প্ৰমোদ বড়োৰ বিৰুদ্ধে উঠা অভিযোগ খণ্ডন UPPL ৰ

author img

By

Published : Sep 26, 2022, 9:36 AM IST

uppl press conference for grievance redressal

BTR ৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৰ বিৰুদ্ধে ২৫ শতাংশ কমিছন লোৱাৰ লগতে উত্থাপিত বিভিন্ন অভিযোগ খণ্ডন UPPL ৰ(Allegations against Pramod Bodo) ৷ BTR ৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰীৰ খুলশালিয়েক পাৰিষদ মুনমুন ব্ৰহ্মৰ বিৰুদ্ধে UPPL দলে তৰিব মানহানিৰ গোচৰ ৷ সংবাদমেল যোগে এই মন্তব্য দেৱৰগাঁও ব্লক ইউপিপিএলৰ সাধাৰণ সম্পাদক অশোক গয়াৰীৰ(UPPL press conference) ।

কোকৰাঝাৰ,২৫ ছেপ্টেম্বৰ: BTR ৰ শাসনাধিষ্ঠিত UPPL দল তথা BTR ৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৰ বিৰুদ্ধে ঠিকাদাৰৰ পৰা ২৫ শতাংশ কমিছন লোৱাকে ধৰি BTR ৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সভাপতি হাগ্ৰামা মহিলাৰীৰ খুলশালিয়েক তথা পাৰিষদ মুনমুন ব্ৰহ্মই অনা বিভিন্ন অভিযোগ খণ্ডন কৰিছে দলটোৱে(Allegations against Pramod Bodo) ৷ দেওবাৰে বিয়লি কোকৰাঝাৰ চহৰস্থিত UPPL দলৰ কেন্দ্ৰীয় কাৰ্যালয়ত আয়োজিত এক সংবাদ মেলত UPPL ৰ দেৱৰগাঁও ব্লক সমিতিৰ সাধাৰণ সম্পাদক অশোক গয়াৰীয়ে নস্যাৎ কৰিছে BPF ৰ পাৰিষদ মুনমুন ব্ৰহ্মৰ অভিযোগ(UPPL press conference) ৷

সংবাদমেলখনত মুনমুন ব্ৰহ্মক উভতি ধৰি UPPL ৰ ব্লক সাধাৰণ সম্পাদকগৰাকীয়ে কয় যে ২০২২-২৩ বিত্তীয় বৰ্ষত প্ৰমোদ বড়োৰ BTR পৰিষদীয় চৰকাৰখনে অসম চৰকাৰৰ পৰা মাথোঁ ৬৩০ কোটি টকাহে আনিব পাৰিছে বুলি অনা অভিযোগ একেবাৰে মিছা(UPPL refutes allegations against Pramod Bodo) ৷ আচলতে ২০২২-২৩ বিত্তীয় বৰ্ষত অসম চৰকাৰৰ পৰা BTR য়ে ৭২২ কোটি ৮৪ লাখ টকা লাভ কৰিছে ৷

প্ৰমোদ বড়োৰ বিৰুদ্ধে উঠা অভিযোগ খণ্ডন UPPL ৰ

আনহাতে BTR প্ৰধান প্ৰমোদ বড়োৱে ৩০০ কোটি সুকীয়াকৈ নিজৰ বিভাগৰ বাবে ৰাখি থৈছে বুলি অভিযোগ আনিছে যদিও সেয়া BTR অঞ্চলত নানা ধৰণৰ উন্নয়নমুলক কাম-কাজৰ বাবেহে ৰাখিছে ৷ সেয়া নিজৰ বাবে নহয় বুলি ষ্পষ্টীকৰণ দিয়ে সাধাৰণ সম্পাদকগৰাকীয়ে ৷ অশোক গয়াৰীয়ে কোৱা মতে মুনমুন ব্ৰহ্মই প্ৰমোদ বড়োৰ পৰিষদখন দুৰ্বল কৰিবলৈ ৰাইজৰ মাজত অপপ্ৰচাৰ চলাই বিভ্ৰান্তি সৃষ্টি কৰিব বিচাৰিছে ৷

ইফালে ঠিকাদাৰসকলৰ পৰা ২৫ শতাংশ কমিছন লোৱা তথা উক্ত কমিছনৰ টকা গণিবলৈ BTR ৰ সচিবালয়ৰ গোপন কোঠাত টকা গণা মেচিনৰ ব্যৱস্থা কৰা বুলি মুনমুন ব্ৰহ্মই উত্থাপন কৰা অভিযোগ মিছা বুলি সংবাদ মেলত UPPL ৰ নেতা গৰাকীয়ে সদৰি কৰে ৷ যদিহে মুনমুন ব্ৰহ্মই উত্থাপন কৰা অভিযোগসমূহ প্ৰমাণিত কৰিব নোৱাৰে তেন্তে UPPL দলে BPF ৰ পাৰিষদ মুনমুন ব্ৰহ্মৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰিব বুলিও সকিয়াই দিয়ে(UPPL file defamation case against Munmun Brahma) ৷

উল্লেখ্য যে BPF ৰ পাৰিষদ তথা BPF ৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ খুলশালীয়েক তথা পাৰিষদ মুনমুন ব্ৰহ্মই এখন ৰাজহুৱা সভাত BTR প্ৰধান প্ৰমোদ বড়োৰ বিৰুদ্ধে উক্ত অভিযোগপূৰ্ণ মন্তব্য আগবঢ়াইছিল ৷

লগতে পঢ়ক: শ্ৰেণীকোঠা এৰি আৰক্ষী থানা পালেগৈ এদল ছাত্ৰ-ছাত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.