগৰাকীয়ে এই ঘটনা সন্দৰ্ভত যোৰহাট সদৰ থানাত এজহাৰ দাখিল কৰে । আজি আদালতত যুৱতী গৰাকীৰ ভাষ্য় লিপিবদ্ধ কৰা হয় । এই ঘটনাক লৈ সৰৱ হৈ পৰিছে চাহ জনগোষ্ঠীয় কেইবাটাও দল -সংগঠন। দোষীক কঠোৰ শাস্তি দিবলৈ দাবী জনাইছে  চাহ জনগোষ্ঠীয় কেইবাটাও দল-সংগঠনে ।

লগতে পঢ়ক:সামান্য কথাতে ভগ্নী আৰু ভগ্নীৰ স্বামীক হত্যা কৰিলে ভাতৃয়ে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.