ETV Bharat / state

Assam youth missing: কৰ্মৰ সন্ধান বিচাৰি গৈ সন্ধানহীন হ’ল লখিমপুৰৰ দেৱজ্যোতি

author img

By

Published : Jul 11, 2022, 6:34 PM IST

লখিমপুৰ জিলাৰ চুতীয়া কাঁড়ী গাঁৱৰ দেৱজ্যোতি শইকীয়া নামৰ যুৱকজন যোৱা 7 জুলাইত ৰেলেৰে ৰাওনা হৈছিল হায়দৰাবাদ অভিমুখে (Lakhimpur youth missing in Maldah) ৷ কিন্তু মালদহ ষ্টেচনত হঠাৎ সন্ধানহীন হৈ পৰা দেৱজ্যোতিৰ বৰ্তমানলৈকে কোনো শুংসূত্ৰ লাভ কৰা হোৱা নাই ৷

A Youth from the Lakhimpur district of Assam missing
A Youth from the Lakhimpur district of Assam missing

লখিমপুৰ, ১১ জুলাই: পেটৰ তাড়নাত বহিঃৰাজ্যত কাম কৰিবলৈ যোৱা বহু যুৱক সন্ধানহীন হোৱা নাইবা মৃত্যুৰ মুখত পৰাটো নতুন কথা নহয় (Youth missing in outer state of Assam)৷ শেহতীয়াকৈ তেনে এক ঘটনা পোহৰলৈ আহিছে লখিমপুৰত । কৰ্মৰ সন্ধানত হায়দৰাবাদলৈ যোৱা এজন যুৱক আধাবাটতে সন্ধানহীন হোৱাত চাঞ্চল্যৰ সৃষ্টি হৈছে (Lakhimpur youth missing in Maldah) ৷

কৰ্মৰ সন্ধান বিচাৰি গৈ সন্ধানহীন হ’ল লখিমপুৰৰ দেৱজ্যোতি

তথ্য অনুসৰি, লখিমপুৰ জিলাৰ চুতীয়া কাঁড়ী গাঁৱৰ দেৱজ্যোতি শইকীয়া নামৰ যুৱকজন যোৱা 7 জুলাইত ৰেলেৰে ৰাওনা হৈছিল হায়দৰাবাদ অভিমুখে ৷ তেওঁৰ লগত আছিল শহুৰেকৰ লগতে আন 6 জন সম্পৰ্কীয় লোক (Youth missing news)৷ আটায়ে আহিছিল কৰ্মৰ সন্ধানত ৷ কিন্তু মালদহ ষ্টেচনত হঠাৎ সন্ধানহীন হৈ পৰে দেৱজ্যোতি ৷

এই খবৰ পোৱাৰ লগে লগে কান্দোনত ভাগি পৰিছে যুৱকজনৰ মাতৃ ৷ পুত্ৰ নিৰুদ্দেশ হোৱাৰ শোকত খোৱালোৱা বাদ দিয়াত ক্ৰমে অসুস্থ হৈ পৰিছে মহিলা গৰাকী ৷

দেৱজ্যোতিক উদ্ধাৰৰ বাবে মুখ্যমন্ত্ৰীক কাতৰ অনুৰোধ জনোৱাৰ লগতে কোনো লোকে যুৱকজনৰ সন্ধান পালে আৰক্ষীৰে যোগাযোগ কৰিবলৈ আহ্বান জনাইছে তেওঁৰ মাতৃয়ে ৷ বৰ্তমানলৈকে যুৱকজনৰ কোনো শুংসূত্ৰ লাভ কৰা হোৱা নাই ৷

লগতে পঢ়ক : Man burnt alive in Nagaon: বৰলালুং গাঁৱৰ নৃশংস ঘটনাৰ লগত জড়িতৰ অভিযোগত ৫ জনক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.