ETV Bharat / state

AAP Protest: ৰন্ধন গেছৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে আপৰ প্ৰতিবাদ

author img

By

Published : Mar 4, 2023, 10:56 PM IST

ৰন্ধন গেছৰ মূল্য বৃদ্ধিয়ে কন্দুৱাইছে সাধাৰণ জনতাক ৷ শনিবাৰে ৰন্ধন গেছৰ মূল্যবৃদ্ধিৰ বিৰোধিতা কৰি লখিমপুৰত আপে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে (AAP Protest against cylinder price hike)। ৷

AAP Protest against LPG cylinder price hike
ৰন্ধন গেছৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে আপৰ প্ৰতিবাদ

ৰন্ধন গেছৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে আপৰ প্ৰতিবাদ

লখিমপুৰ, ৪ মাৰ্চ: 2023 বৰ্ষৰ পহিলা মাৰ্চতে পুনৰ ৰাজ্যবাসীক মাধমাৰ সোধাইছে ৰন্ধন গেছৰ মূল্যই (LPG cylinder price hike) ৷ দেশজুৰি প্ৰতিদিনে ৰন্ধন গেছকে ধৰি নিত্য প্রয়োজনীয় সা সামগ্রীৰ বিৰুদ্ধে আকাশলংঘী মূল্যবৃদ্ধিত পেপুৱা লাগিবলগীয়া হৈছে সাধাৰণ ৰাইজ। বিদ্যুৎ, ৰন্ধন গেছ, খাদ্য সামগ্রীৰ মূল্য বৃদ্ধিৰ বাবে সাধাৰণ ৰাইজৰ চৰুৰ তললৈ জুই নোযোৱা অৱস্থাৰ সৃষ্টি হৈছে(AAP Protest against cylinder price hike)।

ইয়াকে লৈ নিতৌ চৌদিশে প্ৰতিবাদৰ জোৱাৰ উঠিছে (Protest against price hike)। তথাপি মূল্যবৃদ্ধি ৰোধত চৰকাৰে কোনোধৰণৰ প্ৰয়োজনীয় পদক্ষেপ গ্রহণ কৰা নাই। শনিবাৰে মূল্যবৃদ্ধিৰ বিৰোধিতা কৰি লখিমপুৰত আম আদমি পাৰ্টি চমুকৈ আপে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷

প্ৰতিবাদকাৰীসকলে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত বিজেপি চৰকাৰ কাম নাই, বিজেপি চৰকাৰ গ’ বেক, মোডী চৰকাৰ কাম নাই, ৰন্ধন গেছৰ মূল্য বৃদ্ধি ৰোধ কৰক আদি শ্লোগানেৰে দি আপৰ প্ৰতিবাদকাৰী সকলে উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত উত্তাল পৰিৱেশৰ সৃষ্টি কৰে। প্ৰতিবাদস্থলীত আপৰ জিলা সমন্বয়ক স্বপ্না বৰুৱাই (AAP district coordinator Swapna Baruah) বিজেপিৰ বিৰুদ্ধে ক্ষোভ উজাৰি কয় যে এসময়ত চাৰিশ টকা চিলিণ্ডাৰৰ দাম হওতেঁ বিজেপিৰ নেতাই প্ৰতিবাদ কৰিছিল।

কিন্তু এতিয়া প্ৰতিটো চিলিণ্ডাৰৰ দাম ১২ শ টকা হোৱাৰ পিছতো নিমাত হৈ আছে বিজেপিৰ নেতৃত্ব। স্মৃতি ইৰাণীয়ে এতিয়া পাকঘৰ এৰিলে নেকি? চৰকাৰখনে সাধাৰণ ৰাইজৰ স্বাৰ্থৰ বিপৰীতে পুঁজিপতিৰ স্বাৰ্থৰ হকেহে কাম কৰাৰ দেখা গৈছে ৷ বিজেপিয়ে বন্ধু পুঁজিপতিকহে সহায় কৰাৰ কু-অভিসন্ধি কৰি আহিছে। বিজেপিৰ এনে অপকর্মসমূহ সাধাৰণ ৰাইজে প্ৰত্যক্ষ কৰিছে ৷ আগন্তুক নিৰ্বাচনত দিল্লীৰ পাচতে দিছপুৰৰ পৰাও বিজেপি চৰকাৰক ৰাইজে উৎখাত কৰিব ৷

সংশোধিত মূল্য অনুসৰি বৰ্তমান দিল্লীত 14.2 কিলোগ্ৰাম ঘৰুৱা চিলিণ্ডাৰৰ মূল্য 1,103 টকা, কলকাতাত 1,129 টকা, মুম্বাইত 1,112.5 টকা আৰু চেন্নাইত 1,113 টকা, গুৱাহাটীত ১,১৫২ টকা (Commercial LPG price up by Rs 350) ।

লগতে পঢ়ক: LPG Cylinder Price Hike : ঘৰুৱা এলপিজিৰ মূল্য 50 টকা বৃদ্ধি, বাণিজ্যিকৰ 350 টকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.