Ek Saran Bhagawati Samaj : ইলাৰাম দাসৰ প্ৰতি সশ্রদ্ধ প্ৰণিপাত মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ

By

Published : Jan 29, 2023, 7:08 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

টীয়ক, 29 জানুৱাৰী : যোৰহাট জিলাৰ মেলেং মেটেলিস্থিত ইলাৰাম দাস বাপ ঈশ্বৰ ক্ষেত্ৰত অনুষ্ঠিত হৈ আছে একশৰণ ভাগৱতী সমাজৰ(Ek Saran Bhagawati Samaj) সোণালী জয়ন্তী বৰ্ষৰ প্ৰাদেশিক অধিৱেশন আৰু মহাপালনাম ৷ উক্ত প্ৰাদেশিক অধিবেশন আৰু মহাপালনামৰ তৃতীয় দিনা বিয়লি অনুষ্ঠিত মুকলি সভাত অংশগ্ৰহণ কৰে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (CM Himanta Biswa Sarma) ।

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ ভাষণত একশৰণ ভাগৱতী সমাজৰ প্ৰতিষ্ঠাতা আচাৰ্য ইলাৰাম দাসৰ(Spiritual reformer Ilaram Das) বৰ্ণময় জীৱনক শ্ৰদ্ধাৰে স্মৰণ কৰাৰ লগতে সম্ভাৱনাপূৰ্ণ এখন সমাজ গঢ়াৰ তেওঁৰ যি সপোন সেয়া সকলোৱে সাকাৰ কৰাৰ আহ্বান জনায় ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে কলিয়াবৰত থকা একশৰণ ভাগৱতী সমাজৰ পালনাম(Ek Saran Bhagawati Samaj Pal Naam) স্থানলৈ ২ কোটি টকা, গোলাঘাট জিলাৰ ৰংমনত থকা দেহেশ্বৰ বৰা থানৰ বাবে ১ কোটি আৰু নগাঁৱৰ বেবেজীয়াত থকা একশৰণ ভাগৱতী সমাজৰ কাৰ্যালয়ৰ বাবে ১ কোটি টকা, মুঠ ৪ কোটি টকাৰ আৰ্থিক অনুদানৰ কথা ঘোষণা কৰে ।

উত্তৰ কমলাবাৰী সত্ৰৰ(Uttar Kamalabari Satra) সত্ৰাধিকাৰ তথা আদৰণি সমিতিৰ সভাপতি জনাৰ্দন দেৱ গোস্বামীয়ে(Satradhikar Janardan Dev Goswami) আদৰণি ভাষণ প্ৰদান কৰা আৰু একশৰণ ভাগৱতী সমাজৰ অধ্যক্ষ প্ৰতাপ চন্দ্ৰ মেধিৰ সভাপতিত্বত অনুস্থিত সভাত অন্যান্যসকলৰ লগতে ভাগৱতী সমাজৰ আচাৰ্য দেহেশ্বৰ বৰা, মন্ত্ৰী অশোক সিংহল, যোৰহাট সংসদীয় সমষ্টিৰ তপন কুমাৰ গগৈ, ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাচা, মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী, যোৰহাট জিলাৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মন, যোৰহাট জিলা বিজেপিৰ সভাপতি হেমন্ত কলিতা, শান্তনু পূজাৰী আদি উপস্থিত আছিল ।

লগতে পঢ়ক: Asam Sahitya Sabha disputed land : নাৰায়ণপুৰ অধিৱেশনৰ প্ৰতিনিধি সভাত উত্থাপন হ'ব বিতৰ্কিত ভূমিৰ প্ৰসংগ

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.