ETV Bharat / state

কোকৰাঝাৰত KLO ৰ নামত ধনদাবী: ত্ৰস্তমান ব্যৱসায়ী-ঠিকাদাৰ

author img

By

Published : Jun 10, 2022, 10:44 PM IST

Pressmeet of DSP at Kokrajhar
কোকৰাঝাৰত কেএলঅ'ৰ নামত ধনদাবী: ত্ৰস্তমান ব্যৱসায়ী, ঠিকাদাৰ

কোকৰাঝাৰত কেএলঅ'ৰ নামত ধনদাবী ৷ ত্ৰস্তমান ব্যৱসায়ী-ঠিকাদাৰ ৷ পৰিৱেশ বিঘ্নিত কৰিব খোজাসকলক ৰেহাই দিয়া নহ'ব বুলি কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষক প্ৰতীক বিজয় থুবেৰ কঠোৰ সকিয়নী ৷

কোকৰাঝাৰ ১০ জুন : কোকৰাঝাৰ জিলা আৰু ইয়াৰ সীমান্তৱৰ্তী অঞ্চলসমূহত ক্ৰমান্বয়ে বৃদ্ধি পাইছে ধনদাবীৰ ঘটনা । কেএলঅ'ৰ নামত ইতিমধ্যে বিভিন্ন ঠিকাদাৰ, ব্যৱসায়ী, অনুষ্ঠান-প্ৰতিষ্ঠান আদিক ব্যাপক হাৰত ধনদাবী কৰা হৈছে ৷ কেএলঅ' ৰ নামত ধনদাবী পত্ৰ প্ৰেৰণ কৰাৰ উপৰিও ফোনযোগেও ধন আদায় দিয়াৰ নিৰ্দেশ দিছে ।

বছা বছা কিছুমান ব্যৱসায়ীক ফোনযোগে কোৱা হৈছে যে, আপুনি কমতাপুৰত থাকিবলৈ হ'লে কেএলঅ'ক দিব লাগিব মাটিৰ ভাড়া । মাটিটো আপোনাৰ নামত থাকিব পাৰে কিন্তু সেই মাটি ঐতিহাসিকভাৱে কমতাপুৰৰ আৰু ধন আদায় অবিহনে বিষম পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব বুলিও সকিয়নী প্ৰদান কৰিছে কেএলঅ'ই ।

আনহাতে, ফোনযোগে দিয়া ভাবুকিৰ পিছতে বিভিন্ন ঠিকাদাৰ, ব্যৱসায়ী ত্ৰস্তমান হৈ পৰিছে । ইপিনে আৰক্ষীৰ এক উচ্চপদস্থ সূত্ৰই সদৰী কৰা মতে, কেএলঅ'ৰ অধ্যক্ষ জীৱন কোচৰ অজ্ঞাতে কেএলঅ'ৰ এটা গোটে কূটাঘাতমূলক কাম, ধনদাবী আদিৰ ভাবুকি দি আহিছে । উক্ত বিপথগামী যুৱকৰ দলটোৰ নেতৃত্ব দিছে পাৰ্থ প্ৰতিম বৰ্মন ওৰফে পাভেল ওৰফে বাপ্পাই । একাংশ ধনদাবী পত্ৰতো পাভেলৰ চহী প্ৰত্যক্ষ কৰা হৈছে ।

বিশেষ সূত্ৰটোৱে এইবুলিও উল্লেখ কৰে যে, যিসময়ত কেএলঅ'ৰ অধ্যক্ষ জীৱন কোচে মূলসুঁতিলৈ ঘূৰি আহিবলৈ কুচকাৱাজ আৰম্ভ কৰিছিল তেনেসময়তে কেএলঅ'ৰ বৈদেশিক সচিব পাৰ্থ প্ৰতিম বৰ্মন ওৰফে পাভেল ওৰফে বাপ্পাই বাধাৰ প্ৰাচীৰ হিচাপে থিয় দিছে ।

ইফালে কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষক কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত শুকুৰবাৰে বিয়লি আয়োজিত এক সংবাদমেলত জিলা আৰক্ষী অধীক্ষক(Pressmeet of SP Kokrajhar) প্ৰতীক বিজয় থুবেই বিগত ৪ জুনত সংঘটিত হোৱা গুলীচালনাৰ সমগ্ৰ তথ্য আৰক্ষীৰ হাতত মজুত আছে বুলি সদৰী কৰে । ইফালে, কেএলঅ'ক তথ্য যোগান দিয়া সকলক গ্ৰেপ্তাৰ কৰা হৈছে আৰু শান্তিময় পৰিৱেশ বিঘ্নিত কৰিব খুজিলে প্ৰশাসনকো ৰেহাই নিদিয়ে বুলি স্পষ্ট কৰি দিয়ে আৰক্ষী অধীক্ষকগৰাকীয়ে ।

লগতে পঢ়ক : সেৰফাংগুৰীৰ গুলীচালনাৰ ঘটনাত জড়িত মডেলসহ ছজনক গ্ৰেপ্তাৰ: ঘটনাৰ আঁৰত KLO !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.