Assam Assembly audit team: লখিমপুৰত অসম বিধানসভাৰ ৰাজহুৱা হিচাপ পৰীক্ষণ সমিতিৰ দল
Published: May 24, 2023, 10:32 PM


Assam Assembly audit team: লখিমপুৰত অসম বিধানসভাৰ ৰাজহুৱা হিচাপ পৰীক্ষণ সমিতিৰ দল
Published: May 24, 2023, 10:32 PM
লখিমপুৰ জিলাত চৰকাৰী বিভাগসমূহত চলি থকা বিভিন্ন কাম-কাজৰ অগ্ৰগতিৰ বুজ ল’লে অসম বিধানসভাৰ ৰাজহুৱা হিচাপ পৰীক্ষণ সমিতিৰ দলে ৷ বুধবাৰে জিলাখনত উপস্থিত হয় দলটো ৷
লখিমপুৰ, 24 মে’: অসম বিধানসভাৰ ৰাজহুৱা হিচাপ পৰীক্ষণ সমিতিৰ লখিমপুৰ জিলা ভ্ৰমণ ৷ বুধবাৰে জিলাখন ভ্ৰমণ কৰি কেইবাটাও দিশ বুজ লয় দলটোৱে ৷ ভ্ৰমণৰ সময়চোৱাত দলটোৱে লখিমপুৰ জিলাত বিগত 2020-21 বিত্তীয় বৰ্ষৰপৰা 2022-23 বিত্তীয় বৰ্ষৰ ভিতৰত বিভিন্ন বিভাগৰ জৰিয়তে ৰূপায়ণ কৰি থকা কেইবাখনো আঁচনিৰ অগ্ৰগতিৰ বুজ লয় ৷ লগতে আঁচনিসমূহৰ ফলপ্ৰসূ কার্যকাৰিতা আৰু উপযোগিতৰ খতিয়ান লয় (Assam Assembly audit team in Lakhimpur) ৷
সন্ধিয়া জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হোৱা এক পৰ্যালোচনা সভাতো দলটোৱে অংশগ্ৰহণ কৰে ৷ এই পৰ্যালোচনা সভাত বিভিন্ন চৰকাৰী বিভাগৰ অধীনত চলি থকা কাম-কাজৰ বিশদ আলোচনা কৰে ৷ এই পৰ্যালোচনা সভাত উপস্থিত থাকে জিলা উপায়ুক্ত সুমিত সত্তাৱান, জিলা উন্নয়ন আয়ুক্ত উৎপল বৰা, জিলা পৰিষদৰ কাৰ্যবাহী বিষয়া ত্ৰিপুৰেন্দ্ৰ পাটৰ, অতিৰিক্ত উপায়ুক্ত মনোৰমা মৰাং আৰু জিলাৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকল ৷
লগতে পঢ়ক: Man rescued in unconscious: জোনাইত মুমূৰ্ষ অৱস্থাত এজন লোকক উদ্ধাৰ
দক্ষিণ শালমৰা বিধানসভা সমষ্টিৰ বিধায়ক ৱাজেদ আলি চৌধুৰীৰ নেতৃত্বত অহা ৰাজহুৱা হিচাপ পৰীক্ষণ সমিতিৰ দলটোৰ আন আন সদস্যসকল হ’ল গহপুৰৰ বিধায়ক উৎপল বৰা, বিলাসীপাৰাৰ বিধায়ক হাফিজ বছিৰ আহমেদ, কৰিমগঞ্জৰ বিধায়ক কামলাক্ষ দে’ পুৰকায়স্থ, সোনাইৰ বিধায়ক কৰিম উদ্দিন বৰভূঞা, পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, মঙলদৈৰ বিধায়ক বসন্ত দাস, লখিমপুৰৰ বিধায়ক মানৱ ডেকা, লক্ষীপুৰৰ বিধায়ক কৌশিক ৰায়, দেৰগাঁৱৰ বিধায়ক ভবেন্দ্ৰ নাথ ভৰালী আৰু অতিৰিক্ত সচিব কুলেন শৰ্মা ৷
উল্লেখ্য যে, কিছুদিন পূৰ্বে এই দলটোৱে ডিফুত উপস্থিত হৈ পাহাৰীয়া জিলাখনত বিভিন্ন চৰকাৰী বিভাগত চলি থকা কাম-কাজৰ খতিয়ান লয় ৷ এই সময়ছোৱাত জিলাখনত চলি থকা কাম-কাজৰ অগ্ৰগতিক লৈ অসন্তুষ্ট নহয় বুলি মন্তব্য কৰে ৷
