ETV Bharat / state

Goalpara firing incident: গোৱালপাৰাত গুলীবিদ্ধ অৱস্থাত উদ্ধাৰ যুৱক; ঘটনাক লৈ ৰহস্যৰ সৃষ্টি

author img

By

Published : Jun 9, 2023, 11:38 AM IST

Man injured in Goalpara firing incident
গুলীবিদ্ধ অৱস্থাত উদ্ধাৰ এগৰাকী যুৱক

গুলীবিদ্ধ অৱস্থাত উদ্ধাৰ এগৰাকী যুৱক । যুৱকজনে নিজা পিষ্টলেৰে মূৰত গুলীয়াই আত্মহত্যাৰ চেষ্টা কৰাৰ সন্দেহ (Youth injured in Goalpara firing incident) । মুমূৰ্ষু অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰে যুৱকজনক ৷ তাৰ পাচত আহত যুৱকজনক গোৱালপাৰা চিভিল হাস্পতালত ভৰ্তি কৰোৱা হয় ।

গোৱালপাৰা, 9 জুন : গোৱালপাৰা হাদলাপাৰাত অঘটন । গোৱালপাৰা জিলাৰ শোলমাৰী হাদলাপাৰাৰ জংঘলত গুলীবিদ্ধ অৱস্থাত উদ্ধাৰ হৈছে এগৰাকী যুৱক (Youth try to commit suicide)। আৰক্ষীয়ে সন্দেহ কৰা অনুসৰি, যুৱকজনে এটা অবৈধ 7.5 এম এম পিষ্টলেৰে মূৰত গুলীয়াই আত্মহত্যাৰ চেষ্টা কৰে । যুৱকগৰাকী বিহাৰৰ ৰাহুল কুমাৰ বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে ৷

উল্লেখ যে, শুকুৰবাৰে পুৱা প্ৰায় 5 বজাত বিহাৰৰ ৰাহুল কুমাৰ নামৰ যুৱকজনে নিজৰ লগত অবৈধভাৱে ৰখা 7.5 এম এম পিষ্টলেৰে মূৰত গুলীয়ায় । তাৰ পাচত গুলীবিদ্ধ হৈ উক্ত স্থানতে ঢলি পৰে যুৱকজন । ইপিনে গুলিৰ শব্দ শুনি ঘটনাস্থলীৰ কাষতে থকা গাঁওখনৰ পৰা একাংশ লোক ওলাই আহি যুৱকজনক ৰক্তাক্ত অৱস্থাত গছৰ তলত ঢলি পৰি থকা প্ৰত্যক্ষ কৰে । তাৰ পাচতে খবৰ দিয়া হয় আগিয়া থানাৰ আৰক্ষীক (Youth suspect of trying to commit suicide) ৷

খবৰ লাভ কৰিয়েই গোৱালপাৰাৰ উপ আৰক্ষী অধীক্ষক অনিতা হাজৰিকাৰ নেতৃত্বত আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয় ৷ তাৰ পাচতে আৰক্ষীয়ে মুমূৰ্ষু অৱস্থাত যুৱকজনক উদ্ধাৰ কৰি চিকিৎসাৰ বাবে গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ শেহতীয়া খবৰ অনুসৰি, বৰ্তমান চিকিৎসকে যুৱকজনৰ অৱস্থা সংকটজনক দেখি উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে (Firing incident in Goalpara)।

ইতিমধ্যে ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে এটা 7.5 এমএম পিষ্টল, এটা ম’বাইল ফোন আৰু AS01-FE 6943 নম্বৰৰ এখন স্কুটি উদ্ধাৰ কৰে । গুলীবিদ্ধ আহত যুৱকজনৰ ঘৰ বিহাৰত যদিও বৰ্তমান গুৱাহাটীৰ ভূতনাথৰ শান্তিপুৰৰ এটা ভাৰাঘৰত বাস কৰি আছে বুলি উল্লেখ কৰে আৰক্ষীয়ে (Youth rescued with bullet injury) ৷

এতিয়া প্ৰশ্ন হয়, যুৱকগৰাকীয়ে আত্মহত্যা কৰিবলৈ ক’ত পালে এই অবৈধ পিষ্টলটো ? যদি যুৱকগৰাকী গুৱাহাটীৰ ভাৰতীয়া তেনেহ’লে ইমান পুৱা কেনেকৈ গোৱালপাৰা আহি পালে ? প্ৰকৃততে যুৱকগৰাকীয়ে নিজে মূৰত গুলীয়াই আত্মহত্যাৰ চেষ্টা কৰিছনে নে আন কোনোবাই তেওঁ গুলীয়াই থৈ গ’ল । এই ঘটনা সন্দৰ্ভত গোৱালপাৰা আৰক্ষীয়ে বৰ্তমান পৰ্যন্ত সাংবাদিকৰ আগত মুখ খোলা নাই ৷

লগতে পঢ়ক : Oil thief arrested: আৰক্ষীৰ জালত কুখ্যাত তেলচোৰ গগন ভূঞা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.