Bridge collapses in Mariani : মৰিয়নিত খহি পৰিল দলঙৰ অংশ

By

Published : Jun 23, 2022, 4:41 PM IST

Updated : Feb 3, 2023, 8:24 PM IST

thumbnail

ৰাজ্যৰ ভিন্ন প্ৰান্তত বানে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে (Flood situation in Assam)। কেইবাখনো জিলা বানৰ কৱলত পৰাৰ সময়তে মৰিয়নিত চিৰাখাটি নৈৰ তাণ্ডৱ । খৰস্ৰোতা সোঁতে উটুৱাই নিলে নৈৰ ওপৰত থকা পকী দলঙৰ এটা অংশ (Bridge collapses in Mariani)। পকী দলঙৰ এটা অংশ উটুৱাই নিয়াত সীমান্তৱৰ্তী দুলাল বৰুৱা পথত যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে (Communication disrupted due to bridge collapse in Mariani)। জানিব পৰা মতে নিশা নাগালেণ্ডত হোৱা প্ৰৱল বৃষ্টিপাতৰ ফলত খৰস্ৰোতা নৈৰ পানীয়ে উটুৱাই নিয়ে দলংখন । সীমান্তৱৰ্তী এলেকা মৰিয়ানি নিউ সোণোৱালৰ পৰা গাহৰী চোৱা হৈ তিতাবৰ বৰহোলা সংযোগী দুলাল বৰুৱা পথটোৰ এই চিৰা খাটি দলং খনৰ সন্মুখৰ বৃহৎ অংশ উটুৱাই নিয়াৰ ফলত হাজাৰ হাজাৰ লোকৰ যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে । সম্প্ৰতি দলংখন খহি পৰাত অঞ্চলটোৰ ৰাইজ সমস্যাৰ সন্মুখীন হৈছে ।

Last Updated : Feb 3, 2023, 8:24 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.