ETV Bharat / state

Oil thief arrested: আৰক্ষীৰ জালত কুখ্যাত তেলচোৰ গগন ভূঞা

author img

By

Published : Jun 9, 2023, 10:07 AM IST

ডিগবৈত কুখ্যাত তেলচোৰ গগন ভূঞাক গ্ৰেপ্তাৰ (Digboi police arrested Oil thief Gagan Bhuyan) ৷ অভিযুক্ত গগন ভূঞাৰ এটা গুডামৰ পৰা দুই হাজাৰ লিটাৰ কণ্ডেনচেট তেলসহ বিভিন্ন সঁজুলি জব্দ কৰিবলৈ সক্ষম হৈছে ৷

Digboi police arrested Oil thief Gagan Bhuyan
ডিগবৈ আৰক্ষীৰ জালত পৰিল গগন ভূঞা

তিনিচুকীয়া, ৯ জুন : দীৰ্ঘদিন ধৰি আৰক্ষীৰ চকুত ধূলি দি থকাৰ পাচত ডিগবৈ আৰক্ষীৰ জালত পৰিল গগন ভূঞা (Oil thief accused Gagan Bhuyan)৷ কুখ্যাত তেলচোৰ হিচাবে পৰিচিত গগন ভূঞাক বৃহস্পতিবাৰে ডিগবৈ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । জানিব পৰা মতে, ডিগবৈ-দুলীয়াজান পথৰ কাষৰ বৰজানস্থিত গগনৰ বাসগৃহৰ কাষতে থকা এটা চোৰাং তেলৰ গুদামত ডিগবৈ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দিব্যজ্যোতি দত্তৰ নেতৃত্বত চোলাৱা হৈছিল এক অভিযান ৷

Digboi police arrested Oil thief Gagan Bhuyan
ডিগবৈ আৰক্ষীৰ জালত পৰিল গগন ভূঞা

এই অভিযানতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে তেলচোৰৰ অভিযোগত অভিযুক্ত গগনক । জানিব পৰা মতে, এই অভিযান কালত ডিগবৈ আৰক্ষীয়ে গগনৰ গুদামৰ পৰা ২ হাজাৰ লিটাৰ কণ্ডেনচেট, কেইবাটাও ড্ৰাম, তেল চুৰি কাৰ্যত ব্যৱহৃত সামগ্ৰী আৰু এচ ২৩ ডব্লিউ ৮৮২৫ নম্বৰৰ বগা ৰঙৰ এখন ইঅন গাড়ী জব্দ কৰিবলৈ সক্ষম হয় (Digboi police arrested Oil thief Gagan Bhuyan) ।

উল্লেখ্য যে, অভিযুক্ত তেলচোৰ গগনে দীৰ্ঘদিন ধৰি বিভিন্ন কৌশলেৰে অইলৰ তেল চুৰি কৰি আহিছিল । জাগুন, অৰুণাচলৰ দাঁতি কাষৰীয়া বিভিন্ন অঞ্চলত হাজাৰ হাজাৰ লিটাৰ চুৰি তেল যোগান ধৰি এখন বৃহৎ চোৰাং তেলৰ বজাৰ চলাই আছিল গগনে । কিন্তু মুকলিকৈ এনেদৰে তেলৰ চোৰাং ব্যৱসায় চলাই থকাৰ পাচতো গগনক অইল ইণ্ডিয়া লিমিটেডৰ নিৰাপত্তাৰক্ষীয়ে আটক কৰিবলৈ সক্ষম নোহোৱাত ৰহস্যৰ সৃষ্টি হৈছে ।

এই চোৰাং কাৰ্যৰ লগত অইলৰ নিৰাপত্তাৰক্ষীৰো গোপন বুজাবুজি থকা বুলি সন্দেহ কৰা হৈছে । ইফালে ডিগবৈ আৰক্ষীয়ে অধিক তথ্য যুগুত কৰাৰ স্বাৰ্থত ক্ষীপ্ৰ গতিত তদন্ত আৰম্ভ কৰিছে । গগনৰ লগত এটা বৃহৎ তেলচোৰ চক্ৰ জড়িত থকাৰ সন্দেহ কৰি আৰক্ষীয়ে ৷ সেয়ে এনে অসাধু চক্ৰটোক পুলিয়ে পোখাই ওভালিবলৈ আৰক্ষীয়েও অভিযান আৰম্ভ কৰিছে ।

আনকি আৰক্ষীয়ে গগনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ১২০বি/৪২৭/৩৭৯/৪১১ ধাৰাত পেট্ৰ’লিয়াম এক্টৰ অধীনত ১২৫/২৩ নম্বৰত এক গোচৰ পঞ্জীয়ন কৰিছে বুলিও জানিব পৰা গৈছে ।

লগতে পঢ়ক : ATM fraud at Mariani: ATM সলনি কৰি দুষ্ট চক্ৰই লুটিলে ৰহিমুদ্দিন আলীৰ সাঁচতীয়া ধন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.