ETV Bharat / state

পেট্ৰ’পণ্যৰ মূল্য বৃদ্ধিক লৈ লখিমপুৰত কংগ্রেছৰ প্ৰতিবাদ

author img

By

Published : Jun 11, 2021, 8:45 PM IST

lakhimpur-district-congress-protests-over-hike-in-prices-of-petrol-disel
পেট্ৰপণ্যৰ মূল্য বৃদ্ধিত লখিমপুৰ জিলা কংগ্রেছৰ প্ৰতিবাদ

পেট্ৰ’পণ্যৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ ৷ শীঘ্ৰে পেট্ৰ’পণ্যৰ মূল্য হ্ৰাস কৰি জনগণক সকাহ দিয়াৰ দাবী কংগ্ৰেছৰ ৷

লখিমপুৰ, 11 জুন : বিগত কিছু দিন ধৰি দেশত অব্যাহত আছে পেট্ৰল-ডিজেলৰ মূল্য বৃদ্ধি ৷ সম্প্ৰতি প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্য 91.55 টকাৰ বিপৰীতে ডিজেলৰ মূল্য 86.40 টকা ৷ পেট্ৰ’লজাত সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বাবে ৰাজ্যজুৰি কংগ্ৰেছ দলৰ প্ৰতিবাদ ৷ পেট্ৰ’পণ্যৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে শুকুৰবাৰে লখিমপুৰতো কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰে ৷

lakhimpur-district-congress-protests-over-hike-in-prices-of-petrol-disel
লখিমপুৰত কংগ্রেছৰ প্ৰতিবাদ

জিলা কংগ্ৰেছৰ উদ্যোগত নগৰৰ বিভিন্ন পেট্ৰ’ল ডিপোৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছ কৰ্মী সকলে । কংগ্ৰেছ বিৰোধী দলত আছে বুলিয়েই যে বিৰোধিতা কৰিছে তেনে নহয় পেট্ৰ’ল ডিজেলৰ মূল্য বৃদ্ধিৰ ফলত জনসাধাৰণৰ যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে ৷ সেয়েহে শীঘ্ৰে পেট্ৰ’পণ্যৰ মূল্য হ্ৰাস কৰি জনগণক সকাহ দিয়াৰ দাবী উত্থাপন কৰে কংগ্ৰেছে ৷

উল্লেখ্য যে, পেট্ৰ’লজাত সামগ্ৰীৰ মূল্য বৃদ্ধিৰ লগে লগে অন্যান্য নিত্য প্ৰয়োজনীয় সমগ্ৰীৰ মূল্য বৃদ্ধি পোৱা অধিক সম্ভাৱনা আছে ৷ মূল্য বৃদ্ধি হ্ৰাস নকৰিলে দলৰ শীৰ্ষ নেতাৰ নিৰ্দেশ ক্ৰমে অনাগত দিনত তীব্ৰ প্ৰতিবাদ অব্যাহত ৰখা হ’ব বুলিও ঘোষণা লখিমপুৰ জিলা কংগ্ৰেছৰ ।

লগতে পঢ়ক:এমহীয়া খতিয়ান লৈ নাগপুৰৰ আৰ এছ এছ(RSS)ৰ কাৰ্যালয়লৈ মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.