ETV Bharat / state

Merchant Association Press Meet at Kokrajhar: RNB স্থানান্তৰক লৈ সৰৱ কোকৰাঝাৰৰ ব্যৱসায়ী সন্থা

author img

By

Published : Jan 20, 2023, 10:46 PM IST

কোকৰাঝাৰৰ ঐতিহ্যমণ্ডিত RNB হস্পিতাল স্থানান্তৰকৰণক লৈ ব্যাপক প্ৰতিক্ৰিয়া ৷ কোকৰাঝাৰ ব্যৱসায়ী সন্থা, এবিএমছু , বনছু, লায়নছ ক্লাৱ সহ বিভিন্ন দল সংগঠনৰ তীব্ৰ বিৰোধিতা কৰে স্থানান্তৰকৰণৰ ৷ শনিবাৰে নাগৰিক সমাজৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ প্ৰদান কৰে সংবাদমেল যোগে(Merchant Association Press Meet at Kokrajhar) ।

Govt order to relocate RNB civil hospital
RNB হস্পিতাল স্থানান্তৰকৰণক লৈ ব্যাপক প্ৰতিক্ৰিয়া

কোকৰাঝাৰ,২০ জানুৱাৰী: কোকৰাঝাৰ আৰ এন বি হাস্পতাল কোকৰাঝাৰ মেডিকেল কলেজলৈ স্থানান্তৰকৰনৰ প্ৰক্ৰিয়াৰ তীব্ৰ বিৰোধিতা কৰিছে কোকৰাঝাৰৰ ব্যৱসায়ী সন্থা তথা বিভিন্ন দল সংগঠনে ৷ শুকুৰবাৰে সন্ধিয়া কোকৰাঝাৰ চহৰৰ মাৰ্চেণ্ট কালীবাৰীত এক সংবাদমেল সম্বোধন(Merchant Association Press Meet at Kokrajhar) কৰি কোকৰাঝাৰ ব্যৱসায়ী সন্থাৰ সাধাৰণ সম্পাদক সন্দীপ দত্তই কোকৰাঝাৰ আৰ এন বি অসামৰিক হাস্পতালক স্থানান্তৰিত কৰা কাৰ্যত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি চৰকাৰৰ এই সিদ্ধান্তৰ ঘোৰ বিৰোধিতা কৰে(Govt order to relocate RNB civil hospital) ৷

উক্ত ঐতিহ্যমণ্ডিত হাস্পতালখন কোকৰাঝাৰ চহৰৰ পৰা ৮ কিলোমিটাৰ দূৰত্বৰ বেচৰগাঁৱৰ মেডিকেল কলেজলৈ উঠাই নিলে চহৰৰ লগতে চহৰখনৰ পাৰ্শ্বৱৰ্তী অঞ্চলৰ চিকিৎসা সেৱাত ৰোগীসকলৰ আলৈ আথনি তথা হাৰাশাস্তিৰ হ'ব বুলি শংকা ব্যক্ত কৰে ৷ তেনেক্ষেত্ৰত কোকৰাঝাৰৰ বৃহত্তৰ ৰাইজৰ স্বাৰ্থত কোকৰাঝাৰ আৰ এন বি হাস্পতালক স্থানান্তৰিত কৰা সিদ্ধান্তক বাতিল কৰাৰ আহ্বান জনাই সন্থাৰ সাধাৰণ সম্পাদক গৰাকীয়ে ৷

সংবাদমেলত উপস্থিত থকা কোকৰাঝাৰ আৰু চিৰাং জিলা মেডিকেল ডিলাৰছৰ সম্পাদক গকুল দেবনাথে কোকৰাঝাৰ আৰ এন বি হাস্পতালখন পূৰ্বৰ দৰে বাহাল ৰখাৰ দাবী উত্থাপন কৰে ৷ উল্লেখ্য যে, সংবাদমেলত বিপিএফৰ পাৰিষদ দনেশ্বৰ গয়াৰী, এবিএমছুৰ মুখ্য সাংগঠনিক সম্পাদক জাহিদুল ইছলাম, এবিএমছুৰ জিলা সভাপতি নজৰুল ইছলাম, বনছুৰ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক হেম চন্দ্ৰ ব্ৰহ্ম, লায়নছ ক্লাৱৰ জিলা সভাপতি মোহিত নাহাটা আৰু কোকৰাঝাৰ ব্যৱসায়ীক সন্থাৰ বিভিন্ন নেতৃবৃন্দ উপস্থিত থাকে ৷

লক্ষণীয় বিষয় এই যে ৰাজ্য চৰকাৰে কোকৰাঝাৰ আৰ এন বি হাস্পতাল অহা ৩১ জানুবাৰীৰ ভিতৰত কোকৰাঝাৰ চহৰৰ পৰা ৮ কিলো’মিটাৰ নিলগৰ বেচৰগাঁওস্থিত নতুনকৈ নিৰ্মিত কোকৰাঝাৰ মেডিকেল কলেজলৈ স্থানান্তৰিত কৰাৰ কৰাৰ নিদেৰ্শনা জাৰি কৰিছিল ৷ চৰকাৰৰ এই নিৰ্দেশৰ পিছৰে পৰা কোকৰাঝাৰত তীব্ৰ প্ৰতিক্ৰিয়া আৰু প্ৰতিবাদ অব্যাহত আছে ৷ ইফালে চৰকাৰৰ উক্ত সিদ্ধান্তৰ বিৰুদ্ধে কাইলৈ অৰ্থাৎ শনিবাৰে কোকৰাঝাৰ আৰ এন বি হাস্পতালৰ সন্মুখত নাগৰিক সমাজে পুৱা ৯-৩০ বজাৰ পৰা চাৰি ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি কোকৰাঝাৰ ব্যৱসায়ী সন্থাৰ সাধাৰণ সম্পাদক সন্দীপ দত্তই জানিবলৈ দিয়ে ৷

উল্লেখ্য যে ঐতিহ্যমণ্ডিত হাস্পতালখন স্থানান্তৰ সন্দৰ্ভত মন্তব্য আগবঢ়াইছিল বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে(BTR Chief Promad Boro Reaction) ৷ তেওঁ কৈছিল যে কোকৰাঝাৰ মেডিকেল কলেজ(Medical College in Kokrajhar) আৰু কোকৰাঝাৰ চহৰৰ মাজৰ দূৰত্ব বেছি নহয় ৷ মেডিকেল কলেজত উন্নত মানৰ সকলো সা-সুবিধাই পাব ৷ কোকৰাঝাৰ চহৰৰ ৰাইজৰো যাতে জৰুৰীকালীন কোনো অসুবিধা নহয় তাৰ বাবে আৰ এন বি অসামৰিক হাস্পতালৰ চৌহদতে ব্যৱস্থা কৰা হ’ব ৷ ইয়াৰ বাবে আলোচনা কৰি থকা হৈছে বুলি উল্লেখ কৰিছিল বড়োৱে ।

লগতে পঢ়ক: Kalija aita is Sick: সকলোৰে মৰমৰ ‘কলিজা আইতা’ জি এম চি এইচৰ আই চি ইউত চিকিৎসাধীন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.