ETV Bharat / state

ৰাইজৰ ৰোষত দুৰ্যোগ ব্যৱস্থাপনা আৰু প্ৰশমন বিভাগৰ কেন্দ্ৰীয় প্ৰতিনিধি দল

author img

By

Published : May 28, 2022, 4:58 PM IST

নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত বানপানীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে (Flood in Nagaon)। তাৰ মাজতে বানপীড়িত অঞ্চল পৰ্যবেক্ষণৰ বাবে যোৱা দুৰ্যোগ ব্যৱস্থাপনা আৰু প্ৰশমন বিভাগৰ এটা কেন্দ্ৰীয় প্ৰতিনিধি দলক উভতি ধৰিলে কামপুৰৰ বানাক্ৰান্ত ৰাইজে । দলটোৱে সঠিকভাৱে বানাক্ৰান্ত অঞ্চল পৰ্যবেক্ষণ নকৰাৰ অভিযোগ ৰাইজৰ । চৰকাৰী সাহাৰ্য নোপোৱাৰো অভিযোগ কৰিছে ৰাইজে ।

Flood in Nagaon
ৰাইজৰ ৰোষত দুৰ্যোগ ব্যৱস্থাপনা আৰু প্ৰশমন বিভাগৰ কেন্দ্ৰীয় প্ৰতিনিধি দল

বঢ়মপুৰ,২৮ মে' : ৰাজ্যৰ ভিন্ন প্ৰান্তত বানপানীয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিছে (Flood in Assam)। হাজাৰ হাজাৰ লোকে ঘৰ-দুৱাৰ হেৰুৱাইছে । গৃহহীন লোকসকলে এতিয়াও আশ্ৰয় শিবিৰতে আছে । ইফালে লাখ লাখ কৃষিভূমি বানৰ কৱলত পৰিছে ।

কিন্তু ইমানৰ পাছতো ৰাজ্যৰ ক্ষতিগ্ৰস্ত লোকসকলে চৰকাৰী সাহাৰ্য লাভ কৰা নাই । এইবাৰ একাংশ ক্ষতিগ্ৰস্ত লোকৰ ৰোষত পৰিল দুৰ্যোগ ব্যৱস্থাপনা আৰু প্ৰশমন বিভাগৰ কেন্দ্ৰীয় প্ৰতিনিধিৰ দল (ASDMA team in public outrage at Kampur)। কামপুৰত বান পৰিস্থিতি পৰ্যবেক্ষণ কৰিবলৈ আহি বিপদত পৰিল প্ৰতিনিধি দলটো । প্ৰতিনিধি দলটোৱে সঠিকভাৱে বান বিধ্বস্ত অঞ্চল পৰ্যবেক্ষণ নকৰাৰ অভিযোগ তুলিছে ৰাইজে ।

ৰাইজৰ ৰোষত দুৰ্যোগ ব্যৱস্থাপনা আৰু প্ৰশমন বিভাগৰ কেন্দ্ৰীয় প্ৰতিনিধি দল

উল্লেখ্য যে নগাঁও জিলাৰ কামপুৰৰ বহু অঞ্চল বানৰ কৱলত পৰিছে । ইতিমধ্যে অঞ্চলটোৰ ৰাইজ বৃহৎ পৰিমাণে ক্ষতিগ্ৰস্ত হৈছে । যাৰ বাবে অঞ্চলটো পৰ্যবেক্ষণৰ বাবে দুৰ্যোগ ব্যৱস্থাপনা আৰু প্ৰশমন বিভাগে এটা কেন্দ্ৰীয় প্ৰতিনিধি দল অঞ্চলটোলৈ প্ৰেৰণ কৰে (Central ASDMA team visits flood affected area)।

কামপুৰ ৰাজহ চক্ৰ বিষয়াৰ নেতৃত্বত আহিছিল দলটো । কিন্তু দলটোৱে দুই-এটা স্থান পৰিদৰ্শন কৰিয়ে উভতি যায় । যাৰ বাবে উভতি যোৱাৰ পথত দলটোক আৱদ্ধ কৰি ৰাখে বানাক্ৰান্ত ৰাইজে । প্ৰতিনিধি দলটোক ৰাইজে তেওঁলোকৰ সমস্যাসমূহ অৱগত কৰে আৰু ক্ষতিপূৰণৰ দাবী জনায় ।

আনহাতে বিগত প্ৰায় ১৫ দিন ধৰি অঞ্চলটোৰ ৰাইজ বানপানীৰ কৱলত আছে । কিন্তু মাত্ৰ এদিনহে চৰকাৰী সাহাৰ্য লাভ কৰাৰ অভিযোগ কৰিছে লোকসকলে । সেয়েহে বিধায়ক জিতু গোস্বামী আৰু চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰে বানাক্ৰান্ত ৰাইজে । বানাক্ৰান্ত ৰাইজৰ সমস্যাসমূহ অতি শীঘ্ৰে সমাধান কৰিবলৈও চৰকাৰৰ ওচৰত দাবী জনায় উত্তেজিত লোকসকলে ।

লগতে পঢ়ক :জল সম্পদ বিভাগ নহয়, খহনীয়া প্ৰতিৰোধৰ বাবে হাতে কামে লাগিছে গাঁৱৰ ৰাইজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.