ETV Bharat / state

বানৰ কৱলত লখিমপুৰৰ বহুসংখ্যক নৈপৰীয়া ৰাইজ

author img

By

Published : May 25, 2020, 10:18 PM IST

লখিমপুৰ জিলাত চলিত বৰ্ষৰ প্ৰথমটো বানপানী ৷ বানৰ আতংকই কোঙা কৰি তুলিছে লখিমপুৰ জিলাৰ নৈপৰীয়া ৰাইজক ৷ কাকৈ নদী, সোমদিৰী নদীৰ বাঢ়নী পানীয়ে বিভীষিকাৰ সৃষ্টি কৰিছে 1 নং হিন্দু আদৰ্শ গাঁৱত । বিগত 4 দিন ধৰি সমস্যাৰে জৰ্জৰিত হৈ আছে 153 টা পৰিয়াল ৷

বানৰ কবলত লখিমপুৰৰ নৈপৰীয়া ৰাইজৰ বিপত্তি
বানৰ কবলত লখিমপুৰৰ নৈপৰীয়া ৰাইজৰ বিপত্তি

লখিমপুৰ, 25 মে’: বাৰিষাৰ প্ৰথমটো বানৰ কৱলত পৰিছে লখিমপুৰ জিলা । ৰঙানদী, সোৱণশিৰীৰ লগতে ফেনে-ফুটুকাৰে বাঢ়ি অহা বানত এতিয়া হাহাকাৰ অৱস্থা নৈপৰীয়া ৰাইজৰ । নেৰানেপেৰা বৰষুণৰ পিছত বানৰ আতংকই দেখা দিছে লখিমপুৰ জিলাত নৈৰ বাঢ়নী পানী কমিছে যদিও হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৰাইজৰ মাজত ।

কাকৈ নদী, সোমদিৰী নদীৰ বাঢ়নী পানীয়ে বিভীষিকাৰ সৃষ্টি কৰিছে 1 নং হিন্দু আদৰ্শ গাঁৱত । হিন্দু গাঁৱত ৰাইজৰ এতিয়া সাৰথি মাথোঁ নাঁওখন । আদৰ্শ গাঁওবাসীৰ ঘৰৰ ভিতৰত, চৌহদত, বাট-পথ সকলোতে এতিয়া পানী ।

বানৰ কবলত লখিমপুৰৰ নৈপৰীয়া ৰাইজৰ বিপত্তি

আদৰ্শ গাঁও যেন এতিয়া আদৰ্শ হৈ থকা নাই । সমস্যাৰ মাজত বিগত চাৰিদিন দিন পাৰ কৰিছে 153 টা পৰিয়ালে । কৰ’ণাৰ আতংকৰ মাজতে বানৰ আতংকই এতিয়া দিক-বিদিক হেৰুৱাই পেলাইছে আদৰ্শ গাঁওবাসীয়ে ৷

লগতে পঢ়ক: ধেমাজিত চিনাক্ত জিলাখনৰ প্ৰথমগৰাকী কোভিড-19 ৰোগী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.