ETV Bharat / state

Attempt To Murder Case: ৰমজানৰ মাজতে পত্নীক দাৰে ঘপিয়াই হত্যাৰ চেষ্টা ছামচুদ্দিনৰ

author img

By

Published : Mar 28, 2023, 10:16 PM IST

Husband attacks wife in Lakhimpur
দাৰে ঘপিয়াই পত্নীক হত্যাৰ চেষ্টা স্বামীৰ

লখিমপুৰৰ নাওবৈচাত পুনৰ শিহৰণকাৰী ঘটনা ৷ ভাগিনিয়েকে মোমায়েকক হত্যা কৰাৰ ঘটনাৰ উত্তেজনা মাৰ নৌযাওঁতেই এইবাৰ স্বামীয়ে দাৰে ঘপিয়ালে পত্নীক (Husband attacks wife)৷

দাৰে ঘপিয়াই পত্নীক হত্যাৰ চেষ্টা স্বামীৰ

লখিমপুৰ, ২৮ মাৰ্চ : ক্ৰমাৎ অপৰাধীৰ ৰম্যভূমিলৈ পৰিণত হৈছে লখিমপুৰ জিলা (Murder Case in Lakhimpur)৷ চলিত মাহত ইটোৰ পিচত সিটোকৈ জঘন্য হত্যাকাণ্ডই কঁপাইছে জিলাখন ৷ এতিয়া মুছলমান সম্প্ৰদায়ৰ পবিত্ৰ ৰমজান মাহ ৷ এই পবিত্ৰ মাহটোত ৰোজা ৰাখি ইছলাম ধৰ্মাৱলম্বী লোকসকলে সংযত জীৱন যাপন কৰে ৷ ইয়াৰ মাজতে লখিমপুৰত মঙলবাৰে সংঘটিত হৈছে এক জঘন্য ঘটনা (Attempt To Murder Case) ৷ নামাজ আদায় কৰি ফুৰিবলৈ যোৱা অৱস্থাত স্বামীয়ে দাৰে ঘপিয়াই হত্যাৰ চেষ্টা কৰে পত্নীক (Husband attacks wife) ৷

ঘটনাৰ বিৱৰণী অনুসৰি লখিমপুৰ জিলাৰ নাওবৈচাতল নিজ মাতৃৰ ঘৰলৈ আহিছিল স্বামী আৰু সন্তানসহ মহিলাগৰাকী ৷ পুৱা নামাজ পঢ়ি কেইগৰাকীমান মহিলাৰ লগত ফুৰিবলৈ গৈছিল ভুক্তভোগী মহিলাগৰাকী (Husband attempt to murder wife) ৷ তেনেতে স্বামীক দেখি মহিলাগৰাকীয়ে কিবা লাগে নেকি বুলিও প্ৰশ্ন কৰিছিল ৷ কিন্তু পত্নীৰ প্ৰশ্নত কোনো উত্তৰ নিদিয়ে স্বামীয়ে ৷ তাৰ পিচতেই স্বামীয়ে লুকুৱাই নিয়া দাৰে পিচফালৰ পৰা পত্নীৰ মূৰত ঘপিয়াই দিয়ে ৷ মছজিদৰ চৌহদৰ দেৱালৰ কাষতে দাৰে ঘপিয়াই হত্যাৰ চেষ্টা কৰে দুৰ্ভগীয়া পত্নীক ৷

এই ভয়ংকৰ ঘটনা সংঘটিত কৰা স্বামীৰ নাম ছামচুদ্দিন আনচাৰি বুলি জানিব পৰা গৈছে ৷ ইয়াৰ পিচতে মহিলাসকলৰ মাজত হুৱা-দুৱা পৰিস্থিতিৰ সৃষ্টি হয় ৷ ঘটনা সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা পলায়ন কৰে ছামচুদ্দিনে ৷ লগে লগে স্থানীয় লোকৰ খবৰৰ ভিত্তিত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মহিলাগৰাকীক উদ্ধাৰ কৰি ততাতৈয়াকৈ লখিমপুৰ মেডিকেল কলেজলৈ (Lakhimpur Medical College) প্ৰেৰণ কৰে ৷ কিন্তু মহিলাগৰাকীৰ অৱস্থা গুৰুতৰ হোৱাৰ বাবে উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় অসম মেডিকেল কলেজলৈ স্থানান্তৰ কৰা হয় ৷

ইতিমধ্যে আৰক্ষীয়ে পত্নীক হত্যা কৰিবলৈ চেষ্টা চলোৱা স্বামীক গ্ৰেপ্তাৰ কৰি সোধা পোছাৰ বাবে থানালৈ লৈ যায় (Accused husband arrested) ৷ পৰিয়ালৰ লোকে কোৱা অনুসৰি ঘৰুৱা বিবাদৰ বাবেই এই জঘন্য ঘটনা সংঘটিত কৰিছে ছামচুদ্দিনে ৷ এনেদৰে নিজ পত্নীক নৃশংসভাৱে আক্রমণ কৰা কাৰ্যক অঞ্চলটোৰ লোকে ধিক্কাৰ দিছে ।

লগতে পঢ়ক: Arunachal Khonsa jailbreak: নিৰাপত্তাৰক্ষীক হত্যা কৰি অৰুণাচল প্ৰদেশৰ কাৰাগাৰৰ পৰা পলায়ন দুধৰ্ষ উগ্ৰপন্থীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.