ETV Bharat / state

Protest in Lakhimpur: অৰুণাচলী বেদখলকাৰীৰ গুলীচালনা; লখিমপুৰত পাঁচটাকৈ সংগঠনৰ যৌথ অৱস্থান ধৰ্মঘট

author img

By

Published : Jun 9, 2023, 3:29 PM IST

Protest in Lakhimpur
প্ৰতিবাদত উত্তাল লখিমপুৰ

শুকুৰবাৰে লখিমপুৰত অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে পাঁচটাকৈ সংগঠনে ৷ জয়ৰামপুৰৰ ঘটনাক লৈ চৰকাৰৰ বিৰুদ্ধে এই প্ৰতিবাদী কাৰ্যসূচী (Protest in Lakhimpur) ৷

লখিমপুৰত পাঁচটাকৈ সংগঠনৰ যৌথ অৱস্থান ধৰ্মঘট

লখিমপুৰ, 9 জুন: জয়ৰামপুৰৰ ঘটনাৰ প্ৰতিবাদত আজিও উত্তাল হৈ আছে লখিমপুৰ জিলা ৷ যৌথ ঐক্য সংগ্ৰামী মঞ্চৰ বেনাৰত পাঁচটা সংগঠনে শুকুৰবাৰে লখিমপুৰ নগৰত অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ( Joint protest against Arunachali in Lakhimpur) ৷

পাঁচটাকৈ সংগঠনৰ উত্তাল প্ৰতিবাদ লখিমপুৰত ৷ জয়ৰামপুৰৰ ঘটনাক লৈ চৰকাৰৰ বিৰুদ্ধে এই প্ৰতিবাদী কাৰ্যসূচী ৷ উল্লেখ্য যে, পাঁচ জুনত জয়ৰামপুৰৰ পাণবাৰীত সংঘটিত হোৱা দুৰ্ভাগ্যজনক ঘটনাৰ প্ৰতিবাদত আজিও উত্তাল হৈ আছে লখিমপুৰ জিলা ৷ অসম জাতীয়তাবাদী যুৱ পৰিষদ, আটছা, টাইপা, কৃষক মুক্তি, বীৰ লাচিত সেনা আদি সংগঠন কেইটাই শুকুৰবাৰে যৌথ সংগ্ৰামী ঐক্য মঞ্চৰ বেনাৰত লখিমপুৰ নগৰৰ খেলপথাৰৰ সমীপত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে (Protest against Arunachali in Lakhimpur) ৷

অসম চৰকাৰ হায় হায়, সীমা বিবাদ নিষ্পত্তি কৰক, জয়ৰামপুৰৰ ঘটনাত জৰিত অপৰাধীক কঠোৰ শাস্তি প্ৰদান কৰক, অৰুণাচলীৰ দাদাগিৰী সহ্য কৰা নহ’ব, খিলঞ্জীয়া বিৰোধী চৰকাৰ হুচিয়াৰ আদি শ্ল’গানেৰে প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰী সকলে ৷ ধৰ্মঘটস্থলীত মনোজ কলিতা, অজিত বুঢ়াগোহাঁই আদি বিভিন্ন সংগঠনৰ নেতৃত্বই ক্ষোভ প্ৰকাশ কৰি কয় যে, অৰুণাচলৰ একাংশ দুস্কৃতিকাৰীয়ে আক্ৰোশমূলকভাৱে অসমীয়া লোকক গুলিয়াই হত্যা কৰিছে বুলি মন্তব্য কৰে প্ৰতিবাদকাৰী সকলে (Protest against Arunachali encroachers) ৷

লগতে তেওঁলোকে কয় যে, অসম-অৰুণাচলৰ সাতামপুৰুষীয়া ঐক্য-সম্প্ৰীতি বিনষ্ট কৰিছে ৷ কেইটামান দুস্কৃতিকাৰীৰ বাবেই দুয়োখন ৰাজ্যৰ সমন্বয়ৰ ক্ষতি হৈছে ৷ ইয়াৰ মূলতে আছে সীমা সমস্যা ৷ সীমা সমস্যা সমাধান কৰাত অসম চৰকাৰৰ সদিচ্ছা নাই ৷ অৰুণাচল সীমান্ত অসমীয়াৰ তেজেৰে ৰাঙলী হোৱাৰ পিছতো মুখ্যমন্ত্ৰীৰ গা লৰা নাই ৷ মৃতকৰ পৰিয়াল বা ঘটনাস্থলীত আজিলৈকে কোনো এজন মন্ত্ৰীয়ে ভৰি নিদিলে ৷ আৰু কিমান অসমীয়া যুৱকে তেজ দিলে সীমা সমস্যা সমাধান হ’ব বুলি প্ৰশ্ন কৰে প্ৰতিবাদকাৰী সকলে (Protest for solve Border issue) ৷

অসমৰ এক ইঞ্চিও মাটি আন ৰাজ্যলৈ নোযোৱাকৈ সীমা সমস্যা সমাধান কৰাৰ লগতে আন্তৰাজ্যিক পাৰপত্ৰ ব্যবস্থা প্ৰৱৰ্তন কৰিবলৈও প্ৰতিবাদকাৰী সকলে দাবী জনায় ৷ চৰকাৰখনে খিলঞ্জীয়া লোক জহন্নামে গ’লেও অনুকম্পা নথকাৰ মনোভাৱহে প্ৰকাশ কৰিছে ৷ জনসাধাৰণক নিৰাপত্তা দিয়াত চৰম ব্যৰ্থ হোৱা বুলি চৰকাৰ খনক চোকা ভাষাৰে সমালোচনা কৰি জয়ৰামপুৰৰ ঘটনাত নিহত পৰিয়ালক ক্ষতি পূৰণ, সংস্থাপন দিয়াৰো দাবী জনায় প্ৰতিবাদকাৰী সংগঠনৰ নেতৃত্বই (Assam Arunachal border dispute) ৷

লগতে পঢ়ক: Goalpara firing incident: গোৱালপাৰাত গুলীবিদ্ধ অৱস্থাত উদ্ধাৰ যুৱক; ঘটনাক লৈ ৰহস্যৰ সৃষ্টি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.