ETV Bharat / state

অগ্নিপথ আঁচনিৰ বিৰোধিতাৰে সৰৱ লখিমপুৰ জিলা যুৱ কংগ্ৰেছ

author img

By

Published : Jun 23, 2022, 9:00 PM IST

lakhimpur youth congress press meet on agneepath scheme
অগ্নিপথ আঁচনিৰ বিৰুদ্ধে সংবাদ মেল লখিমপুৰ জিলা যুৱ কংগ্ৰেছৰ

অগ্নিপথ আঁচনিক লৈ দেশজুৰি অব্যাহত আছে প্ৰৱল প্ৰতিবাদ । দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজ্যতো বিভিন্ন দল-সংগঠনে এই আঁচনিৰ বিৰুদ্ধে কৰিছে বিৰোধিতা((Protest against Agnipath scheme)) । লখিমপুৰত সংবাদ মেলৰ জৰিয়তে আঁচনিখনৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্য়ক্ত কৰিলে লখিমপুৰ জিলা যুৱ কংগ্রেছে(Lakhimpur District Youth Congress reacts to Agneepath scheme) ।

লখিমপুৰ,২৩ জুন: কেন্দ্রীয় চৰকাৰৰ অগ্নিপথ আঁচনিয়ে সৃষ্টি কৰা প্ৰতিক্ৰিয়া সমগ্র দেশতে অব্যাহত আছে(Agnipath recruitment 2022) । চৌ দিশে চলিছে প্ৰৱল প্ৰতিবাদ (Protest against Agnipath scheme)। এনে পৰিস্থিতিৰ মাজতে বৃহস্পতিবাৰে লখিমপুৰ জিলা যুৱ কংগ্রেছে সংবাদ মেলৰ জৰিয়তে আচনিখনৰ তীব্ৰ বিৰোধিতা কৰে((Protest against Agnipath scheme)) । অগ্নিপথ আঁচনিৰ বিৰুদ্ধে নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত সংবাদমেলখনৰ আয়োজন কৰে লখিমপুৰ জিলা যুৱ কংগ্ৰেছে(Lakhimpur District Youth Congress reacts to Agneepath scheme) ।

অগ্নিপথ আঁচনিৰ বিৰুদ্ধে সংবাদ মেল লখিমপুৰ জিলা যুৱ কংগ্ৰেছৰ

সংবাদ মেলখনত নিৱনুৱা যুৱক যুৱতীসকলক লৈ হেতালি নেখেলিবলৈ বিজেপি চৰকাৰক সকিয়নি প্ৰদান কৰে লখিমপুৰ জিলা যুৱ কংগ্ৰেছৰ নেতৃত্বই । অগ্নিপথ আঁচনিৰ নিয়মে দেশত আৰু নিৱনুৱাৰ সংখ্যা বৃদ্ধিহে কৰিব বুলি মন্তব্য কৰে লখিমপুৰ জিলা যুৱ কংগ্ৰেছে । ইয়াৰোপৰি বিজেপি চৰকাৰে নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতিসমূহ পুৰণ নকৰাত চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে লখিমপুৰ জিলা যুৱ কংগ্ৰেছে ।

ভূমিৰ খাজনাৰ পৰা সকলো সামগ্ৰীৰ দাম বৃদ্ধি হোৱা আৰু নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ বাবে চৰকাৰখনক চোকা সমালোচনা কৰে যুৱ কংগ্রেছী সকলে । ধৰ্মীয় আবেগেৰে ৰাইজক বৰ বেছি দিন মোহাছন্ন কৰি ৰাখিব নোৱাৰিব বুলি বিজেপি চৰকাৰখনক সকিয়াই দিয়াৰ উপৰি দেশৰ সুৰক্ষাৰ ক্ষেত্রত হেতালি খেলা সহ্য কৰা নহ’ব বুলিও হুংকাৰ দিলে যুৱ কংগ্ৰেছে ।

লগতে পঢ়ক: Bridge collapses in Mariani : মৰিয়নিত খহি পৰিল দলঙৰ অংশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.