ETV Bharat / state

VDP Foundation Day in Kokrajhar : কোকৰাঝাৰত গাঁওৰক্ষী বাহিনীৰ ৰাজ্যিক অধিৱেশন

author img

By

Published : Jan 29, 2023, 10:01 PM IST

VDP Foundation Day in Kokrajhar
কোকৰাঝাৰত গাঁওৰক্ষী বাহিনীৰ ৰাজ্যিক অধিৱেশন

কোকৰাঝাৰত সদৌ অসম গাঁওৰক্ষী বাহিনীৰ প্ৰতিষ্ঠা দিৱস উদযাপন (VDP foundation day in Kokrajhar)৷ উলিওৱা হ’ল বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা ৷ গাঁওৰক্ষী বাহিনীক সামাজিক আঁচনিৰ কামত ব্যৱহৃত কৰিলে লাভাম্বিত হ'ব বুলি মন্তব্য বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ ৷ আৰক্ষীৰ সৈতে গাঁওৰক্ষী বাহিনী সংযুক্ত হ'ব পৰাকৈ শীঘ্ৰেই এ’প মুকলি হ'ব বুলি মন্তব্য বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ ৷

কোকৰাঝাৰ, ২৯ জানুৱাৰী : কোকৰাঝাৰ চহৰৰ গ্ৰীণ ফিল্ডত শনিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা সদৌ অসম গাঁওৰক্ষী সংগঠনৰ ৰাজ্যিক অধিৱেশন আৰু ৭৪ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ(VDP foundation day) দেওবাৰে সফল সামৰণি পৰে (VDP foundation day in Kokrajhar)৷ সদৌ অসম গাঁওৰক্ষী বাহিনী ৰাজ্যিক অধিৱেশনথলীত দেওবাৰে অসমৰ ১৯ খন জিলাৰ প্ৰতিনিধিৰ উপস্থিতিত পুৱা গাঁওৰক্ষী সংগঠনৰ ৭৪ সংখ্যক প্ৰতিষ্ঠা দিৱসত সাংগঠনিক পতাকা উত্তোলন কৰে কোকৰাঝাৰ জিলাৰ আৰক্ষী অধীক্ষক পুষ্পৰাজ সিঙে (Kokrajhar SP Pushpraj Singh)৷

VDP Foundation Day in Kokrajhar
কোকৰাঝাৰত গাঁওৰক্ষী বাহিনীৰ ৰাজ্যিক অধিৱেশন

ইয়াৰ পাছত গাঁৱৰ সেৱাৰে আত্মবলিদান দিয়া প্ৰতিষ্ঠাপক ভিডিপি হৰি নাৰায়ণ বৰুৱাৰ(Village Defence Party Founder Hari Narayan Barua ) স্মৃতিত শ্বহীদ তৰ্পণ কৰে অসম গাঁওৰক্ষী সংগঠনৰ মুখ্য উপদেষ্টা ৰঞ্জিৎ মজুমদাৰ আৰু উপদেষ্টা পাৰ্থ প্ৰতিম দাসে ৷ ইয়াৰ পাছতে গ্ৰীণফিল্ডৰ পৰা কোকৰাঝাৰ চহৰৰ মাজ মজিয়াৰ ডনবস্ক’ চ’কলৈ এক বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় ৷ উক্ত শোভাযাত্ৰা পতাকা জোকাৰি শুভাৰম্ভ কৰে গোসাঁইগাঁও বি এড কলেজৰ অধ্যক্ষ ড৹ অজিত বড়োৱে ।

VDP Foundation Day in Kokrajhar
কোকৰাঝাৰত গাঁওৰক্ষী বাহিনীৰ ৰাজ্যিক অধিৱেশন

অধিৱেশনৰ সৈতে সংগতি ৰাখি বিয়লি এক মুকলি সভাও অনুষ্ঠিত হয় য'ত মুখ্য অতিথি হিচাবে উপস্থিত থাকে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী । নিজ ভাষণত বিশ্বজিৎ দৈমাৰীয়ে গাঁওৰক্ষী বাহিনীক ৰাজ্যৰ গাঁৱে-ভূঞে অব্যাহত থকা অসামাজিক কাম-কাজৰ প্ৰতি চোকা দৃষ্টি ৰাখি সমাজৰ এক অতন্দ্ৰ প্ৰহৰীৰ ভূমিকা পালন কৰিবলৈ আহ্বান জনায় ৷

VDP Foundation Day in Kokrajhar
কোকৰাঝাৰত গাঁওৰক্ষী বাহিনীৰ ৰাজ্যিক অধিৱেশন

গাঁওৰক্ষী বাহিনীক(Village Defence Party) অধিক দায়িত্ব অৰ্পণ তথা সামাজিক আঁচনিৰ কামত নিয়োজিত কৰাৰ পৰামৰ্শ দি বিশ্বজিৎ দৈমাৰীয়ে প্ৰতিগৰাকী যুৱককে কমেও পাঁচ বছৰকৈ গাঁওৰক্ষী বাহিনীত সেৱা আগবঢ়াবলৈ পৰামৰ্শ প্ৰদান কৰে ৷ তদুপৰি গাঁওৰক্ষী বাহিনীক অধিক সামাজিক আঁচনিত নিয়োজিত কৰিলে সমাজৰ অসহায় দৰিদ্ৰ লোকসকল উপকৃত হ'ব বুলি মন্তব্য তেওঁ মন্তব্য কৰে ৷ তেওঁ লগতে কয় যে, অৰুণোদয়, ৰেচন কাৰ্ড, প্ৰধানমন্ত্ৰীৰ গৃহ আৱাস যোজনা আৰু আয়ুস্মান কাৰ্ড আদি আঁচনিসমূহত আছে যদিও চৰকাৰী মানৱ শক্তি কম হোৱা হেতুকে বহু আঁচনি গাঁও অঞ্চলত ৰূপায়নৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি হৈছে আৰু সেয়েহে গাঁওৰক্ষী বাহিনীক উক্ত আঁচনি ৰূপায়নৰ কিছুমান কামত নিয়োজিত কৰিলে জনসাধাৰণ উপকৃত হ'ব বুলি মন্তব্য আগবঢ়ায় বিশ্বজিৎ দৈমাৰীয়ে ৷

আনহাতে মুকলি সভাত বিশিষ্ট অতিথি হিচাবে অসম আৰক্ষীৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং(Special DGP GP Singh) উপস্থিত থাকি গাঁওৰক্ষী সংগঠনৰ সমস্যাবোৰ সমাধানৰ আশ্বাস প্ৰদান কৰে ৷ গাঁওৰক্ষীসকলৰ সৈতে সংযুক্ত হোৱাৰ বাবে তথা যোগাযোগৰ সবিশেষৰ বাবে অসম আৰক্ষীয়ে এক বিশেষ এপ্‌ৰ প্ৰস্তুতি চলাইছে আৰু ইয়াৰ ফলত অসম আৰক্ষীয়ে গাঁওৰক্ষী বাহিনীৰ সৈতে তৎক্ষণাত যোগাযোগ কৰিব পাৰিব বুলি মন্তব্য কৰে জিপি সিঙে ৷

VDP Foundation Day in Kokrajhar
কোকৰাঝাৰত গাঁওৰক্ষী বাহিনীৰ ৰাজ্যিক অধিৱেশন

উল্লেখ্য যে, সদৌ অসম গাঁওৰক্ষী সংগঠনাৰ প্ৰতিষ্ঠা দিৱস আৰু ৰাজ্যিক অধিৱেশনথলীত ৰাজ্যৰ ১৯ খন জিলাৰ প্ৰতিনিধিৰ উপস্থিতিত গাঁওৰক্ষী বাহিনীৰ মাননী দহ হেজাৰ টকালৈ বৃদ্ধি কৰা, ৰাজ্যৰ প্ৰতিখন থানাত গাঁওৰক্ষী বাহিনীৰ প্ৰতিষ্ঠাপক সভাপতি হৰিনাৰায়ণ বৰুৱাৰ সোঁৱৰণত ভৱণ নিৰ্মাণকে ধৰি কেবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গৃহীত কৰে ৷

প্ৰণিধানযোগ্য যে, গাঁওৰক্ষী বাহিনী হ’ল অসমৰ সৰ্ববৃহৎ স্বেচ্ছাসেৱী সংগঠন আৰু সমগ্ৰ ৰাজ্যত ইয়াৰ ২৫ হাজাৰ গাঁও কমিটি আছে আৰু যাৰ সদস্য সংখ্যা প্ৰায় সাত লাখ বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: Ek Saran Bhagawati Samaj : ইলাৰাম দাসৰ প্ৰতি সশ্রদ্ধ প্ৰণিপাত মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.