ETV Bharat / state

CBI Probes into Junmoni Rabha Death Case: পুনৰ আমিনা খাতুনক জেৰা চলালে CBI য়ে

author img

By

Published : Jun 22, 2023, 8:22 PM IST

জোনমণি ৰাভাৰ মৃত্যুৰ সন্দৰ্ভত ক্ষিপ্ৰগতিত চলিছে CBI ৰ জেৰা ৷ লখিমপুৰ আৱৰ্ত ভৱনত দ্বিতীয়বাৰৰ বাবে চিবিআইৰ জেৰাৰ সন্মুখীন হ’ব লগীয়া হয় লখিমপুৰৰ বৰচলাৰ আমিনা খাতুন ৷

CBI Probes into Junmoni Rabha Death Case
পুনৰ আমিনা খাতুনক জেৰা চলালে CBI য়ে

পুনৰ আমিনা খাতুনক জেৰা চলালে CBI য়ে

লখিমপুৰ, ২২ জুন : বৃহস্পতিবাৰে বিয়লি লখিমপুৰ আৱৰ্ত ভৱনত দ্বিতীয়বাৰৰ বাবে চিবিআইৰ জেৰাৰ সন্মুখীন হ’ব লগীয়া হয় লখিমপুৰৰ বৰচলাৰ আমিনা খাতুন ৷ জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত তদন্ত চলাবলৈ আহি মঙলবাৰে সন্ধিয়াৰ পৰা লখিমপুৰৰ আৱৰ্ত ভৱনত বাহৰ পাতি আছে চিবিআইৰ দলটো ৷ মঙলবাৰে জিলাখনত ভৰি থৈয়েই চিবিআইৰ দলটোৱে আমিনা খাতুনৰ ঘৰত উপস্থিত হৈ তেওঁৰ ভাষ্য গ্ৰহণ কৰে ৷

বুধবাৰৰ দিনটোত জোনমণি ৰাভাক তথ্য যোগান ধৰা হাচিনা বেগমসহ আমিনা খাতুনে জোনমণি ৰাভাক দিবলৈ টকা ধাৰ কৰা বুলি নাম উল্লেখ কৰা চাজিনা খাতুন, ৰজিবুলক চিবিআইৰ দলে আৱৰ্ত ভৱনত জেৰা কৰিছিল ৷ লগতে বঙালমৰা চকীৰ বিষয়া ৰাজকুমাৰ পেগু, লালুক থানাৰ চক্ৰ পৰিদৰ্শক ভি আই মালেশ্বৰ থীক আদিকো আৱৰ্ত ভৱনতে সোধা-পোছা কৰে বুলি জানিব পৰা গৈছিল ৷

পৰৱৰ্তী সময়ত বৃহস্পতিবাৰে পুৱা চিবিআইৰ দলটোৱে লখিমপুৰ সদৰ থানাত উপস্থিত হৈ বিভিন্ন নথি-পত্ৰ পৰীক্ষা কৰে ৷ ইয়াৰ ভিতৰত ১৮৩/২০২৩ নম্বৰৰ গোৰচটো সংক্ৰান্তত চিবিআইয়ে পৰীক্ষা কৰা বুলি ধাৰণা কৰা হৈছে ৷ কিয়নো সদৰ থানাৰ পৰা চিবিআইৰ দল উভতি অহাৰ পাচতে আমিনা খাতুনক পুনৰ সোধা পোছাৰ বাবে বিয়লি আৱৰ্ত ভৱনলৈ অনা হয় ৷

উল্লেখ্য যে, জোনমনি ৰাভাৰ বিৰুদ্ধে আমিনা খাতুনে লখিমপুৰ সদৰ থানাত এজাহাৰ দাখিল কৰিছিল ৷ যোৱা 6 মে’ নিশা তেওঁৰ বাসগৃহত জোনমণি ৰাভাৰ নেতৃত্বত অহা এটা দলে অভিযান চলাই তেওঁৰ পুত্ৰ আজগৰ আলীক আটক কৰি লৈ যোৱাৰ পিচতে 6 লাখ টকা দাবী কৰিছিল ৷

ইয়াৰ পিচদিনাই পুৱা আজগৰৰ পৰিয়ালে জোনমণি ৰাভাৰ লগত যোৱা দলটোৱ 6 লাখ টকা প্ৰদান কৰাত গাড়ীসহ মুকলি কৰি দিয়ে আজগৰক ৷ এই ঘটনাৰ পিচতে আজগৰৰ মাতৃ আমিনা খাতুনে 12 মে’ তাৰিখে লখিমপুৰ সদৰ থানাত এখন এজাহাৰ দাখিল কৰিছিল ৷ জোনমণি ৰাভাৰ মৃত্যুৰ পিচতে এই ঘটনাৰ লগত আজগৰ আলীৰ পৰিয়ালৰ নাম সাঙোৰ খাইছিল ৷

লগতে পঢ়ক: Junmoni Rabha death case: লখিমপুৰত তদন্ত অব্যাহত চিবিআইৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.