ETV Bharat / state

Sanskrit to Assamese Translated Book Released: সংস্কৃতৰ পৰা অসমীয়ালৈ অনুবাদ কৰা শাস্ত্ৰ “গংগাজল’’ গ্ৰন্থ উন্মোচন

author img

By

Published : Jul 24, 2023, 10:18 PM IST

Book release in Bihpuria
সংস্কৃতৰ পৰা অসমীয়ালৈ অনুবাদ কৰা শাস্ত্ৰ গংগাজল গ্ৰন্থ উন্মোচন

বিহপুৰীয়াৰ শ্ৰী শ্ৰী বিষ্ণু মন্দিৰৰ প্ৰাংগনত সোমবাৰে এখন ধৰ্মীয় গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয় ৷ অসমীয়ালৈ অনুবাদ কৰি উলিওৱা “গংগাজলম“ নামৰ শাস্ত্ৰ গ্ৰন্থখন উন্মোচন কৰা হয় ৷

সংস্কৃতৰ পৰা অসমীয়ালৈ অনুবাদ কৰা শাস্ত্ৰ গংগাজল গ্ৰন্থ উন্মোচন

বিহপুৰীয়া,24 জুলাই: লখিমপুৰ জিলা ব্ৰাহ্মণ সমাজৰ উদ্যোগত বিহপুৰীয়াৰ শ্ৰী শ্ৰী বিষ্ণু মন্দিৰৰ প্ৰাংগনত সোমবাৰে এখন ধৰ্মীয় গ্ৰন্থ উন্মোচনী সভা আয়োজন কৰা হয় ৷ লখিমপুৰ জিলা ব্ৰাহ্মণ সমাজৰ সভাপতি চন্দ্ৰ গোস্বামীৰ সভাপতিত্ব অনুষ্ঠিত হয় বিশেষ সভা ৷ উক্ত সভাতে বিহপুৰীয়াৰ সংস্কৃতত বিদগ্ধ পণ্ডিত, ব্ৰাহ্মণ সমাজৰ প্ৰাক্তন কাৰ্যকৰী সভাপতি হাস্যনাথ দেৱ শৰ্মা শাস্ত্ৰীয়ে সংস্কৃতৰ পৰা অসমীয়ালৈ অনুবাদ কৰি উলিওৱা “গংগাজলম“ নামৰ শাস্ত্ৰ গ্ৰন্থখন উন্মোচন কৰা হয় ৷

বিশেষকৈ ১৪ শ শতিকাতে দামোদৰ দেৱে সংস্কৃত ভাষাত ৰচনা কৰা গংগাজল নামৰ ধৰ্মী গ্ৰন্থখন হাস্যনাথ দেৱ শৰ্মা শাস্ত্ৰীয়ে দীৰ্ঘদিন ধৰি চলোৱা ত্যাগ আৰু প্ৰচেষ্টাত অসমীয়া ভাষালৈ অনুবাদিত হয় ৷ গংগাজলম নামাকৰণেৰে প্ৰকাশ কৰি উলিওৱা গ্ৰন্থখন সোমবাৰে এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত উন্মোচন কৰা হয় ৷ সভাত ব্ৰাহ্মণ সমাজৰ ৰাজ্যিক সমিতি , লখিমপুৰ আৰু বিশ্বনাথ জিলা সমিতিৰ লগতে দুয়োখন জিলাৰ আঞ্চলিক সমিতিসমূহৰ বিষয়ববীয়া তথা বিহপুৰীয়াৰ বহুসংখ্যক ৰাইজে অংশগ্ৰহণ কৰে ৷

প্ৰজ্বলিতা শৰ্মাই আঁত ধৰা অনুষ্ঠানটোত লখিমপুৰ জিলা ব্ৰাহ্মণ সমাজৰ সম্পাদক বিপুল শৰ্মাই আদৰণি ভাষণ দিয়াৰ লগতে গ্ৰন্থখন উন্মোচন কৰে সদৌ অসম ব্ৰাহ্মণ সমাজৰ প্ৰাক্তন সভাপতি সুনীল কুমাৰ গোস্বামী আৰু ৰাজ্যিক উপদেষ্টা সুৰেশ শৰ্মাই ৷ সভাত বিহপুৰীয়াৰ স্মৃতিসূৰ্য গোলোক চন্দ্ৰ হাজৰিকা, ৰাজ্যিক উপ-সভাপতি হৰিনাৰায়ণ শৰ্মাই ভাষণ প্ৰদান কৰে ৷

সংস্কৃত পণ্ডিত হাস্যনাথ দেৱ শৰ্মা শাস্ত্ৰীৰ এনে মহৎ প্ৰচেষ্টাক ভুয়সী প্ৰসংশা কৰে বিশিষ্ট ব্যক্তিসকলে ৷ গংগাজলম নামাকৰণেৰে প্ৰকাশ কৰি উলিওৱা এই গ্ৰন্থখনেই সমগ্ৰ অসমত পোন প্ৰথম বাৰৰ বাবে সংস্কৃতৰ পৰা অসমীয়াত প্ৰকাশ পোৱা একমাত্ৰ গ্ৰন্থ ৷

লগতে পঢ়ক:Harassment of students: ‘‘গাত দোষ নাই; বলি হ’ল গভীৰ ষড়যন্ত্ৰৰ’’; গ্ৰেপ্তাৰৰ পিচত মন্তব্য হেমন্ত শৰ্মাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.