ETV Bharat / state

AASU protest in Lakhimpur: বানপানী, খহনীয়া, সীমান্ত বিবাদকে ধৰি বিভিন্ন সমস্যা সমাধানৰ দাবী

author img

By

Published : May 28, 2022, 7:42 PM IST

AASU
লখিমপুৰত জিলা ছাত্র সন্থাৰ পথ অৱৰোধ

বিভিন্ন সমস্যাৰে জৰ্জৰিত লখিমপুৰৰ ৰাইজৰ হৈ আছুৰ প্ৰতিবাদ (AASU protest in Lakhimpur)। আছুৱে অৱৰোধ কৰিলে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ । বানপানী, খহনীয়া, সীমান্ত বিবাদকে ধৰি বিভিন্ন সমস্যা সমাধানৰ দাবীত আছুৰ প্ৰতিবাদ ।

লখিমপুৰ,২৮ মে' : বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত অসম । পৰিৱৰ্তনৰ শ্ল'গানেৰে দ্বিতীয় বাৰৰ বাবে বিজেপি দলে চৰকাৰ গঠন কৰিছে যদিও সমস্যাবোৰৰ সমাধান উলিওৱাত ব্যৰ্থ হৈছে চৰকাৰ । সীমান্ত সমস্যা, ঘাইপথৰ দুৰৱস্থা, মূল্যবৃদ্ধিকে ধৰি শেহতীয়াকৈ বানপানী আৰু খহনীয়াই ৰাজ্যৰ জনসাধাৰণক প্ৰভাৱিত কৰিছে (Various problem in Assam)।

AASU protest
লখিমপুৰত জিলা ছাত্র সন্থাৰ পথ অৱৰোধ

চৰকাৰৰ বিফলতাক লৈ বিভিন্ন সময়ত দল-সংগঠনসমূহে প্ৰতিবাদ কৰা দেখা গৈছে (Protest against Assam govt)। এইবাৰ লখিমপুৰত চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিলে সদৌ অসম ছাত্ৰ সন্থাই । লখিমপুৰ জিলাৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিলে ছাত্ৰ সন্থাৰ শ শ প্ৰতিবাদকাৰীয়ে (AASU blocked National Highway 15 in Lakhimpur)।

বানপানী, খহনীয়া, সীমান্ত বিবাদকে ধৰি বিভিন্ন সমস্যা সমাধানৰ দাবী

বিশেষকৈ বান, খহনীয়া, সীমা সমস্যা, ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থা আদি বিভিন্ন সমস্যাৰে জৰ্জৰিত লখিমপুৰ জিলাখন । কিন্তু এই সমস্যাবোৰ সমাধানত চৰকাৰ সম্পূৰ্ণ ব্যৰ্থ বুলি দাবী কৰে প্ৰতিবাদকাৰীসকলে ।

প্ৰতিবাদৰ জৰিয়তে অসম-অৰুণাচলৰ সীমা সমস্যা সমাধান, বিধ্বস্ত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতি, বান খহনীয়া সমস্যাৰ সমাধানৰ দাবী জনায় প্ৰতিবাদকাৰীসকলে । বিজেপি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীয়ে । চৰকাৰে অতি শীঘ্ৰে এই সমস্যাসমূহ সমাধান নকৰিলে ছাত্র সন্থাই ধাৰাবাহিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰি যাব বুলি চৰকাৰক সকীয়নি দিয়ে ।
জিলা ছাত্র সন্থাই অৱৰোধ থলীৰ পৰা জিলা প্ৰশাসনৰ জৰিয়তে মুখ্যমন্ত্রীলৈ এক স্মাৰক পত্রও প্ৰেৰণ কৰে ।

লগতে পঢ়ক :ৰাইজৰ ৰোষত দুৰ্যোগ ব্যৱস্থাপনা আৰু প্ৰশমন বিভাগৰ কেন্দ্ৰীয় প্ৰতিনিধি দল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.