নাৰায়ণপুৰৰ এগৰাকী উদ্যমী মহিলা: নিজে স্বাৱলম্বী হোৱাৰ লগতে আন বহুতক দিছে কৰ্মসংস্থাপন

By

Published : Sep 26, 2022, 9:31 AM IST

thumbnail

লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ এগৰাকী উদ্যমী মহিলা ৷ নিজে স্বাৱলম্বী হোৱাৰ লগতে আন বহুতকো কৰ্মসংস্থাপন দিছে শিমলুগুৰিৰ উদ্যমী মহিলাগৰাকীয়ে (Self sufficient women provided employment others) ৷ মহিলাগৰাকীৰ নাম জ্যোতিৰেখা গগৈ ৷ উলৰ দ্বাৰা প্ৰস্তুত কৰা বিভিন্ন সামগ্ৰী বিক্ৰী কৰি স্বাৱলম্বীতাৰ নিদৰ্শন দাঙি ধৰিছে জ্যোতিৰেখাই ৷ উলেৰে কুৰুচাৰ দ্বাৰা উন্নত মানৰ বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰাৰ লগতে বিনামূলীয়া প্ৰশিক্ষণো দি আহিছে গাঁওখনৰ বহু সংখ্যক মহিলা তথা কিশোৰ-কিশোৰীক ৷ প্ৰশিক্ষাৰ্থীসকলে প্ৰস্তুত কৰা সামগ্ৰীসমূহ অনলাইনযোগে বিক্ৰী কৰি নিজে স্বাৱলম্বী হোৱাৰ লগতে প্ৰশিক্ষাৰ্থীসকলৰো উপাৰ্জনৰ বাট মুকলাইছে জ্যোতিৰেখাই ৷ প্ৰথম অৱস্থাত প্ৰায় ৪০ গৰাকী স্থানীয় মহিলা, কিশোৰীক প্ৰশিক্ষণ দি সম্প্ৰতি তেওঁলোকৰ সহযোগিতাত এক সফল ব্যৱসায় চলাই গৈছে জ্যোতি ৰেখাই ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.