11 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Sep 26, 2022, 11:03 AM IST

top-10-at-11am

11 বজাৰ শীৰ্ষ 10 টা বাতৰি

হিমাচল প্ৰদেশত ভয়ংকৰ দুৰ্ঘটনা, নিহত 10 জন

হিমাচল প্ৰদেশত ভয়ংকৰ দুৰ্ঘটনা ৷ কুল্লু জিলাত পৰ্যটক কঢ়িয়াই নিয়া এখন বাহনে নিয়ন্ত্ৰণ হেৰুওৱাই পথৰ কাষৰ দ খাৱৈত সোমোৱাত (Tempo fell into gorge in Himachal Pradesh) সাতজনকৈ লোক নিহত হোৱাৰ লগতে 10 জন লোক আহত হয় ৷

মাজুলীৰ পৰা বাংলাদেশলৈ গো-ধন সৰবৰাহ: গৰুসহ আটক চোৰাং সৰবৰাহকাৰী

বাংলাদেশলৈ গো সৰবৰাহ ৷ এইবাৰ মাজুলীৰ পৰা গৰুসহ আটক গৰুৰ চোৰাং সৰবৰাহকাৰী (Smugglers arrested in Majuli) ৷ মাজুলী জেংৰাইমুখ থানাৰ অন্তৰ্গত জেংৰাইমুখ বালিচাপৰি ঘাটৰ পৰা দেওবাৰে আটক কৰে সৰবৰাহকাৰীকেইটাক ৷ জেংৰাইমুখ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দিলীপ কুমাৰ চুতীয়াৰ নেতৃত্বত চলিছিল এই অভিযান (Cattle seized in Majuli) ৷

নগাঁৱৰ মহিলা হত্যাত জড়িত এজনক গ্ৰেপ্তাৰ

অৱশেষত ৰুমী দত্তৰ হত্যাকাণ্ডৰ লগত জড়িত এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰে নগাঁও আৰক্ষীৰ (Prime Accused of Woman Murder Case Arrested) ৷ গ্ৰেপ্তাৰ হোৱা লোকজন সুব্ৰত মজুমদাৰ ৷

তিনিচুকীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা: থিতাতে নিহত দুগৰাকী মহিলা

তিনিচুকীয়া জিলাৰ লংছোৱাল গুৰুকুলৰ সমীপত ভয়ংকৰ পথ দুৰ্ঘটনা (Road Accident) ৷ থিতাতে দুগৰাকী মহিলা নিহত হোৱাৰ বিপৰীতে আহত আন দুগৰাকী মহিলা ৷

জনজাতিকৰণৰ নামত ৰাজনীতি বন্ধ কৰক: চুতীয়া ছাত্ৰ সন্থা

জনজাতিকৰণৰ নামত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ দ্বায়িত্বত থকা বিজেপি দলক ৰাজনীতি বন্ধ কৰিবলৈ সকীয়নী প্ৰদান সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ ৷ চুতীয়াসকলক স্বায়ত্ব শাসন প্ৰদানৰ লগতে জনজাতিকৰণৰ দাবীত দেওবাৰে সন্ধিয়া মাজুলীত জোৰ সমদল বাহিৰ কৰে সদৌ অসম চুতীয়া ছাত্ৰ সন্থাই (Chutia Student Union protest) ৷

বাক্সাত দুৰ্গাপূজাৰ প্ৰস্তুতি তুংগত

সমাগত দুৰ্গা পূজা (Durga Puja 2022) ৷ ষষ্ঠীৰ বেদীত দেৱী কাত্যায়িনীক প্ৰতিষ্ঠা কৰিবলৈ সাজু ৰাজ্য তথা দেশবাসী ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বাক্সা জিলাতো চলিছে শাৰদীয় দুৰ্গোৎসৱৰ ব্যাপক প্ৰস্তুতি(Durga Puja Preparation at Barma) । বাক্সাৰ বৰমা বাৰোৱাৰী দুৰ্গাপূজাস্থলীতে মাঁ দুৰ্গাৰ প্ৰতিমা নিৰ্মাণত ব্যস্ত মৃৎশিল্পীসকল ।

বাক্সাত এনচিচি গোটৰ চাফাই অভিযান

বাক্সা জিলাৰ সূৱণখাটা হাইস্কুলৰ এনচিচিৰ ৩০ নং গোটে বিশ্ব নদী দিৱস (World Rivers Day) উপলক্ষে এক বিশেষ কাৰ্যসূচী গ্ৰহণ কৰে ৷ দেওবাৰে এনচিচিৰ কেডেটসকলে লগ লাগি পাগলাদিয়া নদীৰ পৰা সূৱণখাটাৰ মাজেৰে বৈ অহা জোপাদোং সুঁতিৰ আৱৰ্জনাসমূহ চাফা কৰে (Swachha Bharat Abhiyan in Baksa) ৷

চিৰাঙত জাফাৰ বিনামুলীয়া স্বাস্থ্য সেৱা শিবিৰ

দেওবাৰে জাৰ্নেলিষ্ট এচোচিয়েশ্যন ফ’ৰ আছাম চমুকৈ জাফাই চিৰাঙত আয়োজন কৰে এটা বিশেষ স্বাস্থ্য সেৱা শিবিৰ (JAFA organized Free health check-up camps) ৷ অতিকে দৰিদ্ৰ তথা শ্ৰমজীৱি তিনি শতাধিক লোকে এই স্বাস্থ্য সেৱাৰ সুবিধা গ্ৰহণ কৰে ।

প্ৰমোদ বড়োৰ বিৰুদ্ধে উঠা অভিযোগ খণ্ডন UPPL ৰ

BTR ৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৰ বিৰুদ্ধে ২৫ শতাংশ কমিছন লোৱাৰ লগতে উত্থাপিত বিভিন্ন অভিযোগ খণ্ডন UPPL ৰ(Allegations against Pramod Bodo) ৷ BTR ৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰীৰ খুলশালিয়েক পাৰিষদ মুনমুন ব্ৰহ্মৰ বিৰুদ্ধে UPPL দলে তৰিব মানহানিৰ গোচৰ ৷ সংবাদমেল যোগে এই মন্তব্য দেৱৰগাঁও ব্লক ইউপিপিএলৰ সাধাৰণ সম্পাদক অশোক গয়াৰীৰ(UPPL press conference) ।

নাৰায়ণপুৰৰ এগৰাকী উদ্যমী মহিলা: নিজে স্বাৱলম্বী হোৱাৰ লগতে আন বহুতক দিছে কৰ্মসংস্থাপন

লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ এগৰাকী উদ্যমী মহিলা ৷ নিজে স্বাৱলম্বী হোৱাৰ লগতে আন বহুতকো কৰ্মসংস্থাপন দিছে শিমলুগুৰিৰ উদ্যমী মহিলাগৰাকীয়ে (Self sufficient women provided employment others) ৷ মহিলাগৰাকীৰ নাম জ্যোতিৰেখা গগৈ ৷ উলৰ দ্বাৰা প্ৰস্তুত কৰা বিভিন্ন সামগ্ৰী বিক্ৰী কৰি স্বাৱলম্বীতাৰ নিদৰ্শন দাঙি ধৰিছে জ্যোতিৰেখাই ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.