ETV Bharat / state

Adarani Driver Protest : লখিমপুৰত আদৰণি সেৱাৰ চালকৰ অৱস্থান ধৰ্মঘট

author img

By

Published : Dec 22, 2022, 5:31 PM IST

শেহতীয়াকৈ অসম চৰকাৰৰ কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি বন্ধ কৰা হ'ব আদৰণি সেৱা (Decision to discontinue the Adarani scheme) । চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে লখিমপুৰত এই সেৱাৰ লগত জড়িত চালকসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে । চৰকাৰৰ সিদ্ধান্ত বাতিল কৰিবলৈ দাবী জনাইছে প্ৰতিবাদকাৰী চালকসকলে ।

Adarani Driver Protest
লখিমপুৰত আদৰণি সেৱাৰ চালকৰ অৱস্থান ধৰ্মঘট

লখিমপুৰত আদৰণি সেৱাৰ চালকৰ অৱস্থান ধৰ্মঘট

লখিমপুৰ, ২২ ডিচেম্বৰ : ৰাজ্যত শীঘ্ৰে বন্ধ হ'ব আদৰণি সেৱা (Decision to discontinue the Adarani scheme) । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কেবিনেটে গ্ৰহণ কৰা এই হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে আদৰণি সেৱাৰ চালক কৰ্মচাৰীসকল । এই সিদ্ধান্ত বাতিলৰ দাবীত ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ সাব্যস্ত কৰিছে আদৰণি সেৱাৰ চালকে(Adarani Driver Association Protest) ।

ৰাজ্য চৰকাৰে হাজাৰ হাজাৰ নিবনুৱাক নিযুক্তি প্ৰদানৰ প্ৰতিশ্ৰুতি দিয়াৰ সময়তে একাংশ কৰ্মচাৰী কৰ্মহীন হোৱাৰ উপক্রম ঘটিছে । চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে লখিমপুৰতো আদৰণি চালকে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে । লখিমপুৰত বৃহস্পতিবাৰে জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ৰ সন্মুখত চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদত বহিল আদৰণি সেৱাৰ চালকসকল (Adarani scheme driver protest at Lakhimpur)। তেওঁলোকে এটা দশক ধৰি আদৰণি বাহনৰ চালক হিচাপে কৰ্মৰত হৈ থকাৰ পাছত এতিয়া চৰকাৰে এই ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰি তেওঁলোকৰ জীৱনলৈ অন্ধকাৰ নমাই আনিব বুলি উদ্বেগ প্ৰকাশ কৰিছে চালকসকল ।

তেওঁলোকে উল্লেখ কৰা মতে নতুন বা বিকল্প চাকৰিৰ বাবে এতিয়া বয়সো নাই । সেয়ে আদৰণি সেৱা বন্ধ কৰিলেও তেওঁলোকক স্বাস্থ্য বিভাগৰ অন্য কোনো কামত নিযুক্তি দি জীয়াই থকাৰ সুবিধা কৰিবলৈ চৰকাৰক আহ্বান জনায় । প্ৰতিবাদস্থলীৰ পৰাই আদৰণি সেৱাৰ চালকসকলে জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ জৰিয়তে মুখ্যমন্ত্রী, স্বাস্থ্য মন্ত্রীলৈ এখন স্মাৰক পত্রও প্ৰেৰণ কৰে ।

উল্লেখ্য যে ২০১২ চনৰ পৰা স্বাস্থ্য বিভাগত সংযোজন ঘটাই প্ৰৱৰ্তন কৰা হৈছিল আদৰণি সেৱা । এই সেৱাৰ চালক হিচাপে ৰাজ্যত ৩৫০ গৰাকী নিবনুৱাক নিযুক্তি দিয়া হৈছিল । আদৰণি সেৱাই প্ৰসূতিসকলক বিনামূলীয়াকৈ চিকিৎসালয়ৰ পৰা ঘৰলৈ অনাৰ দায়িত্বত আছে । ইফালে ইয়াৰ দ্বাৰা বহু দৰিদ্ৰ পৰিয়াল উপকৃত হৈছে । ইয়াৰোপৰি কৰ'ণা মহামাৰীৰ জটিল সময়খিনিটো এই সেৱাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ।

ইফালে গুৱাহাটীৰ গান্ধী মণ্ডপত শেহতীয়াকৈ অনুষ্ঠিত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় । কেবিনেট বৈঠকত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি গৰ্ভৱতী মহিলাৰ বাবে থকা আদৰণি সেৱা এতিয়াৰে পৰা বন্ধ কৰা হ'ব (Cabinet decision on Adarani scheme)। তাৰ ঠাইত গৰ্ভৱতী মহিলাক চিকিৎসালয়ৰ পৰা অহা যোৱাৰ বাবদ ৭০০ টকা তেওঁৰ বেংক একাউণ্টত জমা দিয়া হ'ব বুলি সংবাদমেলত মুখ্যমন্ত্ৰী গৰাকীয়ে ঘোষণা কৰিছিল ।

লগতে পঢ়ক :Protest in Dibrugarh : আদৰণি সেৱা বন্ধৰ সিদ্ধান্তৰ বিৰোধিতাৰে ডিব্ৰুগড়ত প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.