ETV Bharat / state

Protest in Lakhimpur:সহস্রাধিক অংগনবাড়ী কৰ্মী আৰু সহায়িকাৰ ধৰ্ণাত কঁপিল লখিমপুৰ

author img

By ETV Bharat Assamese Team

Published : Oct 9, 2023, 2:49 PM IST

aganwadi worker and helper hold protest in lakhimpur
অংগনবাড়ী কৰ্মী আৰু সহায়িকাৰ ধৰ্ণা

দীর্ঘদিনীয়া সমস্যা সমাধানৰ দাবীত সোমবাৰে সহস্রাধিক অংগনবাড়ী কৰ্মী আৰু সহায়িকাই ধৰ্ণাৰে কঁপাই তোলে লখিমপুৰ নগৰ । নগৰৰ মাজেৰে সমদল কৰি জিলা সমাজ কল্যাণ বিভাগৰ কাৰ্যালয়ত ধৰ্ণা দি তেওঁলোকে উত্তাল পৰিৱেশৰ সৃষ্টি কৰে ।

অংগনবাড়ী কৰ্মী আৰু সহায়িকাৰ ধৰ্ণা

লখিমপুৰ, ৯ অক্টোবৰ : সহস্ৰাধিক অংগনবাড়ী কৰ্মী সহায়িকাৰ ধৰ্ণাত উত্তাল হ’ল লখিমপুৰ । সোমবাৰে সহস্রাধিক অংগনবাড়ী কৰ্মী সহায়িকাৰ ধৰ্ণাত উত্তাল হৈ পৰে লখিমপুৰ । লখিমপুৰ নগৰৰ জিলা সমাজ কল্যাণ বিভাগৰ কাৰ্যালয় ধৰ্ণাৰে কঁপাই তোলে অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে । অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ দীর্ঘদিনীয়া দাবী পূৰণৰ হকে তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ।

বিজেপি গ’ বেক, বিজেপি চৰকাৰ নিপাত যাওক, সমাজ কল্যাণ মন্ত্রী গ’ বেক, আমাৰ দাবী মানিবই লাগিব আদি শ্ল’গান দি প্ৰতিবাদকাৰী অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে সমাজ কল্যাণ বিভাগৰ কাৰ্যালয় কঁপাই তোলে । উল্লেখ্য যে, অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে তেওঁলোকৰ দাবীসমূহ পূৰণৰ হকে যোৱা ৩ অক্টোবৰৰ পৰা ৭ অক্টোবৰলৈ ৰাজ্যজুৰি জিলাৰ প্ৰকল্প ভিত্তিত প্ৰতিবাদ সাব্যস্ত কৰাৰ পাচত আজিৰে পৰা ১৬ অক্টোবৰলৈ জিলা ভিত্তিত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে ।

১৬ অক্টোবৰৰ পাচত তেওঁলোকে একত্রে ৰাজ্যিক পৰ্যায়ত প্ৰতিবাদ সাব্যস্ত কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰিছে । প্ৰতিবাদকাৰী অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে কয় অংগনবাড়ী কৰ্মীসকলক ১২ হাজাৰ আৰু সহায়িকাসকলক ১০ হাজাৰ টকা মজুৰি দিয়া, অৱসৰপ্ৰাপ্ত সকলক এককালীন সাহায্য প্ৰদান কৰা, প্ৰমোচনৰ ক্ষেত্রত বয়সৰ সীমা পৰিহাৰ কৰা আদিৰ দাবীত তেওঁলোকে এনেদৰে আন্দোলন কৰিবলগীয়া হৈছে । চৰকাৰে তেওঁলোকৰ দাবী মানি নল’লে আগন্তুক নিৰ্বাচনত সমগ্র অসমৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে ভোট বৰ্জন কৰিব বুলি চৰকাৰক সকীয়াই দিয়ে ।

প্ৰতিবাদকাৰী অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে আৰু কয় তেওঁলোকক অতি নিম্ন মানৰ কাপোৰ পিন্ধিবলৈ দিয়া হৈছে । মেচিনত বোৱা এই কাপোৰ এবাৰ ধোৱাৰ পাচত দ্বিতীয় বাৰ পিন্ধিব নোৱাৰা হয় বুলি ক্ষোভ প্ৰকাশ কৰি কাপোৰৰ সলনি তেওঁলোকক টকা দি নিজেই কিনি লোৱাৰ ব্যৱস্থা কৰি দিবলৈ অনুৰোধ জনাইছে । আনহাতে ২.৮৮ টকাত শিশুক খাদ্য খুৱাব নোৱাৰি বুলি উল্লেখ কৰি তেওঁলোকে কয় সোমবাৰে কণী খুৱাবলৈ নিৰ্দেশ দিয়া হৈছে যদিও ২.৮৮ টকাত কেনেদৰে খুৱাব সেইয়া চিন্তা কৰিবলৈ চৰকাৰক আহ্বান জনায় । আনহাতে চৰকাৰে যোগান ধৰা খাদ্যবস্তু শিশুৱে খাবলৈ নিবিচাৰে বুলিও তেওঁলোকে অভিযোগ তোলে । এই প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত তেওঁলোকে জিলা সমাজ কল্যাণ বিভাগৰ বিষয়াৰ জৰিয়তে সমাজ কল্যাণ বিভাগৰ সঞ্চালকলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।

লগতে পঢ়ক : Protest in Nagaon: অংগনৱাড়ী কৰ্মী-সহায়িকাক নিয়মীয়া কৰ্মচাৰী হিচাপে স্বীকৃতিৰ দাবী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.