ETV Bharat / bharat

LPG Cylinder Price Hike : ঘৰুৱা এলপিজিৰ মূল্য 50 টকা বৃদ্ধি, বাণিজ্যিকৰ 350 টকা

author img

By

Published : Mar 1, 2023, 10:52 AM IST

বছৰটোত প্ৰথমবাৰৰ বাবে বৃদ্ধি পালে এলপিজি চিলিণ্ডাৰৰ মূল্য । তেল বিপণন কোম্পানীবোৰে ঘৰুৱা এলপিজি চিলিণ্ডাৰৰ মূল্য 50 টকাকৈ বৃদ্ধি কৰিছে (LPG price goes up by Rs 50 for domestic) । আনহাতে, বাণিজ্যিক চিলিণ্ডাৰৰো মূল্য ৩৫০ টকালৈ বৃদ্ধি পাইছে ।

LPG
LPG

নিউজ ডেস্ক, ১ মাৰ্চ : বছৰটোৰ তৃতীয় মাহৰ প্ৰথমটো দিনটো মাধমাৰ । চলিত বছৰত প্ৰথমবাৰৰ বাবে বৃদ্ধি পালে চিলিণ্ডাৰৰ মূল্য (LPG cylinder price hike) । ঘৰুৱা আৰু বাণিজ্যিক ব্যৱহাৰৰ দুয়োটা ক্ষেত্ৰতে চিলিণ্ডাৰৰ মূল্য বৃদ্ধি পাইছে । তেল বিপণন কোম্পানীবোৰে (Oil Marketing Companies, OMC) বুধবাৰে ঘৰুৱা চিলিণ্ডাৰৰ মূল্য প্ৰতিটোত ৫০ টকা আৰু বাণিজ্যিক চিলিণ্ডাৰৰ প্ৰতিটোৰ মূল্য ৩৫০ টকালৈকে বৃদ্ধি কৰিছে (LPG price goes up by Rs 50 for domestic) । সংশোধিত মূল্য অনুসৰি, বৰ্তমান দিল্লীত 14.2 কিলোগ্ৰাম ঘৰুৱা চিলিণ্ডাৰৰ মূল্য 1,103 টকা, কলকাতাত 1,129 টকা, মুম্বাইত 1,112.5 টকা আৰু চেন্নাইত 1,113 টকা হ'ব । আনহাতে, গুৱাহাটীত ইয়াৰ মূল্য হ'ব ১,১৫২ টকা । OMC সূত্ৰই প্ৰকাশ কৰা মতে, চলিত বছৰত ঘৰুৱা চিলিণ্ডাৰৰ মূল্যত এয়া হৈছে প্ৰথম বৃদ্ধি ।

আনহাতে, প্ৰতিটো চিলিণ্ডাৰত ৩৫০.৫০ টকা বৃদ্ধি কৰাৰ ফলত ১৯ কিলোগ্ৰামৰ বাণিজ্যিক এলপিজি চিলিণ্ডাৰৰ মূল্য দিল্লীত ২,১১৯.৫ টকা হ'ব (LPG price goes up by Rs 350 for commercial) । আনহাতে, কলকাতাত ২,২২১.৫ টকা, মুম্বাইত ২,১২৬ টকা আৰু চেন্নাইত ২,২৬৮ টকা ইয়াৰ বাবে ব্যয় হ'ব ।

উল্লেখ্য, ইটিভি ভাৰতে সামগ্ৰী তালিকাৰ পৃষ্ঠা পৰীক্ষা কৰাৰ সময়ত এই সংশোধিত মূল্য আজিৰ পৰা কাৰ্যকৰী হোৱা বুলি জানিব পৰা গৈছে (LPG cylinder price hike affected from 1 march) । উল্লেখ্য যে ঘৰুৱা চিলিণ্ডাৰৰ বাবে চলিত বছৰটোত এইটো প্ৰথম বৃদ্ধি হ'লেও ১ জানুৱাৰীত সমগ্ৰ দেশতে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ২৫ টকাকৈ বৃদ্ধি কৰা হৈছিল । এই বৃদ্ধিক কংগ্ৰেছে নৱবৰ্ষৰ উপহাৰ বুলি কটাক্ষ কৰিছিল ।

এইখিনিতে উল্লেখ কৰি থওঁ যে 2022 চনত ঘৰুৱা চিলিণ্ডাৰৰ মূল্য চাৰিটা পৰ্যায়ত সামগ্ৰিকভাৱে 153.5 টকা বৃদ্ধি কৰা হৈছিল । অন্তিমবাৰৰ বাবে ঘৰুৱা চিলিণ্ডাৰৰ মূল্য 6 জুলাই, 2022 তাৰিখে বৃদ্ধি কৰা হৈছিল । উক্ত বৰ্ষত প্ৰথমটো বৃদ্ধি ঘটিছিল ২২ মাৰ্চত । সেইবাৰ প্ৰতিটো ঘৰুৱা চিলিণ্ডাৰৰ মূল্য ৫০ টকাকৈ বৃদ্ধি কৰা হৈছিল । আনহাতে, ২০২২ চনৰ ৭ মে'ত এই মূল্য পুনৰ ৫০ টকা আৰু পুনৰবাৰ ২০২২ চনৰ ১৯ মে'ত অর্থাৎ একেটা মাহতে দুবাৰকৈ ৩.৫ টকা বৃদ্ধি কৰা হৈছিল । উল্লেখ্য যে তেল বিপণন কোম্পানীবোৰৰ প্ৰতি মাহে এলপিজি চিলিণ্ডাৰৰ মূল্য বৃদ্ধি কৰাৰ প্ৰথা আছে (OMCs raise LPG cylinder price) ।

লগতে পঢ়ক :LPG cylinders crisis: সাৱধান, ৪ মাৰ্চৰ পৰা বন্ধ হৈ পৰিব চিলিণ্ডাৰৰ যোগান !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.