ETV Bharat / state

বড়োসকলৰ বিখ্যাত বাগুৰুম্বা-দাউশ্ৰী দেলাই লোকনৃত্যক বিকৃত ৰূপত উত্থাপনৰ অভিযোগ

author img

By

Published : Dec 15, 2021, 10:07 PM IST

এনটিপিচিৰ উত্তৰ-পূৱ মহোৎসৱ(North East Festival)ত বড়োসকলৰ বিখ্যাত বাগুৰুম্বা(Bagurumba Dance), দাউশ্ৰী দেলাই লোকনৃত্যক বিকৃত ৰূপত উত্থাপনৰ অভিযোগ ৷ শ্ৰীভূমি অসম সাংস্কৃতিক গোষ্ঠী(Sreebhumi Asom Sanskritik Gusthi)ৰ বিৰুদ্ধে কোকৰাঝাৰ থানাত এজাহাৰ দাখিল বড়ো সাংস্কৃতিক সন্থাৰ ৷

fir against sreebhumi asom sanskritik gusthi
সদৌ বড়ো সাংস্কৃতিক সন্থাৰ সংবাদমেল

কোকৰাঝাৰ 15 ডিচেম্বৰ : কোকৰাঝাৰ জিলাৰ ছালাকাটিস্থিত এন টি পি চি ষ্টেডিয়াম খেলপথাৰত এন টি পি চিৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছিল উত্তৰ-পূৱ মহোৎসৱৰ ৷ অনুষ্ঠানত জনগোষ্ঠীয় সংস্কৃতি প্ৰদৰ্শনৰ নামত বড়োসকলৰ বিখ্যাত বাগুৰুম্বা(Bodo's Bagurumba Dance), দাউশ্ৰী দেলাই লোক নৃত্যক বিকৃত ৰূপত উত্থাপনৰ কৰি বড়ো সংস্কৃতিক তুচ্ছ-তাচ্ছিল্য আৰু অপমানিত কৰাৰ অভিযোগ কৰিছে দুলাৰায় বড়ো হাৰিমু আফাত অৰ্থাৎ সদৌ বড়ো সাংস্কৃতিক সন্থা ৷ বিশেষকৈ বাগুৰুম্বা লোকনৃত্যৰ কোনো ধৰণৰ শৈলী, সাজ-পোছাক সঠিক ৰূপত উপস্থাপন নকৰাকৈ একমাত্ৰ নিজৰ ইচ্ছা অনুযায়ী বাগুৰুম্বা নৃত্যৰ প্ৰকৃত ৰূপ-শৈলীক বিকৃত কৰাৰ অভিযোগ কৰে সন্থাই ৷

বাগুৰুম্বা লোকনৃত্য প্ৰদৰ্শনক লৈ ইতিমধ্যে শ্ৰীভূমি অসম সাংস্কৃতিক গোষ্ঠীৰ বিৰুদ্ধে কোকৰাঝাৰ থানাত এজাহাৰ দাখিল কৰিছে সন্থাই ৷ কোকৰাঝাৰ চহৰৰ বাগানশালিস্থিত সদৌ বড়ো সাংস্কৃতিক সন্থাৰ কাৰ্যালয়ত মঙলবাৰে এক সংবাদমেলৰ আয়োজন কৰি এই কথা সদৰি কৰে সন্থাৰ সভাপতি যজ্ঞেশ্বৰ ব্ৰহ্ম আৰু মুখপাত্ৰ সঞ্জীৱ কুমাৰ ব্ৰহ্মই ৷ নেতাদ্বয়ে অভিযোগ কৰা অনুসৰি শ্ৰীভূমি অসম সাংস্কৃতিক গোষ্ঠীৰ নেতৃত্ব বহন কৰা দিলীপ হীৰাই ‘ফিউজন’ৰ দোহাই দি বড়োসকলৰ বাগুৰুম্বা আৰু দাউশ্ৰী দেলাই নৃত্যক সম্পূৰ্ণভাৱে আৰু ইচ্ছাকৃতভাৱে বিকৃত কৰিছে ৷

যজ্ঞেশ্বৰ ব্ৰহ্ম আৰু মুখপাত্ৰ সঞ্জীৱ কুমাৰ ব্ৰহ্মই শ্ৰীভূমি অসম সাংস্কৃতিক গোষ্ঠীয়ে ইয়াৰ জৰিয়তে বড়ো সংস্কৃতিক বিকৃত আৰু অপমানিত কৰাই নহয়, বড়ো সংস্কৃতিত আঘাত হানিছে ৷ তেওঁলোকে দিলীপ হীৰাক এই ক্ষেত্ৰত কোনো কাৰণতে ক্ষমা কৰা নহ’ব বুলি স্পষ্ট কৰি দি পাৱত গজা সাংস্কৃতিক গোষ্ঠীসমূহক বিকৃত নৃত্য প্ৰদৰ্শনৰ অনুমতি নিদিবলৈ সঁকিয়াই দিয়ে ৷ উল্লেখ্য যে, বড়োসকলৰ কৃষ্টি-সংস্কৃতিক আন জাতি-জনগোষ্ঠীয়ে শিকাত বা প্ৰদৰ্শন কৰাত কোনো আপত্তি নাই ৷ কিন্তু তেওঁলোকৰ সংস্কৃতি যাতে বিকৃত ৰূপত উপস্থাপন কৰা নহয় তাৰবাবে সাৱধান হ’বলৈ সদৌ বড়ো সাংস্কৃতিক সন্থাই সকলো পক্ষকে সাৱধান কৰি দিয়ে ৷

লগতে পঢ়ক : স্বামী ভাস্কৰৰ সৈতে দিল্লীত নৃত্য কৰি চৰ্চাত বৰষা ৰাণী বিষয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.